নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ লাওখোৱাত মৰেল পুলিচিং : গৰুচোৰক দলবদ্ধ আক্ৰমণ

🔹 সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজৰ আইচিইউত ভৰ্তি

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ : ৰূপহীহাটৰ লাওখোৱাত সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। আইন হাতত তুলি লৈ গৰুচোৰক গণপ্ৰহাৰ একাংশ লোকৰ। বুধবাৰে নিশা নিজ লাওখোৱাত অতুল মণ্ডল নামৰ লোকজনৰ ঘৰত গৰু চুৰি কাৰ্য সংঘটিত কৰি থকা অৱস্থাতে ৰাইজৰ ৰোষত পৰে এটা চোৰ। চোৰটোক দলবদ্ধ আক্ৰমণৰ শিহৰণকাৰী দৃশ্য বন্দী হৈছে কেমেৰাত। ৰাইজৰ ৰোষত পৰা চোৰটো ১০নং কাঠপাৰাৰ মেহেদি আলম বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ ৰাইজৰ ৰোষৰ পৰা চোৰটোক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান চোৰটো অতি সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজৰ আইচিইউত জীৱন-মৃত্যুৰে যুঁজি আছে।

প্ৰেৰক জহিৰুল ইছলাম

You might also like