নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপত কোনোধৰণৰ প্রার্থিত্বকেন্দ্রিক বিসম্বাদ নাই : অতুল বৰা

📌ফণীভূষণ চৌধুৰীৰ মন্তব্য– দীপ্তিময় চৌধুৰীক প্রার্থিত্ব প্রদানৰ বাবে দলক আহ্বান জনোৱা নাই
📌উপ-নির্বাচনক লৈ উৎসাহ নাই কংগ্রেছত : ভৱেশ কলিতা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ অক্টোবৰঃ উপ–নির্বাচনক কেন্দ্র কৰি বঙাইগাঁও অগপত চলি থকা প্রার্থিত্বকেন্দ্রিক সংঘাতে আঞ্চলিক দলটোৰ নেতৃত্বক নির্বাচনৰ প্রাক্ক্ষণত যথেষ্ট অস্বস্তিত পেলাইছে৷ পত্নী দীপ্তিময় চৌধুৰীক উপ–নির্বাচনত সমষ্টিটোৰ বাবে প্রক্ষেপ কৰাৰ বাবে সাংসদ ফণীভূষণ চৌধুৰীয়ে আৰম্ভ কৰা তৎপৰতাৰ বিৰুদ্ধাচৰণ কৰি ইতিমধ্যে মুকলি সংঘাতত নামি পৰিছে বঙাইগাঁও জিলা সম্পাদক শৈলেন সৰকাৰ৷ বঙাইগাঁৱৰ প্রার্থিত্বক লৈ চলা এনে সংঘাতৰ মাজতে আজি অগপ সভাপতি অতুল বৰাৰ ঘোষণা– বঙাইগাঁৱত অগপৰ প্রার্থীৰ জয় নিশ্চিত৷ অগপত এতিয়া কোনোধৰণৰ প্রার্থিত্বকেন্দ্রিক সংঘাত নাই৷ অগপ সভাপতি অতুল বৰাই আজি এই সন্দর্ভত কয় যে বঙাইগাঁও সমষ্টি অগপৰ দুর্গস্বৰূপ৷ গতিকে এই সমষ্টিটোত অগপৰ জয় সুনিশ্চিত৷ বঙাইগাঁও সমষ্টিৰ লগতে চিদলী, চামগুৰি, ধলাই আৰু বিহালী সমষ্টিত মিত্রদলৰ প্রার্থী যাতে জয়ী হয় তাৰ বাবে অগপই ঐক্যবদ্ধভাৱে সকলোখিনি কৰি যাব৷ আনহাতে বঙাইগাঁও সমষ্টিত চলা সংঘাত সন্দর্ভত মন্ত্রী অতুল বৰাই কয় যে প্রার্থিত্বক লৈ সকলো দলতে কিছু অসন্তুষ্টি থাকেই৷ প্রার্থিত্ব নোপোৱাসকলে অসন্তুষ্ট হোৱাটো স্বাভাৱিক৷ কিন্তু দলত কোনোধৰণৰ বিসম্বাদ নাই আৰু সমষ্টিটোত অগপৰ প্রার্থী বিপুল ভোটত জয়যুক্ত হোৱাটো নিশ্চিত৷ বঙাইগাঁও সমষ্টিৰ প্রার্থিত্বৰ বাবে এতিয়াও দলে কোনো সিদ্ধান্ত গ্রহণ কৰা নাই৷ অচিৰেই দলে এই সন্দর্ভত আলোচনাৰ জৰিয়তে প্রার্থিত্ব চূড়ান্ত কৰিব৷ চামগুৰি সমষ্টি সন্দর্ভতো অগপ সভাপতিজনে কয় যে সমষ্টিটোত বিজেপি প্রার্থী জয়ী হোৱাৰ যথেষ্ট সম্ভাৱনা আছে৷ আনহাতে উপ নির্বাচনৰ প্রার্থিত্ব সন্দর্ভত আজি পুনৰবাৰ মুখ খুলিলে সাংসদ ফণীভূষণ চৌধুৰীয়ে৷ বৰপেটা সমষ্টিৰ সাংসদগৰাকীৰ মন্তব্য– দীপ্তিময় চৌধুৰীৰ প্রার্থিত্বৰ বাবে মই কাকো আহ্বান জনোৱা নাই৷ কাক প্রার্থিত্ব দিব সেয়া নির্ধাৰণ কৰিব দলৰ শীর্ষ নেতৃত্বই৷ উল্লেখ্য যে প্রার্থিত্বকেন্দ্রিক সংঘাতৰ বাবে অগপৰ প্রতিষ্ঠা দিৱসত জিলা সভাপতি আৰু সম্পাদকে কেন্দ্রীয়ভাৱে অনুষ্ঠিত কৰা প্রতিষ্ঠা দিৱসৰ কার্যসূচীৰ পৰা আঁতৰি আছিল৷ এই সন্দর্ভতো ফণীভূষণ চৌধুৰীয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে দলৰ কেন্দ্রীয় নেতৃত্বৰ নির্দেশমর্মে প্রতিষ্ঠা দিৱস পালন কৰা হৈছে৷ কোনোবাই যদি এই অনুষ্ঠানত উপস্থিত নাই, সেয়া তেওঁৰ নিজা কথা৷ ইফালে উপ–নির্বাচনক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মন্তব্য– উপ–নির্বাচনক লৈ আমি সম্পূর্ণৰূপে প্রস্তুত৷ বিজেপি আৰু মিত্রদলে উপ–নির্বাচনৰ দিন ঘোষণাৰ বাবে অপেক্ষা কৰি আছিল৷ নির্বাচনৰ দিন ঘোষণাৰ পাছত এতিয়া আমি সমষ্টিয়ে সমষ্টিয়ে চৰকাৰৰ উন্নয়নৰ বতৰা লৈ যাম৷ বিজেপিৰ লগতে মিত্রদলৰ প্রার্থীয়েও এই নির্বাচনত জয়যুক্ত হোৱাটো নিশ্চিত৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সপক্ষে এইবাৰো ৰাইজে বিজেপিক ভোট দিব৷ আনহাতে বিৰোধী কংগ্রেছক কটাক্ষ কৰি ভৱেশ কলিতাই কয় যে ২০১৪, ২০১৯ আৰু ২০২৪ৰ তিনিটাকৈ লোকসভা নির্বাচনত ১০০খন আসন দখল কৰিবলৈ সক্ষম নহ’ল৷ এনেস্থলত উপ–নির্বাচনক লৈ কংগ্রেছত কোনো উৎসাহ নাই৷ নিৰাশাৰ এক ছবি লৈ এইবাৰো আগবাঢ়িব বিচাৰিছে৷ নিৰাশাক প্রত্যাশালৈ নিয়াৰ বাবে চেষ্টা চলাইছে যদিও তেওঁলোক ব্যর্থ৷ এই নিৰাশাক লৈয়ে তেওঁলোক হতাশ৷ এইবাৰ বিজেপিয়ে চামগুৰি সমষ্টিও দখল কৰিবলৈ সক্ষম হ’ব৷

You might also like