নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রৰ স্বার্থত হিন্দুসকল ঐক্যবদ্ধ হওক

🔹 ডাঃ মোহন ভাগৱত

যোৱাবছৰ এই উৎসৱতে আমি মহাৰাণী দুর্গাৱতীৰ জন্ম জয়ন্তীৰ ৫০০ বর্ষৰ সময়ত তেওঁৰ তেজস্বী জীৱন যজ্ঞৰ স্মৰণ কৰিছিলোঁ৷ এই বছৰ পুণ্য শ্লোক কৰিবলৈ গৈ থকা হৈছে৷ দেৱী অহিল্যা বাঈ এক কুশল ৰাজ্য শাসনকর্তা, প্রজাহিতৈষী, কর্তব্যপৰায়ণ শাসক, ধর্ম–সংস্কৃতি আৰু দেশৰ প্রতি অভিমানী, চৰিত্র সম্পন্নতাৰ উত্তম আদর্শ তথা ৰণনীতিৰ উৎকৃষ্ট জ্ঞানসম্পন্ন ৰাজকর্তা আছিল৷ অত্যন্ত বিপৰীত পৰিস্থিতিতো অদ্ভুত ক্ষমতাৰ পৰিচয় দি নিজৰ ঘৰ, ৰাজ্য, নিজৰ অখিল ভাৰতীয় দৃষ্টি থকাৰ কাৰণে নিজৰ ৰাজ্যৰ সীমাৰ বাহিৰলৈ গৈ তীর্থক্ষেত্রৰ পুনৰ নির্মাণ আৰু দেৱস্থান নির্মাণৰ যোগেদি সমাজত সমৰসতা তথা সমাজত সংস্কৃতি ৰক্ষা যিদৰে কৰিলে সেয়া আজিৰ সময়তো মাতৃশক্তি সহিতে আমাৰ সকলোৰে বাবে অনুকৰণীয় উদাহৰণ৷
আর্য সমাজৰ সংস্থাপক মহর্ষি দয়ানন্দ সৰস্বতীদেৱৰ ২০০ বছৰীয়া জন্ম জয়ন্তীৰ বছৰো এহটোৱেই৷ পৰাধীনতাৰ পৰা মুক্ত হৈ কালৰ গতিত আচাৰ ধর্ম আৰু সামাজিক ৰীতি–নীতিত আহি পৰা বিকৃতিসমূহ দূৰ কৰি সমাজৰ নিজৰ মূল শাশ্বত মূলৰ ওপৰত থিয় কৰাবলৈ প্রচণ্ড উদ্যম তেওঁ কৰিছে৷
ৰামৰাজসদৃশ বাতাৱৰণ নির্মাণ হ’বৰ বাবে প্রজাৰ গুণ আৰু চৰিত্র তথা স্বধর্মৰ প্রতি দৃঢ়তা থকাটো অনিবার্য, তেনেদৰে সংস্কাৰ আৰু দায়িত্ববোধ সকলোতে উৎপন্ন কৰোঁতা সৎসংগ অভিযানৰ পৰম পূজ্য শ্রীশ্রী অনুকূল চন্দ্র ঠাকুৰৰ দ্বাৰা প্রৱর্তন কৰা হৈছিল৷ আজিৰ বাংলাদেশ তথা সেই সময়ৰ উত্তৰবংগৰ পাবনাত জন্মলাভ কৰা শ্রীশ্রী অনুকূল চন্দ্র ঠাকুৰদেৱ অসাধ্য সাধনাত দীক্ষিত হৈছিল৷ বক্তিগত সমসা লৈ তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক সহজ উপায়ে চৰিত্র বিকাশ তথা সেৱা ভাবৰ বিকাশৰ প্রক্রিয়াই সৎসংগ ৰূপ ল’লে, যিটো ১৯২৫ চনত ধার্মিক সংস্থা ৰূপে পঞ্জীকৃত কৰা হয়৷
অহা ১৫ নৱেম্বৰৰ পৰা ভগৱান বিৰচা মুণ্ডাৰ জন্ম জয়ন্তীৰ ১৫০ বর্ষ আৰম্ভ হ’ব৷ এই ডেৰশ বছৰীয়া জয়ন্তীয়ে আমাৰ জনজাতীয় ভাইসকলে গোলামী তথা শোষণৰ পৰা, স্বদেশতেই বিদেশী শক্তিৰ পৰা মুক্তি, অস্তিত্ব আৰু অস্মিতাৰ ৰক্ষণ আৰু স্বধর্ম ৰক্ষাৰ বাবে ভগৱান বিৰচা মুণ্ডাৰ প্রৱর্তিত উলগুলানৰ প্রেৰণা সোঁৱৰাই দিব৷

