নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনৰ বিনিময়ত হত্যাত অভিযুক্তৰ চাৰ্জশ্বীটৰ পৰা নাম কৰ্তনৰ অভিযোগ

🔹 মানকাচৰ আৰক্ষীৰ নাভূত-নাশ্ৰুত কাণ্ড

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ : এয়াই নেকি জনহিত-জনসেৱাৰ্থেৰ প্ৰকৃত স্বৰূপ। গুৱাহাটী উচ্চ ন্যায়ালয়তকৈও ওপৰত নেকি মানকাচৰৰ আৰক্ষী উপ-পৰিদৰ্শক ইলিয়াছ হুছেইন! উল্লেখ্য যে ২০২৩ বৰ্ষৰ ২৭ এপ্ৰিলত সংঘটিত হৈছিল এটা হত্যাকাণ্ড।যি হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাক। পাঁচজনকৈ দুৰ্বৃত্তৰ দলে আজিমা খাতুন নামৰ এগৰাকী মহিলাৰ ঘৰত বলপূৰ্বক প্ৰৱেশ কৰি সংঘটিত কৰিছিল হত্যাকাণ্ড। উক্ত হত্যাকাণ্ডক কেন্দ্ৰ কৰি 188/2023 US 302 IPCত ভুক্তভোগীৰ পৰিয়ালে পাঁচজন লোকৰ বিৰুদ্ধে মানকাচৰ থানাত এটা গোচৰ তৰে। এজাহাৰত উল্লেখ কৰা আচামী ক্ৰমে আতাৰুল ইছলাম, আখিৰুল ইছলাম,আব্দুল আজাদ, লিপি চুলতানা আৰু মফিদুৰ ইছলাম। ইয়াৰে প্ৰথমজন আচামী আতাৰুল ইছলাম হ’ল বোৱালিয়াত কৰ্মৰত এজন টেট শিক্ষক । পিছে শিক্ষক আতাৰুল ইছলাম আৰু পাঁচ নম্বৰ আচামী মফিদুৰ ইছলামৰ নাম চাৰ্জশ্বীটৰ পৰা অন্তৰ্ধান হোৱাত ভুক্তভোগীৰ পৰিয়ালে ঘটনাক কেন্দ্ৰ কৰি মানকাচৰ থানাৰ এজন উপ-পৰিদৰ্শকৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। মোটা অংকৰ ধনৰ বিনিময়ত মানকাচৰ থানাৰ উপ-পৰিদৰ্শক ইলিয়াছ হুছেইনে হত্যাকাণ্ডৰ গোচৰৰ চাৰ্জশ্বীটৰ পৰা প্ৰথমজন আচামীৰ নাম কৰ্তন কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰক্ষীৰ এনে নিকৃষ্ট কাণ্ডৰ বাবে ন্যায়ৰ পৰা বঞ্চিত হ’ব নেকি বোৱালিয়াৰ সেই ভুক্তভোগী পৰিয়ালটো? জানিব পৰা মতে, হত্যাৰ গোচৰত তিনি মাহ জে’ল খাটি অহিছিল মূল আচামী শিক্ষক আতাৰুল ইছলামে। এতিয়া প্ৰশ্ন উত্থাপন কৰিছে- হত্যাৰ গোচৰৰ চাৰ্জশ্বীটৰ পৰা নাম কৰ্তন কৰিবলৈ কিমান টকাত মেনেজ হৈছিল আৰক্ষী বিষয়া ইলিয়াছ হুছেইন? কাৰ আশীৰ্বাদ আৰু কাৰ ক্ষমতাত বলীয়ান হৈ উপ-পৰিদৰ্শক ইলিয়াছ হুছেইনে হত্যাৰ গোচৰৰ মূল আচামীৰ নাম কৰ্তন কৰিলে। চৰকাৰী শিক্ষক আতাৰুলে কিমান টকাত মেনেজ কৰিছিল উপ-পৰিদৰ্শক ইলিয়াছ হুছেইনক! মহামান্য উচ্চ ন্যায়ালয়ে জামিন নাকচ কৰা শিক্ষক আতাৰুলৰ কিহৰ ভিত্তিত নাম কৰ্তন কৰিলে হত্যাৰ গোচৰৰ চাৰ্জশ্বীটৰ পৰা। সেয়া ৰহস্যৰ আৱৰ্তত যদিও ভুক্তভোগী পৰিয়ালে আৰক্ষী উপ-পৰিদৰ্শক ইলিয়াছ হুছেইনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে হত্যাকাৰী আতাৰুল আৰু মফিদুৰ ইছলামক উচিত শাস্তিৰ দাবী উত্থাপন কৰে। মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰগয়াৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে এই ঘটনা সন্দৰ্ভত কেনে ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব ।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like