নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ অসম বংগ সীমান্তত ৭ জুৱাৰীক আটক আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ ধুবুৰী জিলাৰ অসম বংগ সীমান্তৰ ঝাপুশাবাৰী দ্বিতীয় খণ্ড গাঁৱত আগমনি আৰক্ষীয়ে অভিযান চলাই ৭ জুৱাৰী আটক কৰে। দীৰ্ঘদিন ধৰি ঝাপুশাবাৰী দ্বিতীয় খণ্ড গাঁৱৰ খুনিয়াভিটা বজাৰত প্ৰায় কুৰিৰোধিক জুৱাৰীয়ে অবৈধভাবে জুৱা খেল চলাই অঞ্চলটোতশান্তি শৃংখলা বিনষ্ট কৰাৰ লগতে বহু পৰিয়াল সৰ্বসান্ত হৈছে।আনকি উক্ত জুৱাৰ কবলত পৰি স্কুল কলেজৰ ছাত্ৰ সৰ্বসান্ত হৈছে। সেয়ে ৰাইজৰ অভিযোগত আগমনি আৰক্ষীয়ে আজি দিন দুপৰতে অভিযান চলাই ৭ জুৱাৰীক আটক কৰাৰ লগতে খেলৰ সামগ্ৰী আৰু নগদ ২৭৭০ টকা জব্দ কৰে। আনকি ডাব্বুৰ সামগ্ৰী, তিন পাত্তি কাৰ্ডৰ লগতে নিষিদ্ধ লটাৰী টিকট জব্দ আগমনি আৰক্ষীয়ে। আটকাধীন জুৱাৰী সাত জন ক্ৰমে ছাইদুৰ ৰহমান, দিলীপ ৰায়, আয়নুল হক, গৌতম ৰায়, জহিৰুল হক, নিৰোদ ৰায় আৰু মমিন আলী। দীৰ্ঘদিনৰ পৰা অসম বংগ সীমান্তৰ বিভিন্ন অঞ্চলত অবৈধ জুৱা চলাই থকা ৭গৰাকী জুৱাৰীক আটক কৰাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ।

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like