ব্যক্তিগত আৰু ৰাষ্ট্রীয় চৰিত্র

সততাৰে, নিঃস্বার্থভাৱে দেশ, ধর্ম, সংস্কৃতি আৰু সমাজৰ মংগলৰ বাবে জীৱন আহুতি দিয়া এনেকুৱা বিভূতিসকলক আমি এইবাবেই স্মৰণ কৰোঁ যে তেওঁলোকে আমাৰ সকলোকে মংগলৰ বাবে কার্যতো কৰিছেই, তাৰ উপৰি তেওঁলোকৰ নিজৰ জীৱনেৰে আমাৰ বাবে অনুকৰণীয় জীৱন ব্যৱহাৰৰ উত্তম উদাহৰণ স্থাপিত কৰিছে৷ ভিন ভিন সময়ত ভিন ভিন কার্যৰ এই কার্য কৰোঁতা এই আটাইকে জীৱন ব্যৱহাৰৰ কিছুমান কথা একে আছিল৷ নিস্পৃহতা, নির্বেৰিতা আৰু নির্ভয়তা তেওঁলোকৰ স্বভাৱ আছিল৷ সংঘর্ষৰ কর্তব্য যেতিয়াই আহি পৰে তেতিয়াই পূর্ণশক্তিৰে তেওঁলোকে তাক সমাধান কৰিছিল৷ কিন্তু তেওঁলোকে কেতিয়াও দ্বেষ অথবা শক্রতা পালন কৰোঁতাবিধৰ নহ’ল৷ উজ্জ্বল চৰিত্রসম্পনতা তেওঁলোকৰ জীৱনৰ পৰিচয় আছিল৷ সেইবাবেই তেওঁলোকৰ উপস্থিতি দুষ্ট লোকৰ বাবে ভয়ৰ আৰু সৎ লোকৰ বাবে আশ্বস্তৰ কাৰণ আছিল৷ আমি আজি সকলোৰে পৰা এনেধৰণৰ জীৱন ব্যৱহাৰ পৰিস্থিতিয়ে আশা কৰিছোঁ৷ পৰিস্থিতি অনুকূল হওক বা প্রতিকূল, ব্যক্তিগত তথা ৰাষ্ট্রীয় চৰিত্রৰ এনে দৃঢ়তাইহে মংগলময় আৰু সজ্জনতাৰ বিজয়ৰ বাবে শক্তিৰ আধাৰ হয়৷

দেশৰ ভৱিষ্যৎ

আজিৰ যুগটো মানৱ জাতিৰ দ্রুতগতিৰে ভৌতিক প্রগতিৰ প্রতি ধাৱমান হোৱাৰ যুগ৷ বিজ্ঞান আৰু প্রযুক্তিৰ সহায়ত জীৱন সুবিধাকে পৰিপূর্ণ কৰিছোঁ৷ কিন্তু আনপিনে আমাৰ নিজস্ব স্বার্থৰ বিবাদে আমাক বিনাশৰ দিশে ঠেলি দিছে৷ মধ্যপূর্বত ইজৰাইলৰ সৈতে হামাছৰ যুদ্ধই কিমানলৈ বিয়পিব এই চিন্তা সকলোৰে সন্মুখত উপস্থিত হৈছে৷ আমাৰ নিজৰ দেশতো পৰিস্থিতিয়ে আশা–আকাংক্ষাৰ লগতে প্রত্যাহ্বান আৰু সমস্যাও বিদ্যমান৷ কিয়নো আশা–আকাংক্ষা পূৰণক যি গতি দেশে গ্রহণ কৰিছে সি অব্যাহত থাকিব৷ এয়া সকলোৱেই অনুভৱ কৰিছে যে যোৱা বছৰবোৰত ভাৰতে এক ৰাষ্ট্র হিচাপে বিশ্বত শক্তিশালী আৰু প্রতিষ্ঠিত হৈছে৷ বিশ্বত ইয়াৰ সুনাম বাঢ়িছে৷ স্বাভাৱিকভাৱে কেইবাটাও ক্ষেত্রত আমাৰ পৰম্পৰা আৰু ভাবনাও অন্তর্নিহিত চিন্তা–ধাৰাৰ প্রতি সন্মান বাঢ়িছে৷ আমাৰ বিশ্ববন্বুূত্বৰ ভাবনা, পর্যাবৰণৰ প্রতি আমাৰ দৃষ্টিকোণৰ স্বীকৃতি, যোগ আদিকো বিশ্বই নিঃসংকোচে স্বীকাৰ কৰিছে৷

