নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেইৰুটত নিহত সন্ত্রাসবাদী সংগঠন হিজবুল্লাৰ মুৰব্বী হাছান নাছৰাল্লাহ

🔹 ইজৰাইলৰ আক্রমণত বিধ্বস্ত লেবানন

🔹 নাছৰাল্লাহক লক্ষ্য কৰি ৫ ঘণ্টা আক্রমণ ইজৰাইলী সেনাৰ

🔹 হিজবুল্লাৰ মুৰব্বীৰ লগতে কন্যাসহ কেইবাজনো শীর্ষ কমাণ্ডাৰ নিহত

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : ইজৰাইলৰ আক্রমণত বিধ্বস্ত হৈছে লেবানন৷ লেবাননৰ শাসনৰ অন্যতম সশস্ত্র সংগঠন তথা সন্ত্রাসবাদী সংগঠন হিজবুল্লাৰ বিৰুদ্ধে লেবাননত আক্রমণ তীব্রতৰ কৰিছে ইজৰাইলী সেনাই৷ আমেৰিকা যুক্তৰাষ্ট্রসহ পশ্চিমীয়া দেশৰ পাছত লেবাননৰ যুদ্ধবিৰতিৰ প্রস্তাৱ নাকচ কৰি ইজৰাইলী সেনাই পূর্ণাংগ শক্তিৰে আক্রমণ অব্যাহত ৰাখিছে৷ দেশখনৰ ৰাজধানী বেইৰুটত আকাশীমার্গেৰে ভয়াৱহ আক্রমণ চলাই ইজৰাইলী সেনাই হিজবুল্লাৰ মুৰব্বী হাছান নাছৰাল্লাহক হত্যা কৰিবলৈ সক্ষম হৈছে৷ বেইৰুটত ৫ ঘণ্টাজুৰি হিজবুল্লাৰ মুৰব্বী নাছৰাল্লাহক লক্ষ্য কৰি ইজৰাইলী সেনাই আকাশীমার্গেৰে ৰকেট নিক্ষেপ কৰে৷ ইজৰাইলী সেনাৰ ৰকেট আক্রমণত হিজবুল্লাৰ মুৰব্বী নাছৰাল্লাহ নিহত হৈছে৷ হিজবুল্লাৰ মুৰব্বী নাছৰাল্লাহৰ মৃত্যু হোৱা বুলি ইজৰাইলী প্রতিৰক্ষা বাহিনীয়ে সামাজিক মাধ্যম এক্সযোগে কয়– বিশ্বক সন্ত্রাসিত কৰিবলৈ হাছান নাছৰাল্লাহ আৰু নাই৷ হাছান নাছৰাল্লাহ নেতৃত্বাধীন হিজবুল্লা সন্ত্রাসবাদী সংগঠন আৰু হামাছ সন্ত্রাসবাদী সংগঠনৰ বিৰুদ্ধে যোৱা ৮ অক্টোবৰৰ পৰা ইজৰাইলে যুদ্ধ কৰি আছে৷ হিজবুল্লাই ইজৰাইলৰ নাগৰিকক ধাৰাবাহিকভাৱে প্রৰোচিত কৰি আক্রমণ চলাই আছে৷ লেবাননক সাঙুৰি লৈ ইজৰাইলে হিজবুল্লাৰ বিৰুদ্ধে আক্রমণ তীব্রতৰ কৰি তুলিছে৷ ইজৰাইলী সেনাই হিজবুল্লাৰ মুখ্য কার্যালয়ত চলোৱা ভয়াৱহ আক্রমণত মুৰব্বী নাছৰাল্লাহৰ লগতে মুৰব্বীজনৰ কন্যা জাইনাব নাছৰাল্লাহ, আলী কাৰাকীসহ কেইবাজনো শীর্ষ কমাণ্ডাৰ নিহত হৈছে৷ লেবাননত ৰাজনৈতিক দল আৰু সশস্ত্র সংগঠন হিচাপে শক্তিশালী কৰি তোলাত গুৰুত্বপূর্ণ ভূমিকা লোৱা হিজবুল্লাৰ মুৰব্বী হাছান নাছৰাল্লাহৰ মৃত্যু সংগঠনটোৰ বাবে মোক্ষম আঘাত৷ ইজৰাইলী সেনাই সামাজিক মাধ্যমযোগে হিজবুল্লাৰ মুৰব্বী নিহত হোৱা বুলি ঘোষণা কৰিছে যদিও এতিয়ালৈকে হিজবুল্লা অথবা লেবানন চৰকাৰৰ পৰা আনুষ্ঠানিকভাৱে কোনো বিবৃতি প্রকাশ পোৱা নাই৷ ইৰানৰ পৃষ্ঠপোষকতা থকা হিজবুল্লাক ৩২ বছৰ ধৰি নেতৃত্ব প্রদান কৰি আহিছিল হাছান নাছৰাল্লাহে৷ ইপিনে, হিজবুল্লাৰ মুৰব্বী নাছৰাল্লাহ ইজৰাইলী সেনাৰ আক্রমণত নিহত হোৱাৰ তথ্য প্রচাৰ হোৱাৰ পাছতে ইৰানৰ শীর্ষ নেতা আয়াতুল্লা আলী খমেইনীয়ে নিৰাপদ স্থানত বাহৰ পাতিছে৷ সুৰক্ষিত আৰু নিৰাপদ স্থানত বাহৰ পৰা খমেইনীৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে৷ সুৰক্ষিত আৰু নিৰাপদ স্থানৰ পৰাই ইৰানৰ শীর্ষ নেতা খমেইনিয়ে ইহুদী ৰাষ্ট্র ইজৰাইলৰ বিৰুদ্ধে একত্রিত হৈ মুছলিম বিশ্বক আহ্বান জনাইছে৷ উল্লেখ্য যে হিজবুল্লাৰ মুৰব্বী নাছৰাল্লাহ নিহত হোৱাৰ পূর্বে ইজৰাইলী সেনাৰ আক্রমণত সন্ত্রাসবাদী সংগঠনটোৰ ড্রোন পৰিচালনা গোটৰ মুৰব্বীও নিহত হৈছে৷ তদুপৰি ইজৰাইলী সেনাই ২০০০তকৈ অধিক হিজবুল্লাৰ ঘাটিত ভয়াৱহ আক্রমণ চলোৱাত সংগঠনটোৰ কেইবাজনো কমাণ্ডাৰ নিহত হৈছে৷ লক্ষণীয় যে আকাশীমাৰ্গেৰে লেবাননৰ হিজবুল্লাৰ ঘাটি বিধ্বস্ত কৰা ইজৰাইলৰ প্রতিৰক্ষা বাহিনীয়ে স্থলভাগেৰে আক্রমণৰ বাবেও সাজু হৈ আছে৷ ইতিমধ্যে লেবানন-ইজৰাইলৰ সীমান্তত শ শ টেংক লৈ সাজু হৈ আছে ইজৰাইলী প্রতিৰক্ষা বাহিনী৷ ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহুৱে সন্ত্রাসবাদী সংগঠন হিজবুল্লাক সমূলঞ্চে বিনাশ নকৰালৈকে আক্রমণ চলাই যাব বুলি হুংকাৰ দিছে৷

You might also like