নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ড০ চন্দনা শৰ্মালৈ ‘সাহিত্য ভূষণ’ সন্মান 

🔹 আন্তঃৰাষ্ট্ৰীয় হিন্দী সমিতি, ভাৰত-এ আগবঢ়ায় এই সন্মান

বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ হংসৰাজ কলেজৰ সভাকক্ষত আন্তঃৰাষ্ট্ৰীয় হিন্দী সমিতি, ভাৰতৰ তৰফৰ পৰা ‘সাহিত্য ভূষণ’ সন্মান আগবঢ়োৱা হয় প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ অধ্যাপিকা ড⁰ চন্দনা শৰ্মাক। প্ৰসিদ্ধ ৰাষ্ট্ৰবাদী সাহিত্যিক কোঁৱৰ চন্দ্ৰপ্ৰকাশ সিংহৰ স্মৃতি দিৱসৰ স’তে সংগতি ৰাখি হংসৰাজ কলেজত ১৪ অক্টোবৰত অনুষ্ঠিত হৈ যোৱা আলোচনা-চক্ৰত ভাষণ আগবঢ়োৱা ড০ চন্দনা শৰ্মাক কোঁৱৰ চন্দ্ৰপ্ৰকাশ সিংহৰ স্মৃতিত ‘সাহিত্য ভূষণ’ সন্মানেৰে সন্মানিত কৰা হয়। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে আসন অলংকৃত কৰে বিজেপি সাংসদ তথা খ্যাতিমান বক্তা সুধাংশু ত্ৰিবেদীয়ে।

You might also like