নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিজবুল্লাৰ মুৰব্বী হাছানৰ মৃত্যুক লৈ প্রতিবাদ জম্মু–কাশ্মীৰত

🔹 জম্মু–কাশ্মীৰৰ অন্তিম পর্যায়ৰ নির্বাচনৰ প্রচাৰ সভা বাতিল

🔹 বিজেপি-পিডিপিৰ মাজত তীব্র বাকযুদ্ধ

নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : ইজৰাইলী প্রতিৰক্ষা বাহিনীয়ে লেবাননৰ ৰাজধানী বেইৰুটত হিজবুল্লাৰ মুৰব্বী হাছান নাছৰাল্লাহক হত্যাৰ তীব্র প্রতিবাদ সাব্যস্ত কৰা হৈছে জম্মু–কাশ্মীৰত৷ কেন্দ্রীয়শাসিত অঞ্চল জম্মু–কাশ্মীৰত প্রথমবাৰৰ বাবে বিধানসভা নির্বাচন অনুষ্ঠিত হৈ থকাৰ সময়তে আজি অঞ্চলটোৰ বাদগামত শ শ লোকে হিজবুল্লাৰ মুৰব্বী হাছানৰ হত্যাক লৈ প্রতিবাদ সাব্যস্ত কৰে৷ ৰাজপথলৈ ওলাই আহি শ শ প্রতিবাদকাৰীয়ে ইজৰাইলবিৰোধী আৰু আমেৰিকাবিৰোধী শ্ল’গান দিয়ে৷ প্রতিবাদকাৰীসকলৰ হাতে হাতে হিজবুল্লাৰ মুৰব্বী হাছানৰ ফটো৷ ৰাজপথত বিশাল প্রতিবাদী সমদল উলিয়াই পৰিস্থিতি উত্তপ্ত কৰি তোলে হিজবুল্লাৰ সমর্থক–প্রতিবাদকাৰীয়ে৷ ইপিনে, জম্মু–কাশ্মীৰৰ বিধানসভা নির্বাচনৰ অন্তিম পর্যায়ৰ ভোটগ্রহণৰ অন্তিম দিনা নির্বাচনী সভাসমূহ বাতিল কৰে পিডিপিয়ে৷ ইজৰাইলৰ হাতত হিজবুল্লাৰ মুৰব্বী হাছান নিহত হোৱাৰ বাতৰি লাভ কৰাৰ পাছতেই পিডিপিৰ মুৰব্বী মেহবুবা মুফটিয়ে কালি সন্ধিয়া নির্বাচনী প্রচাৰ আধাতে সমাপ্ত কৰাৰ পাছত আজি দিনটোৰ বাবে অনুষ্ঠিত কৰিবলগীয়া সকলো নির্বাচনী সভা বাতিল কৰে৷ হিজবুল্লাৰ প্রতি সহমর্মিতা প্রকাশ কৰি পিডিপিৰ মুৰব্বী মুফটিয়ে এনে পদক্ষেপ লোৱাত দেশৰ ৰাজনীতি উত্তাল হৈ পৰিছে৷ পিডিপিৰ উপৰি জম্মু–কাশ্মীৰৰ নেচনেল কনফাৰেন্সৰ নেতা আগা ছৈয়দ ৰুমুল্লা মেহদীয়ে হিজবুল্লাৰ মুৰব্বীৰ মৃত্যুত শোক প্রকাশ কৰি নির্বাচনী প্রচাৰ সভা বাতিল কৰে৷ হিজবুল্লাৰ মুৰব্বীৰ মৃত্যুক লৈ জম্মু–কাশ্মীৰত প্রতিবাদ আৰু পিডিপিৰ মুৰব্বী মুফটি, এনচিৰ নেতা ৰুমুল্লাহে নির্বাচনী সভা বাতিল কৰা সন্দর্ভত তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে বিজেপিয়ে৷ কেন্দ্রত শাসনাধিষ্ঠিত বিজেপি আৰু পিডিপিৰ মাজত তীব্র বাকযুদ্ধ চলিছে৷ পিডিপিৰ মুৰব্বী মুফটিয়ে হিজবুল্লাৰ মুৰব্বী হাছানৰ মৃত্যু আৰু গাজাত ইজৰাইলী সেনাক আক্রমণক লৈ দুয়োখন দেশৰ নাগৰিকৰ প্রতি সহমর্মিতা প্রকাশ কৰাৰ লগতে হাছানক শ্বহীদ ঘোষণা কৰি নির্বাচনী সভা বাতিল কৰাত তীব্র প্রতিক্রিয়া ব্যক্ত কৰি বিজেপিৰ নেতা তথা জম্মু–কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী কবীন্দ্রৰ গুপ্তাই হাছানৰ হত্যাক লৈ মেহবুবা মুফটিয়ে নির্বাচনী সভা বাতিল কৰাটো গৰিহণাৰ যোগ্য বুলি কয়৷ বিজেপি নেতাগৰাকীয়ে মুফটিক গৰিহণা দি কয় যে বাংলাদেশত হিন্দুক হত্যা কৰিলে তেওঁ মুখ বন্ধ কৰি ৰাখে৷ কিন্তু হাছান নাছৰাল্লাহৰ মৃত্যুক লৈ তেওঁ বেদনাহত হয়৷ লক্ষণীয় যে ইজৰাইলী সেনাৰ হাতত নিহত হিজবুল্লাৰ মুৰব্বীক লৈ জম্মু–কাশ্মীৰত প্রতিবাদ সাব্যস্ত হোৱা ঘটনাটোৱে দেশৰ ৰাজনীতি উত্তাল কৰি তুলিছে৷

You might also like