দেশবিৰোধীৰ কু-প্রয়াস

বিশ্বত ভাৰতে মুখ্যস্থান পালে, যিসকলৰ নিহিত স্বার্থ হানি হয়, এনে শক্তিসমূহে ভাৰতক এক মর্যাদাৰ ভিতৰতহে ৰাখিব খুজিছে৷ নিজেই নিজকে উদাৰ, গণতান্ত্রিক স্বভাৱৰ তথা বিশ্ব শান্তিৰ বাবে দায়বদ্ধ বুলি ক’ব খোজা দেশবোৰৰ এই দায়বদ্ধতা তেওঁলোকৰ সুৰক্ষা আৰু স্বার্থৰ প্রশ্ণ আহিলেই অন্তর্ধান হৈ যায়৷ তেতিয়া অইন দেশক আক্রমণ কৰাত অথবা গণতান্ত্রিক পদ্ধতিৰে নির্বাচিত তাৰ চৰকাৰক অবৈধভাৱে অথবা হিংসাত্মক উপায়ে সলনি কৰাত তেওঁলোকে পিছুৱাই নাহে৷ ভাৰতৰ ভিতৰত অথবা বাহিৰত বিশ্বত যিবোৰ ঘটনা ঘটি আছে সেইবোৰৰ প্রতি নজৰ দিলে সেই কথাবোৰ সকলোৱে বুজিব পাৰে৷ ভাৰতৰ ছবি মলিন কৰিবলৈ তীব্র প্রয়াস, অসত্য অথবা অর্ধসত্যক আধাৰত চলি থকা স্পষ্ট ৰূপত দেখা পোৱা যায়৷
অলপতে বাংলাদেশত যি হিংসাত্মক ক্ষমতা সলনি হ’ল তাৰ তাৎকালীন আৰু স্থানীয় কাৰণ সেই ঘটনাক্রমৰ এটা দিশ৷ কিন্তু সেই দেশৰ হিন্দু সমাজৰ ওপৰত অকাৰণত নৃশংস অত্যাচাৰৰ পৰম্পৰা পুনৰ আওৰোৱা হ’ল৷ সেই অত্যাচাৰৰ বিৰোধত তাৰ হিন্দু সমাজ এইবাৰ সংগঠিত হৈ নিজক ৰক্ষা কৰাৰ কাৰণে ঘৰৰ বাহিৰ ওলায় সেইবাবে কিছু ৰক্ষা পৰে৷ কিন্তু এই অত্যাচাৰী কট্টৰপন্থী স্বভাৱ যেতিয়ালৈকে তাত থাকিব তেতিয়ালৈকে তাৰ হিন্দুৰ সৈতে সকলো সংখ্যালঘু সম্প্রদায়ৰ মূৰৰ ওপৰত বিপদৰ তৰোৱাল ওলমি থাকিব৷ সেইবাবে সেই দেশৰ পৰা ভাৰতলৈ হোৱা অনুপ্রৱেশ আৰু তাৰ কাৰণে উৎপন্ন হোৱা জনসংখ্যাৰ অসন্তুলন দেশৰ সাধাৰণ জনতাৰ গম্ভীৰ বিষয় হৈ পৰিছে৷ দেশৰ আভ্যন্তৰীণ সদ্ভাব আৰু দেশক সুৰক্ষাৰ প্রতিও এই অনুপ্রৱেশ আৰু তাৰ কাৰণে প্রশ্ণচিহ্ণ লাগি পৰে৷ উদাৰতা, মানৱতা তথা সম্ভাৱনাৰ পক্ষে থকা সকলোৰে, বিশেষকৈ ভাৰত চৰকাৰ তথা সমগ্র বিশ্বব্যাপী একশ হিন্দুসকলৰ সহায় বাংলাদেশত সংখ্যালঘু হৈ পৰা হিন্দু সমাজক আৱশ্যক হ’ব৷ অসংগঠিত হৈ থকা অথবা দুর্বল হৈ থকাটো দুষ্টসকলক মায়া অত্যাচাৰক নিমন্ত্রণ দিয়াহে, এই শিক্ষাও বিশ্ব হিন্দু সমাজে গ্রহণ কৰিব লাগে৷ এতিয়া তাত ভাৰতৰ পৰা ৰক্ষা পাবৰ কাৰণে পাকিস্তানৰ লগত লগ লগাৰ কথা–বতৰা চলি আছে, এনে ধৰণৰ বিমর্ষ থিয় কৰাই অথবা স্থাপিত কৰি কোন দেশে ভাৰতৰ ওপৰত চাপ সৃষ্টি কৰিব খোজে ইয়াক কোৱাৰ আৱশ্যকতা নাই৷ ইয়াৰ উপায় প্রশাসনৰ বিষয়৷ কিন্তু সমাজৰ বাবে সর্বাধিক চিন্তাৰ বিষয় এইটোৱেই যে সমাজত বিদ্যমান ভদ্র অথবা সংস্কাৰক নষ্ট–ভ্রষ্ট কৰাৰ, বিবিধতাক পৃথকতালৈ সলনি কৰাৰ, সমস্যাৰ দ্বাৰা আক্রান্ত সফলৰ ব্যৱস্থাৰ স্মৃতি অশ্রদ্ধা উৎপন্ন কৰাৰ তথা অসন্তোষক অৰাজকতালৈ ৰূপান্তৰ কৰাৰ প্রয়াস বাঢ়িছে৷ ডিপ ষ্টেট, ৱাকিজিম, কালচাৰেল মার্ক্সচিষ্ট, এনেকুৱা শব্দ আজিকালি আলোচনা হয়৷ বাস্তৱিকতে সকলো সাংস্কৃতিক পৰম্পৰাই ঘোষিত শত্রু৷ ব্যৱস্থা, আইন, শাসন আদিৰ প্রতি অশ্রদ্ধা বা দ্বেষক উগ্র কৰি তুলি অৰাজকতা অথবা ভয়ৰ বাতাৱৰণ থিয় কৰোৱা হয়৷ এইবোৰৰ দ্বাৰা সেই দেশবোৰত আমাৰ বেয়া ছবি এখন স্থাপন কৰা সহজ হৈ উঠে৷ বহুদলীয় প্রজাতান্ত্রিক শাসন প্রণালীত ক্ষমতা লাভ কৰাৰ বাবে দলৰ মাজত প্রতিযোগিতা হয়৷ যদিহে সমাজত বিদ্যমান সৰু সৰু স্বার্থই, পৰম্পৰা সদ্ভাবনা অথবা ৰাষ্ট্রৰ একতা আৰু অখণ্ডতাতকৈ অধিক মহত্ত্বপূর্ণ হৈ পৰে অথবা দলসমূহৰ প্রতিযোগিতাত সমাজৰ সম্ভাৱনা আৰু ৰাষ্ট্রক গৌৰৱ আৰু একাত্মতা গৌণ পৰিগণিত হয়, তেতিয়া এনেকুৱা দলীয় ৰাজনীতিত এটা পক্ষক সহায়ক হৈ থিয় হৈ গণতান্ত্রিক ৰাজনীতিৰ নামত নিজৰ উদ্দেশ্যক কার্যসূচীক আগুৱাই লৈ যোৱা এওঁলোকৰ কার্যপদ্ধতি৷ পাশ্চাত্য জগতৰ প্রগত দেশসমূহত এই মন্ত্র বিপ্লৱক পৰিণাম স্বৰূপে জীৱনৰ স্থিৰতা শান্তি আৰু মাংগল্যক সংকটত পৰা প্রত্যক্ষ দেখা পোৱা যায়৷ তথাকথিত আৰব স্প্রিঙৰ পৰা আৰম্ভ কৰি বর্তমানলৈ চুবুৰীয়া বাংলাদেশত সংঘটিত ঘটনালৈকে এই পদ্ধতিকে কাম কৰা আমি দেখিছোঁ৷ ভাৰতৰ চাৰিওফালে, বিশেষকৈ সীমান্ত তথা জনজাতীয় জনসংখ্যা অধ্যুষিত প্রদেশসমূহত এনেধৰণৰ কুপ্রয়াস চলি থকা আমি দেখিছোঁহক৷ সাংস্কৃতিক একাত্মতা আৰু শ্রেষ্ঠ সভ্যতাৰ সুদৃঢ় আধাৰশিলাৰ ওপৰত আমাৰ ৰাষ্ট্র জীৱন থিয় হৈছে৷ আমাৰ সামাজিক জীৱন উদাত্ত জীৱন মূল্যৰে প্রেৰিত আৰু পোষিত৷ আমাৰ এনে ৰাষ্ট্র জীৱনৰ ক্ষতিসাধন কৰিব খোজা অথবা নষ্ট কৰিব খোজা উপৰিউক্ত কু–প্রয়াসবোৰক সময়ৰ পূর্বে বাধা দিয়া আৱশ্যক৷ তাৰ বাবে জাগ্রত সমাজে যত্ন কৰিব লাগিব, ইয়াৰ বাবে সাংস্কৃতিক জীৱন দর্শন তথা সংবিধানপ্রদত্ত পথেৰে লোকতান্ত্রিক পৰিকল্পনা বনাব লাগিব৷

