নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্কুল বেগ ননাৰ বাবেই শিশুক বিদ্যুতৰ শ্বক শিক্ষকৰ!

🔹 উত্তৰ প্রদেশৰ আলিগড়ত চাঞ্চল্যকৰ ঘটনা

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : স্কুল বেগ লৈ অহা নাছিল ৮ বছৰীয়া শিশুৱে৷ সেইবাবেই শিশুটিক পোছাক খুলি প্রহাৰ কৰে বেচৰকাৰী বিদ্যালয়ৰ শিক্ষকে৷ ইয়াতেই শেষ নহয়, বিদ্যুতৰ শ্বকো দিয়া হৈছে শিশু শিক্ষার্থীজনক৷ এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে উত্তৰ প্রদেশৰ আলিগড়ত৷ বিদ্যালয় কর্তৃপক্ষই শিশুটিক মাৰধৰ কৰাৰ কথা মানি ল’লেও বিদ্যুতৰ শ্বক দিয়াৰ অভিযোগ অস্বীকাৰ কৰিছে৷ আৰক্ষীয়ে এই ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে৷ বিদ্যালয়ত শিক্ষকৰ এনে আতিশয্যৰ বলি হোৱা শিশুটিৰ ঘৰ আলিগড়ৰ ভাৰত নাগলা গাঁৱত৷ যোৱা সোমবাৰে সংঘটিত হৈছে এই ঘটনা৷ লক্ষণীয়ভাৱে শিশুটিৰ পিতৃ–মাতৃয়ে বিদ্যালয় কর্তৃপক্ষক এই বিষয়টো সন্দর্ভত অভিযোগ দিয়ে যদিও কোনোধৰণৰ পদক্ষেপ গ্রহণ কৰা নহ’ল শিক্ষকজনৰ বিৰুদ্ধে৷ গতিকে ক্ষুব্ধ পৰিয়ালটোৱে লোধা থানাত অভিযোগ দাখিল কৰে৷ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ অভিযুক্ত শিক্ষকৰ নাম প্রকাশ কৰা নাই বিদ্যালয় কর্তৃপক্ষই৷ বিদ্যলয়খনৰ অধ্যক্ষই উল্লেখ কৰা অনুসৰি শিশুটিক বিদ্যুতৰ শ্বক দিয়া হোৱা নাই৷ এই অভিযোগ মিছা বুলি দাবী কৰিছে অধ্যক্ষগৰাকীয়ে৷ আনকি অধ্যক্ষগৰাকীয়ে বিদ্যালয়ৰ চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰি চাবলৈ অভিযোগকাৰীক অনুৰোধ জনাইছে৷ লোধা থানাৰ আৰক্ষী বিষয়া ৰাজবীৰ সিং পাৰমাৰে সংবাদ মাধ্যমক জনাইছে যে অভিযোগ অতি গুৰুতৰ৷ ইতিমধ্যে বিদ্যালয়খনৰ কর্মী তথা কর্তৃপক্ষক এই ঘটনা সন্দর্ভত সোধা-পোছা কৰা হৈছে৷ শিশুটিৰ পৰিয়ালৰ লিখিত অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে৷ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে এই গোচৰটো সন্দর্ভত শীঘ্রে তদন্ত সম্পূর্ণ কৰি তোলা হ’ব৷

You might also like