নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্কুল হোষ্টেলৰ ৱার্ডেনক মৃত্যুদণ্ড আদালতৰ

🔹 অৰুণাচলত ২১ শিক্ষার্থীক যৌন আতিশয্যৰ গোচৰ

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : অৰুণাচল প্রদেশৰ এখন আৱাসিক বিদ্যালয়ত ২১ শিক্ষার্থীক যৌন নিগ্রহৰ গোচৰত হোষ্টেলৰ ৱার্ডেনক দোষী সাব্যস্ত কৰিছে আদালতে৷ পকছ’ আদালতত চলা এই গোচৰত প্রাক্তন ৱার্ডেনগৰাকীৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰা হৈছে৷ ইয়াৰ লগতে এই অপৰাধত জড়িত অন্য দুজন আচামী প্রাক্তন প্রধান শিক্ষক তথা হিন্দী শিক্ষককো ২০ বছৰকৈ কাৰাদণ্ডৰ ৰায় শুনাইছে আদালতখনে৷ যৌন নিগ্রহৰ বলি হোৱা ২১ শিক্ষার্থীৰ ভিতৰত ১৫গৰাকী আছিল ছাত্রী৷ উল্লেখনীয় যে আৰক্ষীৰ বিশেষ গোটে তদন্ত চলোৱাৰ সময়ত ছটা ধর্ষণৰ গোচৰ, ৯টা অশালীন আচৰণৰ গোচৰ আৰু ৬টা যৌন আতিশয্যৰ গোচৰ সামৰি লোৱা হৈছিল৷ এই গোচৰত অন্য দুজন অভিযুক্তক মুক্তি দিয়া হৈছে৷ উল্লেখনীয় যে ২০১৯ৰ পৰা ২০২২ চনলৈ অৰুণাচলৰ শ্বি–য়োমি জিলাৰ বিদ্যালয়খনত এই যৌন আতিশয্যৰ ঘটনা সংঘটিত হৈছিল৷ আতিশয্যৰ সন্মুখীন হোৱা শিক্ষার্থীসকলৰ বয়স আছিল ৬ৰ পৰা ১২ বছৰৰ ভিতৰত৷ ভাৰতীয় দণ্ডবিধি আৰু পকছো আইনৰ একাধিক ধাৰাত তিনিওজনক দোষী সাব্যস্ত কৰা হয়৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত ইটানগৰ বিচাৰপীঠে চলিত বছৰৰ জুলাই মাহত এই গোচৰটোত নিজাববীয়াকৈ পদক্ষেপ গ্রহণ কৰিছিল৷ মূল অভিযুক্তৰ জামিনৰ আবেদন খাৰিজ কৰি দিছিল ন্যায়ালয়ে৷ আদালতে মূল অভিযুক্ত প্রাক্তন ৱার্ডেন বাগ্রাক দোষী সাব্যস্ত কৰি এই গোচৰটোত মৃত্যুদণ্ডৰ ৰায় শুনোৱাৰ উপৰি অন্য দুগৰাকী দোষী সাব্যস্ত হোৱা ছিংটুং য়োৰপেন আৰু মাৰবুম টাপিৰ’ক ২০ বছৰকৈ কাৰাদণ্ডৰ ৰায় শুনাইছে৷ স্মর্তব্য যে ২০২৩ চনৰ জুলাই মাহত অৰুণাচলৰ জিলা আদালতে মূল অভিযুক্ত বাগ্রাৰ জামিন মঞ্জুৰ কৰিছিল যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইটানগৰ বিচাৰপীঠে নিজাববীয়াকৈ পদক্ষেপ গ্রহণ কৰি এই জামিন খাৰিজ কৰিছিল৷

You might also like