ধুবুৰী-গোৱালপাৰাৰ কংগ্ৰেছীৰে চামগুৰিত ৰকিবুল হুছেইনৰ গুণ্ডাগিৰি
📌 চামগুৰিত কংগ্ৰেছ-বিজেপি কৰ্মীৰ তীব্ৰ সংঘাত
📌 ভয়-ভাবুকিৰ ৰাজনীতি কংগ্ৰেছৰ পুৰণি নীতিঃ জিতু গোস্বামী
📌 চামগুৰিৰ ৰেলীত ৭০ শতাংশ লোক বাহিৰৰ পৰা অনাঃ দীপ্লৰঞ্জন শৰ্মা
নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ চামগুৰি সমষ্টিত আজি পুৱাৰ ভাগতে প্ৰাক নিৰ্বাচনী হিংসাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ চামগুৰি সমষ্টিত আজি কংগ্ৰেছৰ এক ৰেলী কাৰ্যসূচী আছিল৷ উক্ত ৰেলীত ৰূপহীহাটৰ বৰতলত বিজেপিৰ নেতা কৰ্মীসকলক কংগ্ৰেছ কৰ্মীয়ে বিভিন্ন গালি গালাজ পৰাৰ লগতে বিজেপিৰ বিৰুদ্ধে নানা শ্ল’গান দিয়াত উত্তেজিত হৈ পৰে বিজেপিৰ নেতা-কৰ্মীসকল৷ ফলত দুয়ো পক্ষৰ মাজত হতাহতি আৰু ৰেলীত যোৱা গাড়ীত আক্ৰমন কৰে৷ বিজেপি কৰ্মীৰ আক্ৰমনত কংগ্ৰেছৰ ৰেলীত যোৱা কেবাখনো গাড়ী ভাঙি-ছিঙি লণ্ড ভণ্ড কৰে৷ দুয়ো পক্ষৰ আক্ৰমনৰ ফলত কেবাজনো বিজেপি আৰু কংগ্ৰেছ কৰ্মী আহত হয়৷ আহত সকলক চিকিৎসালত ভৰ্তি কৰোৱা হৈছে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও এতিয়ালৈকে চামগুৰিত চেপা উত্তেজনা অব্যাহত আছে ৷ এই ঘটনাৰ খবৰ পাই লগে লগে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী আৰু দীপ্লু ৰঞ্জন শৰ্মা উপস্থিত হৈ আহত বিজেপি নেতা-কৰ্মীসকলৰ খবৰ লৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ বিধায়কজনে সংবাদ মাধ্যমৰ আগত কয় যে এয়া হৈছে কংগ্ৰেছৰ পুৰণি নীতি ৷ চামগুৰিত কংগ্ৰেছীসকলে বিভিন্ন ভয় ভাবুকিৰে ইমানদিনে ৰাজত্ব কৰি আহিছিল এতিয়া আৰু নোৱাৰে ৷ চামগুৰিত একপ্ৰকাৰ কংগ্ৰেছ শূণ্য হৈ পৰাৰ কাৰনে ৰূপহীহাটৰ পৰা মানুহ নিছে কংগ্ৰেছীৰ ৰেলীত৷ চামগুৰিত ৰকিবুল হুছেইনৰ ভৰিৰ তলৰ মাটি নাইকিয়া হৈ গৈছে৷ সেইকাৰনে ভাৰাতীয়া মানুহক দি প্ৰচাৰ চলাইছে৷ আনপিনে চামগুৰি সমষ্টিৰ বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় য়ে ৰকিবুল হুছেইনে ধুবুৰী গোৱালপাৰা লাহৰীঘাট হোজাই আৰু ৰূপহীহাটৰ পৰা কংগ্ৰেছী গুণ্ডাবাহিনী লৈ চামগুৰিৰ বিজেপি কৰ্মীক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে। অসমৰ ভিতৰত আটাইতকৈ হতাশগ্ৰস্ত হৈ আছে ৰকিবুল হুছেইন। ৰকিবুল হুছেইনে তেওঁৰ পুত্ৰক চামগুৰিৰ ৰাজপুত্ৰ বনাব বিচাৰিছে৷ ৰকিবুল হুছেইনৰ ভেটি নাইকিয়া হৈছে চামগুৰিত সেয়ে ৭০ শতাংশ লোক বাহিৰৰ পৰা আনি ৰেলি কৰিব আহিছে। কংগ্ৰেছী লোকে বিজেপিৰ লোকৰ ঘৰত শিলগুটি নিক্ষেপ কৰিছে।ধুবুৰীৰ কংগ্ৰেছী গুণ্ডাই বিজেপিৰ বেনাৰ পোষ্টাৰ দেখি ফালিব লওঁতেই সংঘাতৰ সৃষ্টি হয় বুলি অভিযোগ উত্থাপিত কৰিছে বেজেপি প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মাৰ। ২০০১ চনৰ পৰাই চামগুৰিত ৰকিবুল হুছেইনে গুণ্ডাৰাজ চলাই আহিছে কংগ্ৰেছত ভোট নিদিয়া লোকৰ ঘৰৰ টিনপাত লৈ যোৱাৰ ৰকিবুল হুছেইন এতিয়া হতাশাত ভুগিছে বুলি উল্লেখ কৰে দীপ্লু ৰঞ্জন শৰ্মাই।
প্ৰেৰক জহিৰুল ইছলাম