নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে মুকলি মানাহ ৰাষ্ট্ৰীয় উদ্যান

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ আজি ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁ‌হবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰত মাংগলিক অনুষ্ঠানৰ জৰিয়তে নাৰিকল ভাঙি ৰঙা ফিতা কাটি দৰ্শনাৰ্থীৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মানাহ মুকলি কৰি মন্ত্ৰী বৰুৱাই কয় আজি আমাৰ কাৰণে এটা আনন্দৰ দিন। মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা যথেষ্ট হাৰত বৃদ্ধি পাইছে আমি ভৱিষ্যতৰ বাবে ভাল দিনৰ সংকেত পাইছোঁ। বিগত বছৰবোৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানত যি হাৰত দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে এয়া আমাৰ কাৰনে এক শুভলক্ষণ। বিটিআৰত হোৱা শান্তি আৰু সুৰক্ষাৰ ব্যৱস্থাই মানাহ আকৰ্ষিত কৰিছে। আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানক লৈ যথেষ্ট আশাবাদী। এই অঞ্চলটো এনেকুৱা এটা অঞ্চল যে দুখন ৰাষ্ট্ৰৰ সীমাত আছে। প্ৰাকৃতিক সৌন্দৰ্য অপৰূপ সৌন্দৰ্য। ইয়াত যথেষ্ট সংখ্যক জীৱ জন্তু আছে। মানাহলৈ পৰ্যটক অহাৰ যথেষ্ট সম্ভাৱনা আছে। গুৱাহাটীৰ একেবাৰে ওচৰত। বিমানবন্দৰ ওচৰত আছে। গতিকে মই ভাবো এই ৰাষ্ট্ৰীয় উদ্যানৰ দিনকদিনে আকৰ্ষণ বৃদ্ধি পাব ধৰিছে। এইবাৰ মই আশা কৰিম বিগত বছৰবোৰৰ ৰেকৰ্ড ভংগ কৰি পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব। মানাহৰ লগত জড়িত সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ‌। মানহক লৈ আমাৰ যথেষ্ট পৰিকল্পনা আছে। মানাহত আমি ভাল ব্ৰেণ্ডৰ হোটেল আনিব পাৰোঁ নেকি? মানাহত স্থানীয় যুৱক যুৱতীক সংস্থাপন দিয়াৰ লক্ষ্যৰে হোম ষ্টেৰ ওপৰত গুৰুত্ব দিছোঁ। মানাহত হোম ষ্টে যথেষ্ট হাৰত বৃদ্ধি কৰিব পাৰোঁ তাৰ ওপৰত আমি লক্ষ্য ৰাখিছোঁ। বনভূমি বেদখল কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰ যথেষ্ট কঠোৰ। বিভিন্নজনে আমাক সমালোচনাও কৰে। কিন্তু আমি বনভূমি বেদখল কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰ কঠোৰ। প্ৰটিটো মুহুৰ্তৰ পদক্ষেপ আপোনালোকে দেখি আছে আৰু দেখি থাকিব। এটা সময় আছিল সামজিক পৰিস্থিতিৰ বাবে মানাহত পৰ্যটক আহিবলৈ চিন্তা কৰিছিল। কিন্তু যোৱা কেইটামান বছৰত মানাহৰ সামাজিক পৰিবেশ বিশেষকৈ শান্তি আৰু সুৰক্ষা ক্ষেত্ৰত ইমানেই আগবাঢ়িছে এতিয়া আৰু সেই চিন্তা নাই বুলি মন্তব্য প্ৰদান কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিটিচি প্ৰধান প্ৰমোদ বড়োৱে কয়, মানাহক লৈ আমি বিটিচি চৰকাৰে সপোন দেখিছো। বিটিআৰত যেতিয়া অশান্তি আছিলে। শান্তিৰ পৰিবেশ নাছিল। নিৰাপত্তাৰ অভাৱ আছিল বাবে পৰ্যটক অহা নাছিল। আমি অনুমান কৰিছোঁ বিটিআৰত শান্তি ঘুৰি আহিছে বাবে মানাহত পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে। আহি থকা দিনত পৰ্যটন বিভাগটো উন্নয়ন কৰাৰ বাবে বহুতখিনি কাম কৰিব আছে বুলি মন্তব্য প্ৰদান কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। উল্লেখ্য যে মানাহ মুকলি কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিটিচি প্ৰধান প্ৰমোদ বড়োৱে জীপ চাফাৰী ৰাফটিং আদিত অংশ লয়। মানাহ মুকলি কৰাৰ পূৰ্বে বাঁ‌হবাৰী বনাঞ্চলৰ পৰা বিহু বাগুৰুম্বা, ঝুমুৰ আদিৰে এক সজাগতামূলক সমদল উলিওৱাৰ লগতে মানাহ মুকলি কৰাৰ অন্তত চাইকেল সমদল উলিওৱা হয়। মানাহৰ প্ৰৱেশদ্বাৰ মুকলি কৰি কান্ধত চিফুং, মাদল লৈ আনন্দত আত্মহাৰা হৈ পৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু বিধায়ক ফণীধৰ তালুকদাৰ। আজিৰ মানাহ মুকলি কাৰ্যসূচীত লগতে উপস্থিত থাকে বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, ৰঞ্জিত বসুমতাৰী, ধৰ্মনাৰায়ন দাস, মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° চি ৰমেশকে ধৰি ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি।
প্ৰেৰক লৱ কুমাৰ দাস
You might also like