নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনত পাৰদৰ্শিতা : পংকজ দাসলৈ সঞ্চালকপ্ৰধানৰ বিশেষ পত্ৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ : বিগত সংসদীয় নিৰ্বাচনত নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে সম্পাদন কৰাৰ লগতে কৰ্মক্ষেত্ৰত দেখুওৱা বিশেষ পাৰদৰ্শিতাৰ বাবে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ দ্বাৰা প্ৰশংসিত হৈছে মৰিগাঁও জিলাৰ এগৰাকী আৰক্ষী বিষয়া। মৈৰাবাৰী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত পৰিদৰ্শক পংকজ দাসলৈ কৰ্মৰ স্বীকৃতিস্বৰূপে এখনি বিশেষ স্বীকৃতি পত্ৰ প্ৰেৰণ কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে। ২৭ ছেপ্টেম্বৰত স্বাক্ষৰ কৰা প্ৰমাণ-পত্ৰখনত সঞ্চালকপ্ৰধানগৰাকীয়ে পৰিদৰ্শক পংকজ দাসক প্ৰশংসা কৰিছে। আৰক্ষী বিষয়াগৰাকীৰ এই কাৰ্যই মৰিগাঁও আৰক্ষীলৈও সুনাম কঢ়িয়াই আনিছে।

প্ৰেৰক তাৰিকুল ইছলাম

You might also like