নিয়মীয়া বাৰ্তা, ৯ মার্চঃ অসমৰ তিনিখন আসনৰ বাবে হ’বলগীয়া ৰাজ্যসভা নির্বাচনক লৈ ক্রমাৎ উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি ৷ যোৱা ৬ মার্চতেই ৰাজ্যসভা নির্বাচনৰ অধিসূচনা জাৰি হয় ৷ অহা ১৩ মার্চত মনোনয়ন দাখিলৰ অন্তিম দিন ৷ কিন্তু আজিৰ দিনটোলৈ শাসকীয় বিজেপি আৰু বিৰোধী কংগ্রেছ–এ আই ইউ ডি এফে প্রার্থী চূড়ান্ত কৰিব পৰা নাই ৷ উল্লেখ্য যে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে এইবাৰৰ ৰাজ্যসভা নির্বাচনত শক্তিৰ ফালৰ পৰা অনায়াসে দুখন আসন দখল কৰিব পৰা অৱস্থাত আছে ৷ সেই অনুসৰি মিত্রজোঁটৰ ফালৰ পৰা এখন আসনত বিজেপিয়ে নিজাববীয়াকৈ প্রার্থিত্ব আগবঢ়াব ৷ ইয়াৰ বিপৰীতে আনখন আসন ইতিমধ্যে মিত্রদল বি পি এফক এৰি দিছে ৷ বি পি এফে তেওঁলোকৰ দলীয় প্রার্থী হিচাপে বর্তমানৰ সাংসদ বিশ্বজিৎ দৈমাৰীক প্রক্ষেপ কৰিছে ৷ কিন্তু বিজেপিৰ নিজা প্রার্থী কোন হ’ব, সেয়া এতিয়াও চূড়ান্ত হোৱা নাই ৷ দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে দেওবাৰে বৰপেটাৰোডত সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, দলীয় প্রার্থী বাছনিৰ বাবে ইতিমধ্যে ৫জনীয়া পেনেল প্রস্তুত কৰি চূড়ান্ত সিদ্ধান্ত গ্রহণৰ বাবে ৰাষ্ট্রীয় নেতৃত্বলৈ প্রেৰণ কৰিছে ৷ ৫জনীয়া পেনেলত স্থান লাভ কৰা প্রার্থিত্বপ্রত্যাশীসকল হৈছে প্রাক্তন সাংসদ ভুবনেশ্বৰ কলিতা, ৰাজেন গোহাঁই, ৰমেন ডেকা, শংকৰ চন্দ্র দাস আৰু সুভাষ দত্ত ৷ নামৰ আদ্যাক্ষৰ অনুসৰি এই পেনেল যুগুতোৱা হৈছে ৷
দুই–এদিনৰ ভিতৰতে ৰাষ্ট্রীয় নেতৃত্বই প্রার্থী চূড়ান্ত কৰিব বুলি তেওঁ আশা প্রকাশ কৰে ৷ আনহাতে, ৰাজ্যসভা নির্বাচনৰ দলীয় প্রার্থী বাছনি সম্পর্কত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে জানিবলৈ দিয়া মতে, অতি কম দিনৰ ভিতৰতে দলীয় প্রার্থীৰ নাম প্রকাশ পাব ৷ ৰাষ্ট্রীয় পর্যায়ৰ নেতৃত্বই প্রার্থিত্ব চূড়ান্ত কৰিব ৷ আনহাতে, দলে তৃতীয়খন আসনত প্রার্থিত্ব দিয়ে নে নাই, সেয়া এই মুহূর্তলৈ স্পষ্ট হোৱা নাই ৷ সকলোখিনি নির্ভৰ কৰিছে ৰাষ্ট্রীয় নেতৃত্বৰ সিদ্ধান্তৰ ওপৰত ৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে কংগ্রেছ–এ আই ইউ ডি এফে যদিহে উমৈহতীয়া প্রার্থী থিয় কৰোৱাত ব্যর্থ হয়, তেতিয়াহ’লে শেষমুহূর্তত বিজেপিয়ে তৃতীয়খন আসনতো নিজা প্রার্থী থিয় কৰাব৷ এই সন্দর্ভত দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ইতিমধ্যে প্রকাশ কৰা অনুসৰি কংগ্রেছ আৰু এ আই ইউ ডি এফ দল হৈছে এটা মুদ্রাৰ ইপিঠি–সিপিঠি৷ দুয়োটা দলৰে মাজত বুজাবুজি আছে৷ সেয়ে তেওঁ কংগ্রেছ–এ আই ইউ ডি এফে এজন উমৈহতীয়া প্রার্থী থিয় কৰাব বুলি ভাবে৷ অৱশ্যে যদিহে বিৰোধীয়ে উমৈহতীয়া প্রার্থী থিয় কৰোৱাত ব্যর্থ হয়, তেতিয়াহ’লে বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই নিজাববীয়াকৈ তৃতীয়খন আসনত প্রার্থিত্ব দিয়া–নিদিয়া সম্পর্কত সিদ্ধান্ত গ্রহণ কৰিব৷ মন কৰিবলগীয়া এয়ে যে এইবাৰ ৰাজ্যসভা নির্বাচনত এখন আসনত জয়ী হোৱাৰ বাবে ৩২টা ভোটৰ প্রয়োজন৷ সেই অনুসৰি বিজেপি মিত্রজোঁটে দুখন আসন অনায়াসে দখল কৰিব পৰা অৱস্থাত আছে৷ ইয়াৰ বিপৰীতে কংগ্রেছ আৰু এ আই ইউ ডি এফে উমৈহতীয়া প্রার্থী থিয় কৰাব নোৱাৰিলে তৃতীয়খন আসন দখল কৰাটো সম্ভৱ নহয় ৷