নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধলপুৰত আবতৰীয়া বানে বুৰালে কেইবাখনো গাঁও

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : লখিমপুৰ জিলাৰ অন্তৰ্গত ধলপুৰ মৌজাৰ ফুটাভোগত আজি পুৱা হঠাৎ বান পৰিস্থিতিৰ সৃষ্টি হয় । বানৰ ফলত শিমলুগুৰি-হাৱাজান সংযোগী পথৰ কেইবাটাও অংশৰ ওপৰেৰে পানী বাগৰি পথটোৰ বহু ক্ষতি কৰে৷ পথৰ কাষে কাষে সংস্থাপিত কৰা জলজীৱন আঁচনিৰ পাইপৰো বিস্তৰ ক্ষতিসাধন কৰে বানে ৷ অৰুণাচল প্ৰদেশত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত পাহাৰীয়া খৰস্ৰোতা চেঁচা নৈৰ জলপৃষ্ঠ ফেনে ফোটোকাৰে ওফন্দি উঠি ইয়াৰ নিকটৱৰ্তী গাঁওসমূহ প্লাৱিত কৰি তোলে ৷ চেঁচা নৈৰ বানত কেইবাখনো বিদ্যালয়, স্বাস্থ্য উপ-কেন্দ্ৰ, মানুহৰ আৱাসস্থলী, মীনপালনৰ ক্ষেত্ৰ, কৃষিভূমি আদি জলমগ্ন কৰি তোলাত ৰাইজৰ বিস্তৰ ক্ষতি হয় ৷

প্ৰেৰক মাধুৰ্য দাস

You might also like