দক্ষিণ শালমাৰাৰ ভাৰত-বাংলা সীমান্তত ১৪টা চোৰাং গৰু জব্দ
নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত ভেজাৰচৰৰ ভাৰত বাংলাদেশ সীমান্তৰ পৰা ১৪টাকৈ চোৰাং গৰু জব্দ কৰা হৈছে। লক্ষ্যণীয় যে সুখচৰ থানাৰ আৰক্ষী আৰু চালাপাৰা ৪৯নং বি এন, বি এছ এফে যৌথ অভিযান চলাই বাংলাদেশলৈ নিব ধৰা ১৪টা চোৰাং গৰু আজি সন্ধিয়া জব্দ কৰে। অৱশ্যে চোৰাং গৰু সৰবৰাহকাৰীৰ দলটোৱে আৰক্ষী আৰু বি এছ এফৰ অভিযানৰ উমান পাই এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। উল্লেখযোগ্য যে কালিও খাৰুৱাবান্ধা আৰক্ষী চকীৰ আৰক্ষীয়ে ভাৰত বাংলাদেশ সীমান্তৱৰ্তী বৰেৰ আলগা সীমান্তৰ পৰা ৬টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হৈছিল।
প্ৰেৰক ফাৰহাদ আহমেদ