সংস্কাৰ ক্ষয়িষ্ণুতাৰ অশুভ পৰিণাম

বিভিন্ন তন্ত্র তথা সংস্থাৰ দ্বাৰা কৰোৱা বিকৃত প্রচাৰ আৰু কু–সংস্কাৰে ভাৰতত, বিশেষকৈ নতুন প্রজন্মৰ মন, বচন, কর্মক বৰ বেয়াকৈ প্রভাৱিত কৰিব ধৰিছে৷ ডাঙৰৰ লগতে সৰু সৰু ল’ৰা–ছোৱালীৰ হাতলৈকো মোবাইল গৈ পাইছে, তাত কি দেখুৱায় আৰু ল’ৰা–ছোৱালীয়ে কি চাইছে, ইয়াৰ ওপৰত নিয়ন্ত্রণ নাই বুলিয়েই ক’ব লাগিব৷ সেইবোৰত কি দেখুৱায় উল্লেখ কৰাটোও সমীচীন নহ’ব৷ আমাৰ ঘৰ–পৰিবাৰত আমাৰ তথা সমাজত বিজ্ঞাপন তথা বিকৃত দৃশ্য–শ্রাব্য সামগ্রীৰ ওপৰত আইনৰ নিয়ন্ত্রণ ত্বৰিৎ আৱশ্যকতা অনুভৱ হয়৷ যুৱপ্রজন্মৰ ওপৰত বনজুইৰ দৰে বিয়পি পৰা নিচাযুক্ত দ্রব্যৰ অভ্যাসে সমাজক ভিতৰৰ পৰা ফোঁপোলা কৰি আছে৷ ভালৰ পিনে লৈ যোৱা সংস্কাৰ পুনর্জীৱিত কৰিব লাগিব৷ সংস্কাৰ অৱক্ষয়ৰ কাৰণেই এনেকুৱা পৰিণাম দেখিব লগা হৈছে যে মাতৃবৎ পৰদাৰেষু আচৰণ কৰা আমাৰ দেশত ধর্ষণৰ দৰে ঘটনাৰ আমাৰ মাতৃশক্তিয়ে কেইবাঠাহতো সন্মুখীন হ’বলগীয়া হৈছে৷ কলিকতাত আৰ জি কৰ হস্পিটালত সংঘটিত ঘটনাই সমগ্র সমাজক কলংকিত কৰা লজ্জাজনক ঘটনাবোৰৰ এটা৷ তাক গৰিহণা দিয়া তথা তাৎক্ষণিকভাৱে আৰু সংবেদনশীলভাৱে কার্যকৰী ব্যৱস্থাৰ দাবী উত্থাপন কৰি চিকিৎসক ভাইসকলৰ লগতে সমগ্র সমাজ অৱশ্যেই থিয় হৈছে৷ কিন্তু এনে জঘন্য পাপ ঘটনা ঘটাৰ পিছতো কিছু লোকৰ দ্বাৰা যেনেদৰে অপৰাধীক ৰক্ষা কৰাৰ ঘৃণনীয় প্রয়াস হৈছে এইবোৰ অপৰাধ, ৰাজনীতি তথা অপ–সংস্কৃতিৰ গোটবন্ধনে আমাক কেনেদৰে বেয়াৰ ফালে লৈ গৈ আছে তাকে সাব্যস্ত কৰে৷

শক্তিৰ মহত্ত্ব

আজি ভাৰতবর্ষত সকলোতে সংস্কাৰৰ অৱক্ষয় আৰু বিভেদকামী শক্তিয়ে সমাজখন থানবান কৰা খেলৰ পৰিস্থিতি দেখা পাহছোঁ৷ সমাজৰ সাধাৰণ মানুহখিনিক জাতি, ভাষা, প্রান্ত আদি সৰু সৰু বিশেষতাৰ আধাৰত ভাগ ভাগ কৰি সংঘাত সৃষ্টি কৰাৰ প্রয়াস চলিছে৷ সৰু স্বার্থ আৰু পৰিচয়ক আঁকোৱালি ধৰি সকলোকে গ্রাস কৰা সংকটক বহুত দেৰিলৈ সমাজে যাতে বুজি নাপায় এনে ব্যৱস্থা কৰি থকা হৈছে৷ ইয়াৰ ফলতেই আজি দেশৰ সীমাৰ ভিতৰতে পঞ্জাব, জম্মু–কাশ্মীৰ, লাডাখ সামুদ্রিক সীমাত থকা কেৰালা, তামিলনাডু তথা বিহাৰ পর্যন্ত মণিপুৰলৈ সমস্ত পূর্বাঞ্চল অস্থিৰ হৈ আছে৷ দেশত বিনা কাৰণে উগ্রপন্থীসকলক উচটনি দিয়া ঘটনাসমূহ হঠাৎ বৃদ্ধি হোৱা দেখা গৈছে৷ পৰিস্থিতি অথবা নীতিক লৈ মনত অসন্তুষ্টি উৎপন্ন হ’ব পাৰে, কিন্তু তাক ব্যক্ত কৰা আৰু তাক বিৰোধ কৰাৰ গণতান্ত্রিক উপায় আছে৷ সেইবোৰক অৱলম্বন নকৰি হিংসাৰ পথ অৱলম্বন কৰা, সমাজৰ দুই–এক বিশিষ্টবর্গৰ ওপৰত আক্রমণ কৰা, বিনাকাৰণে হিংসাৰ আশ্রয় লোৱা, ভয় উৎপন্ন কৰাৰ প্রয়াস কৰা, এইবিলাকতো গুণ্ডাগিৰি৷ ইয়াক উচটনি দিয়াৰ প্রয়াস হয় অথবা যোজনাবদ্ধ উপায়ে কৰা হয়, এনে আচৰণক পূজনীয় ডাঃ বাবা চাহেব আম্বেদকাৰদেৱে অৰাজকতাৰ ব্যাকৰণ (Grammar of Anarchy) বুলি কৈছে৷ সেই কাৰণে সমাজেও সততে সতর্ক আৰু সম্পূর্ণ সাজু থাকি তথা এই কুপ্রবৃত্তিবোৰক, তেওঁলোকক প্রশ্রয় দিওঁতাসকলক চিনি পোৱাৰ আৱশ্যকতা আহিছে৷

