নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰ, যোৰহাট, গোলাঘাটত বিজেপিৰ সদস্যতা অভিযান

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ ছেপ্টেম্বৰঃ বিজেপিৰ সদস্যতা লাভ মানে ব্যক্তিসেৱা নহয়। প্ৰকৃততে এই দলটো সমাজসেৱা, দেশসেৱা আৰু মানৱসেৱাৰ মাধ্যম। জনসাধাৰণৰ হিতাৰ্থে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত মহৎ উদ্দেশ্য লৈ সমৰ্সিত সেৱা আগবঢ়াই অহাৰ বাবেই বিজেপি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দললৈ ৰূপান্তৰিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শিৱসাগৰ, যোৰহাট, গোলাঘাটত ভাৰতীয় জনতা পাৰ্টীৰ সদস্যতা অভিযানৰ নেতৃত্ব দি এই মন্তব্য কৰে। সোণোৱালে উল্লেখ কৰে, “সদস্যতা অভিযানৰ প্ৰতি সৰ্বস্তৰৰ ৰাইজে জনোৱা অভূতপূৰ্ব সঁহাৰি-সমৰ্থনে আমাক আপ্লুত কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হ’বলৈ আপোনালোকেও মিছ্‌ড কল দিয়ক: ৮৮ ০০ ০০ ২০২৪ নম্বৰত৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে দলটোৰ সৈতে সংযুক্ত হ’বলৈ সৰ্বস্তৰৰ ৰাইজক আন্তৰিকতাৰে আহ্বান জনালোঁ।” গোলাঘাট জিলাক সামৰি উক্ত কাৰ্যসুচীৰ বিষয়ে কাৰ্যকৰ্তাসকলৰ লগত পৰ্যালোচনা কৰে আৰু সৰ্বস্তৰৰ ৰাইজক সংযুক্ত কৰাৰ বাবে কেতবোৰ দিহা-পৰামৰ্শ আগবঢ়ায়। চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ বিষয়ে ব্যাপক প্ৰচাৰ-প্ৰসাৰেৰে আৰু জনসংযোগ অধিক বুদ্ধিৰে সদস্য ভৰ্তিৰ অভিযান ক্ষিপ্ৰতৰ কৰি তুলিবলৈ সকলোকে আহ্বান জনায় সোণোৱালে। সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, “২০১৪ চনৰ আগৰ ভাৰতবৰ্ষৰ লগত বৰ্তমানৰ ভাৰতবৰ্ষৰ আকাশ-পাতাল পাৰ্থক্য আছে। দেশৰ সৰ্বস্তৰৰ লোকক সামৰি সৰ্বাংসীণ বিকাশৰ প্ৰকৃত নিদৰ্শন প্ৰধানমন্ত্ৰী মোদীয়ে হাতে-কামে কৰি দেখুৱাইছে। বিগত দহ বছৰে প্ৰধানমন্ত্ৰী হিচাপে দেশমাতৃৰ সেৱাত নিমজ্জিত কৰা প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়াও নিজকে দেশৰ প্ৰধান সেৱক হিচাপেহে গণ্য কৰে। কংগ্ৰেছৰ শাসনকালত বিশ্বৰ অৰ্থনৈতিক ক্ৰমাংকত ভাৰত প্ৰথম দহটা স্থানৰ ভিতৰতে নাছিল, কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ দুৰদৰ্শী নেতৃত্বত আমাৰ দেশখনে মাত্ৰ দহ বছৰতে বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি হিচাপে এক নতুন শিখৰত উপনীত হ’ল। এইবাৰ প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীনতা দিৱসৰ বক্তব্যত কৈছে যে, ‘যোৱা দুটা কাৰ্যকালত আমি দুগুণ কষ্ট কৰিছিলোঁ। এইবাৰৰ তৃতীয় কাৰ্যকালত তিনিগুণ কষ্ট কৰিম।’ ২০৪৭ চনৰ ভিতৰত ভাৰতক বিশ্বৰ এখন আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আমি ভূমিকা পালন কৰিব লাগিব আৰু এক নতুন ইতিহাস ৰচিব লাগিব। নতুন নতুন কল্যাণকামী নীতি, অটল আদৰ্শ ভৱিষ্যৎমুখী ধ্যান-ধাৰণাৰে ৰাইজক আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থাভাজন কৰি ৰাখিব লাগিব।” “কংগ্ৰেছৰ শাসনকালত উগ্রপন্থা, হত্যা-হিংসা, বন্ধ, অপহৰণ, দুৰ্নীতি-লুণ্ঠনেৰে জৰ্জৰিত অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ সদিচ্ছা আৰু দৃঢ় পদক্ষেপৰ বাবেই শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। এই স্থায়া শান্তি আৰু সৰ্বাংগীণ প্ৰগতিৰ বাবে বিজেপি মিত্ৰজোঁটৰ পক্ষত অভূতপূৰ্ব সঁহাৰি-সমৰ্থনেৰে সৰ্বস্তৰৰ ৰাইজে সংযুক্ত হৈছে। বাৰে বাৰে কংগ্ৰেছ চৰকাৰ শাসনত থকাৰ পাছতো তেওঁলোকৰ ব্যাপক দুৰ্নাতিৰ ফলত ৰাইজৰ ওচৰলৈ কল্যাণমুলক আঁচনিৰ লাভালাভ যোৱা নাছিল। কংগ্ৰেছে জনসাধাৰণৰ জীৱনৰ মানৰ সৈতে আপোচ কৰিছিল। কংগ্ৰেছৰ শাসনকালত চলি থকা ব্যাপক দুৰ্নীতি আঁতৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে জন ধন যোজনাৰ অধীনত চাহ বাগিচা অঞ্চলৰ লোকসকলৰ বাবে বেংক একাউণ্টৰ ব্যৱস্থা কৰিছিল, যাতে সকলো আঁচনিৰ ধন মধ্যভোগীয়ে পাব নোৱাৰাকৈ হিতাধিকাৰীয়ে লাভ কৰে। মোদী চৰকাৰৰ এই ১০ বছৰত ২৫ কোটিতকৈও অধিক ভাৰতীয়ক
দৰিদ্ৰতাৰ কৱলৰ পৰা উদ্ধাৰ কৰাটো আমাৰ সকলোৰে বাবে গোৰৱৰ বিষয়। কংগ্ৰেছৰ শাসনকালত এয়া কল্পনাৰো অগোচৰ আছিল, যিয়ে কোনোধৰণৰ পৰিৱৰ্তনকামী পদক্ষেপ অবিহনে কেৱল গৰীবী হাটাও শ্ল’গানহে দি আছিল। মোদী চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে নগৰীয়া অঞ্চলৰ সমানেই গাঁও অঞ্চলৰ জনগণে প্ৰগতিৰ এক নতুন যুগৰ সাক্ষী হৈছে। বিগত ১০ বছৰত মোদীজীয়ে কৰা নিৰন্তৰ প্ৰচেষ্টাৰ ফলত দৰিদ্ৰ শ্ৰেণী, মহিলাসকলৰ লগতে কৃষকসকল আৰু যুৱচামৰ বিশেষ কল্যাণ সাধন হৈছে। আমি জনসাধাৰণৰ কল্যাণৰ এই যাত্ৰা শক্তিশালী ৰূপত আগুৱাই নিবলৈ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ।”, সোণোৱালে লগতে উল্লেখ কৰে। আজিৰ সভাসমুহত কেন্দ্ৰায় মন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়কদ্বয় হিতেন্দ্ৰ নাথ গোস্বামী আৰু ৰূপজ্যোতি কুৰ্মী, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ, প্ৰাক্তন বিধায়ক কুশল দুৱৰী, শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ুৰ বৰগোহাঁই, যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা, দলৰ ৰাজ্যিক উপ-সভাপতি ৰাণা গোস্বামী, চাহ জনগোষ্ঠী মৰ্চা অসম প্ৰদেশৰ সভাপতি দুলেন নায়ক, জ্যেষ্ঠ নেতা পালিত বৰা প্ৰমুখ্যে দলীয় সতাৰ্থসকল আৰু উৎসাহী কাৰ্যকৰ্তাসকলে।

You might also like