🔹 ধন-ধান-সমৃদ্ধি কামনাৰে ভক্তই লক্ষ্মী দেৱীক আগবঢ়াব পূজা–অর্চনা
বিশেষ বাৰ্তা, ১৬ অক্টোবৰ : আজি ধন আৰু সৌভাগ্যৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মীপূজা৷ ধন–ধান–সমৃদ্ধি আৰু সৌভাগ্যৰ কামনাৰে ভক্তসকলে লক্ষ্মী দেৱীক আজি পূজা–অর্চনা আগবঢ়াব৷ পঞ্জিকা অনুসৰি আজি নিশা ৮.৪০ বজাৰ পৰা লক্ষ্মী পূর্ণিমা তিথি আৰম্ভ হ’ব৷ আনহাতে, ১৭ অক্টোবৰৰ বিয়লি ৪.৫৫ বজাত লক্ষ্মী পূর্ণিমা তিথি সমাপ্ত হ’ব৷ পূর্ণিমাৰ চন্দ্র সন্ধিয়া ৫.০৫ বজাত উদিত হ’ব বুলি পঞ্জিকাত উল্লেখ কৰা হৈছে৷ উল্লেখ্য যে হিন্দু ধর্মত লক্ষ্মীপূজাৰ মহত্ত্ব অধিক৷ প্রবাদ অনুসৰি লক্ষ্মীপূজাৰ দিনটোত দেৱীৰ ওচৰত ভোগ–প্রসাদসহ প্রার্থনা কৰিলে জীৱনলৈ সমৃদ্ধি নামি আহে৷ প্রতিবছৰৰ দৰে এইবাৰো ৰাজ্যৰ প্রান্তে প্রান্তে লক্ষ্মীপূজাৰ আয়োজন কৰা হৈছে৷ ৰাজ্যৰ আন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বজাৰসমূহ লক্ষ্মীদেৱীৰ মূর্তিৰে ভৰি পৰিছে৷ সৰু–বৰ মূর্তিৰ লগতে কলপুলি, দূবৰি, ধানৰ থোক, ফুল আদিৰে বজাৰ উপচি পৰিছে৷