সমৰসতা আৰু সম্ভাৱনা

সমাজ সুস্থ আৰু সবল স্থিতিৰ প্রথম চর্তই হ’ল সামাজিক সমৰসতা তথা সমাজৰ বিভিন্ন কৰি পৰম্পৰ সদ্ভাব৷ কিছুমান সংকেতসূচক কার্যক্রম মাত্র কৰিলেই এই কাম সম্পন্ন নহয়৷ সমাজৰ সকলো বর্গ আৰু ঘুষতে ব্যক্তিক কুটুম্বক মিত্রতা হ’ব লাগিব৷ এই প্রচেষ্টা আমি আটায়ে ব্যক্তিগত তথা পাৰিবাৰিক স্তৰৰ পৰা কৰিব লাগিব৷ সার্বজনীন ব্যৱহাৰৰ ক্ষেত্রত অথবা শ্রদ্ধাস্থলীত যেনে– মন্দিৰ, পানী, শ্মশান আদিত সমাজৰ সকলো বর্গকে সহভাগী হোৱাৰ বাতাৱৰণৰ সৃষ্টি কৰিব লাগে৷

পর্যাবৰণ

চাৰিওফালৰ বাতাৱৰণত এক বিশ্বব্যাপী সমস্যা যাৰ অনুভৱ কিছু বছৰৰ পৰা আমাৰ দেশতো হ’ব ধৰিছে সেয়া হ’ল পর্যাবৰণৰ দুঃস্থিতি৷ ঋতুচক্র অনিয়মিত আৰু উগ্র হ’ব ধৰিছে৷ উপভোগবাদী তথা জড়বাদী আধৰুৱা বৈচাৰিক আধাৰত চলা মানৱৰ তথাকথিত বিকাশ মাত্রাই মানৱৰ লগতে সম্পূর্ণ সৃষ্টিৰ বিনাশ যাত্রা প্রায় হৈ গৈছে৷ আমাৰ ভাৰতবর্ষৰ পৰম্পৰাৰ পৰা প্রাপ্ত সম্পূর্ণ, সমগ্র আৰু একাত্ম দৃষ্টিৰ আধাৰত আমি আমাৰ বিকাশৰ পথ বনাব লাগিছিল, কিন্তু আমি তেনেকুৱা নকৰিলোঁ৷ বিকাশৰ অজুহাতত বিনাশৰ পিনে লৈ যোৱা আধৰুৱা বিকাশ পথৰ অন্ধানুকৰণৰ পৰিণাম আমিও ভুগিব ধৰিছোঁ৷

সংস্কাৰ জাগৰণ

যিমান দূৰলৈ সংস্কাৰৰ অৱক্ষয়ক প্রশ্ণ আছে, তিনি স্থানৰ পৰা– য’ৰ পৰা সংস্কাৰ পোৱা যায়, সংস্কাৰ প্রদানক ব্যৱস্থাক পুনঃস্থাপিত আৰু সমর্থ, সক্ষম কৰিব লাগিব৷ শিক্ষা পদ্ধতিয়ে পেট ভৰোৱা শিক্ষা দিয়াৰ উপৰি ছাত্রসকলক ব্যক্তিত্ব বিকাশৰ কামো কৰে৷ আমাৰ দেশৰ সাংস্কৃতিক প্রমূলক সংক্ষেপতে প্রকাশ কৰা এক সুভাষিত আছে৷
মাতৃবৎ পৰদাৰেষু পৰদ্রব্যেষু লোস্টব্য৷
আত্মব্যৎ সর্ব ভূতেষু যঃ পশ্যতি সঃপণ্ডিত৷৷
সামাজিক সংবাদ মাধ্যম (Social media)ৰ ব্যৱহাৰ কৰোঁতা সকলো সজ্জনকে মাধ্যমৰ ব্যৱহাৰ সমাজক একগোট কথাৰ বাবেহে, ভাগ ভাগ কৰিবৰ বাবে নহয়, সুসংস্কৃত কৰিবৰ বাবেহে, অপসংস্কৃতি বিয়পাবৰ বাবে নহয়৷ এই কথাবোৰত সাৱধানতা অৱলম্বন কৰিব লাগিব৷

নাগৰিক অনুশাসন

সংস্কাৰৰ অভিব্যক্তিৰ দ্বিতীয় দিশটো হ’ল আমাৰ সামাজিক ব্যৱহাৰ৷ সমাজত আমি একেলগে থাকোঁ৷ লগতে সুখেৰে থাকিব পাৰোঁ তাৰ বাবে কিছু নিয়ম থাকে৷ দেশ, কাল পৰিস্থিতি অনুসাৰে তাত পৰিৱর্তনো হৈ থাকে৷ কিন্তু আমি সুখেৰে একেলগে থাকিব পাৰোঁ সেই কাৰণে সেই নিয়মবোৰ শ্রদ্ধাপূর্বক পালন কৰাৰ অনিবার্যতা থাকে৷ একেলগে থাকোঁ যিহেতু পৰম্পৰৰ প্রতি ব্যৱহাৰৰ কিছু কর্তব্য আৰু অনুশাসন হৈ পৰে৷ আইন আৰু সংবিধানো এনেকুৱাই এক সামাজিক অনুশাসন৷ সমাজত সকলোৱেই সুখেৰে, একগোট হৈ, উন্নতি কৰি থাকি, বিচ্ছুৰিত নহওক, তাৰবাবেই ৰচিত হোৱা নিয়ম৷ আমি ভাৰতৰ মানুহে নিজেই নিজকে এই সংবিধানৰ সৈতে দায়বদ্ধ হৈছোঁ৷ সংবিধানৰ প্রস্তাৱনাৰ এই বাক্যৰ ভাববোৰৰ প্রতি ধ্যান ৰাখি সংবিধানপ্রদত্ত কর্তব্য আৰু আইনৰ উপযুক্তভাৱে পালন আমি সকলোৱে কৰিব লাগে৷

মন–বচন–কর্মৰ বিবেক

ৰাষ্ট্রীয় চাৰিত্র্য ব্যৱহাৰৰ আৰু এক মহত্ত্বপূর্ণ দিশ আছে, কোনো প্রকাৰৰ অতিশয়বাদিতা তথা অবৈধ পদ্ধতিৰ পৰা নিজকে আঁতৰত ৰাখিব লাগে৷ আমাৰ দেশ বিবিধাৰে ভৰা দেশ৷ যাক আমি প্রভেদ বুলি নামানো আৰু মানিবও নালাগে৷ আমাৰ বিবিধতাসমূহ সৃষ্টিৰ স্বাভাবিক বিশিষ্টতা৷ ইমান প্রাচীন ইতিহাসসমৃদ্ধ, বিস্তীর্ণ ক্ষেত্রফল থকা তথা বিশাল জনসংখ্যাৰ দেশ এখনত বিশিষ্টতা স্বাভাৱিক৷ নিজৰ নিজৰ বিশিষ্টতাৰ গৌৰৱ তথা তাৰ প্রতি নিজৰ নিজৰ সংবেদনশীলতাও স্বাভাৱিক৷ এই বিবিধতা হেতুকে সমাজ জীৱনত অথবা দেশ পৰিচালনাত হ’ব পৰা সকলো কথাই সদায়েই সকলোৰে অনুকূল অথবা সকলোকে সন্তুষ্ট কৰিব পৰা ধৰণৰ হ’ব, এনে নহয়৷ এই সকলো কথা কোনো এক সমাজৰ দ্বাৰা হয়, এনে নহয়৷ ইয়াৰ প্রতিক্রিয়া স্বৰূপে আইন আৰু ব্যৱস্থাক দলিয়াই পেলাই অবৈধভাৱে আৰু হিংসাত্মক পথেৰে উপদ্রৱ থিয় কৰোৱা, সমাজৰ কোনো এক সম্পূর্ণ বর্গটোকে দায়ী কৰা, মন–বচন আৰু কর্মেৰে মর্যাদা উলংঘন কৰি চলা, এইটো দেশৰ কাৰো বাবেই হিতকাৰী নহয়৷

সংহত শক্তি তথা বিশুদ্ধ, চৰিত্র শান্তি আৰু উন্নতিৰ আধাৰ

আধুনিক জগতৰ যেনে ৰীতি, সত্যৰ নিজৰ মূল্যক জগতে স্বীকাৰ কৰে৷ জগতে শক্তিক স্বীকাৰ কৰে৷ ভাৰতবর্ষ ডাঙৰ হ’লে জগতত আন্তঃৰাষ্ট্রীয় ব্যৱহাৰত সম্ভাৱনা আৰু সন্তুলন উৎপন্ন হৈ শান্তি আৰু বন্বুূত্বৰ দিশে বিশ্ব আগবাঢ়িব, এই কথাটো বিশ্বৰ সকলো দেশেই জানে৷ তথাপি নিজক সংকুচিত স্বার্থ, অহংকাৰ আৰু দ্বেষৰ কাৰণে ভাৰতবর্ষক এক সীমাত বান্ধি ৰখাৰ শক্তিশালী দেশবোৰৰ চেষ্টাক আমি সকলোৱেই অনুভৱ কৰিছোঁ৷ ভাৰতবর্ষৰ শক্তি যিমানেই বাঢ়িব সিমানেই ভাৰতবর্ষৰ স্বীকার্যতা থাকিব৷
‘বলহীনক কোনেও নোসোধে, বলৱানক বিশ্বই পূজে’ এয়া আজিৰ জগতৰ ৰীতি৷ সেই কাৰণে উপৰিউক্ত সদ্ভাব আৰু সংযমপূর্ণ বাতাৱৰণ স্থাপন কৰিবলৈ সজ্জনসকল শক্তিসম্পন্ন হ’বই লাগিব৷ শক্তি যেতিয়া চৰিত্রসম্পন্ন হৈ আহে তেতিয়া ই শান্তিৰ আধাৰ গঢ়ে৷ দুর্জন স্বার্থৰ বাবে একগোট হৈ থাকে আৰু সজাগ হৈ থাকে৷ তেওঁলোকক নিয়ন্ত্রণ শক্তিমন্তইহে কৰিব পাৰে৷ সজ্জনে সকলোৰে প্রতি সদ্ভাব পোষণ কৰে, কিন্তু একগোট হৈ থাকিব নাজানে৷ সেইবাবে দেখাত দুর্বল যেন লাগে৷ তেওঁলোকে এই সংগঠিত সামর্থ্য নির্মাণৰ কলা শিকিব লাগিব৷ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ হিন্দু সমাজৰ এই চৰিত্র সম্পন্ন শক্তি সাধনাৰ নাম৷ সদ্ব্যৱহাৰৰ পাঠ কিছু বিন্দুলৈ সমাজত সজ্জনসকলক একগোট কথাৰ বিবেচনা সংঘৰ স্বয়ংসেৱকে কৰি আছে৷ ভাৰতবর্ষ বাঢ়িবলৈ দিব নিবিচৰাসকলে নিজৰ স্বার্থৰ বাবে এনেকুৱা ভাৰতবিৰোধীসকল সংগ দিয়া তথা স্বভাৱগতভাৱে যিয়ে বৈৰিতা আৰু দ্বেষ আচৰণতেই আনন্দ লাভ কৰে, এনে শক্তিবোৰৰ পৰা সুৰক্ষিত হৈ থাকি দেশক আগুৱাই নিব লাগিব৷ সেইবাবে চৰিত্রসম্পন্ন ব্যৱহাৰৰ লগতে শক্তি সাধনাও মহত্ত্বপূর্ণ৷ সেইবাবে সংঘৰ প্রার্থনাত কোনেও পৰাস্ত কৰিব নোৱাৰে এনে শক্তি আৰু বিশ্ব বিনম্র হ’ব এনেকুৱা চৰিত্র ভগৱানক খুজিছে৷ বিশ্বৰ, মানৱতাৰ কল্যাণৰ কোনো কাম অনুকূল পৰিস্থিতিতো এই দুটা গুণৰ অবিহনে সম্পন্ন নহয়৷ ন দিন দিন–ৰাতি জাগৰণ কৰি সকলো দেৱতাই নিজৰ নিজৰ শক্তিক একত্র সংগঠিত কৰিলে তেতিয়া সেই চৰিত্রসম্পন্ন সংহত শক্তিৰ পৰা বিশ্ময়ী জগদম্বা জাগি উঠিল, দুষ্টক দমন কৰিলে, সজ্জনে পৰিত্রাণ পালে, বিশ্বৰ কল্যাণ হ’ল৷ এই বিশ্ব মংগল সাধনাত মৌন পূজাৰী হৈ সংঘ ব্রতী হৈছে৷ আমাক আটাইকে এই সাধনাই আমাৰ পৱিত্র মাতৃভূমিক পৰমবৈভৱ সম্পন্ন কৰি তোলাৰ শক্তি আৰু সফলতা প্রদান কৰিব৷ এই সাধনাৰ দ্বাৰাই বিশ্বৰ সকলো ৰাষ্ট্রই নিজৰ নিজৰ উৎকর্ষ সাধন কৰি নতুন, সুখ–শান্তি আৰু সদ্ভাবনাযুক্ত বিশ্ব গঢ়াত নিজৰ যোগদান প্রদান কৰিব৷ সেই সাধনাত আপোনালোক আটাইকে সাদৰ নিমন্ত্রণ জনাইছোঁ৷

হিন্দু ভূমিকা কন কন হো অব, শক্তিকা অবতাৰ উঠে,
জল থল সে অম্বৰ সে ফিৰ হিন্দু কী জয়জয়কাৰ উঠে
জগজননী কা জয় জয়কাৰ উঠে
‘ভাৰত মাতা কী জয়’

বিজয়া দশমী উপলক্ষে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালকৰ ভাষণৰ সম্পাদিত অংশ

You might also like