নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ আশীৰ্বাদেই আমাৰ সম্পদ, এই সম্পদ লৈয়েই আমি জয়লাভ কৰিম

🔹 বিহালী বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : ‘ৰাইজৰ আশীৰ্বাদেই আমাৰ সম্পদ, এই সম্পদ লৈয়েই আমি জয়লাভ কৰিম। উপ-নিৰ্বাচনত বিহালী সমষ্টিত আমি ভাল ভোটত জয়লাভ কৰিম।’- এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। আজি বিহালীত সাংবাদিকৰ আগত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে তৎপৰ হৈ পৰিছে শাসকীয় দল বিজেপি। উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া বিহালী বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে মই এইকেইদিন বিহালী সমষ্টিত ঘূৰি আছোঁ, ৰাইজৰ মাজত খুব উৎসাহ দেখিবলৈ পাইছোঁ, এতিয়ালৈকে মই যিখিনি দেখিছোঁ, উপ-নিৰ্বাচনত বিহালী সমষ্টিত আমি ভাল ভোটত জয়লাভ কৰিম। বিজেপিৰ বিহালীতো যোৰহাটৰ দৰে অৱস্থা হ’ব বুলি বিৰোধীয়ে কৰা মন্তব্য সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয় যে গোটেই অসমত তেওঁলোকে জিকিছিল মাত্ৰ তিনিটা সমষ্টিত। আমি জিকিছিলোঁ ১১টা সমষ্টিত, এই কথা তেওঁলোকে কিয় পাহৰি যায়, সেয়া মই নাজানো। ১৪টা সমষ্টিৰ ১১টাত আমি জিকিছিলোঁ, তেওঁলোকে জিকিছিল মাত্ৰ ৩টা সমষ্টিত। হাৰিয়ানাৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক কটাক্ষ কৰে। কেইদিনমান আগতে হাৰিয়ানাত জিকিলোঁ বুলি তেওঁলোকে উৎপাত কৰা নাছিল জানো, খানা ৰেডী কৰা নাছিল জানো বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে। ৰাজস্থানৰ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ দিনাখনো কংগ্ৰেছে ৰাজীৱ ভৱনত খানাৰ আয়োজন কৰিছিল, পিছত তেওঁলোকৰ খানা খাবলৈ কোনো নাথাকিল বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে কংগ্ৰেছে ডাঙৰ কথা কয়, আমি ডাঙৰ কথা নকওঁ, আমি জিকিম। আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, ৰাইজক সহায় কৰিবলৈ যিমান পাৰে ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যত্ন কৰিছে। গতিকে ৰাইজৰ আশীৰ্বাদেই আমাৰ সম্পদ, এই সম্পদ লৈয়েই আমি জয়লাভ কৰিম।

যোৰহাট লোকসভা সমষ্টিৰ ফলাফলক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচনত ক’ৰবাত নহয় ক’ৰবাত হৰা-জিকা থাকেই। নিজৰ সমষ্টি জাগীৰোডৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মোৰ সমষ্টিত মাত্ৰ মই এদিনহে প্ৰচাৰ চলাবলৈ গৈছিলোঁ, এদিন কেম্পেইন কৰাৰ পিছতো জাগীৰোডত বিজেপিয়ে ৭৭ হাজাৰ ভোটৰ ব্যৱধানত আগবাঢ়ি আছিল। গতিকে ক’ৰবাত ভাল হয়, ক’ৰবাত বেয়া হয়। ভাল-বেয়া থাকিবই, কিন্তু বিহালীত এইবাৰ ভাল হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এইবাৰ উপ-নিৰ্বাচনত বিজেপিৰ ৰণকৌশল কি হ’ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ কোনো ৰণকৌশল নাই। মানুহৰ লগত থকাটোৱেই আমাৰ ৰণকৌশল। মানুহৰ আশীৰ্বাদ বিচৰাটোৱেই আমাৰ ৰণকৌশল। চামগুৰিৰ শেহতীয়া ঘটনাৱলী সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে কংগ্ৰেছ দলে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰেই, এয়া নতুন কথা নহয়। চামগুৰিত প্ৰত্যেকটো নিৰ্বাচনতে কংগ্ৰেছে বেয়া পৰিস্থিতিৰ সৃষ্টি কৰে। ৰকিবুল হুছেইনৰ সমষ্টিত নিৰ্বাচন আহিলে মাৰপিট হয়েই। ২০১৬ চনত হিমন্ত বিশ্ব শৰ্মাৰ গাড়ীত আক্ৰমণ কৰিছিল। আক্ৰমণ তেওঁলোকেই কৰে। এইবাৰ সমষ্টিটোত বিজেপিৰ মানুহ হৈছে কাৰণে তেওঁলোকৰ মাথা গৰম হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। চামগুৰিৰ নিচিনা পৰিৱেশ বেলেগ সমষ্টিত যাতে নহয়, তাৰ বাবে মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজক সতৰ্ক হ’বলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে চামগুৰিৰ লগতে ফলাফল সকলোতে ভাল হ’ব বুলি দৃঢ়তাৰে মন্তব্য কৰে। ইপিনে, মন্ত্ৰীগৰাকীয়ে আজি বিহালী সমষ্টিৰ ৰাংছালী আদৰ্শ গাঁৱৰ পুথিভঁৰালত আৰ্থ-সামাজিক উন্নয়ন পৰিষদৰ উদ্যোগত অনুষ্ঠিত এখন মত বিনিময় সভা সম্বোধন কৰে। সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত চলি থকা উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা, স্বচ্ছভাৱে চলা নিযুক্তি প্ৰক্ৰিয়া, চাৰিওদিশে চলা উন্নয়নৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে আগন্তুক উপ-নিৰ্বাচনত ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত বিজেপি দলক ভোট দিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে সভাত অঞ্চলবাসীয়ে সন্মুখীন হৈ থকা খহনীয়া সমস্যা সমাধানৰ কাম আগন্তুক জানুৱাৰী মাহত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। উক্ত সভাত সাংসদ ৰঞ্জিত দত্ত, বিধায়ক উৎপল বৰা, জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰ, উপ-সভাপতি নোমল বৰাৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি, স্থানীয় লোক উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে আজি গৌজনপুৰত ব্ৰহ্ম মন্দিৰ প্ৰাংগণতো উপস্থিত হয়। মন্দিৰত উপস্থিত হৈ সোণাজুলি প্ৰাথমিক ব্ৰহ্ম সমাজৰ উদ্যোগত লক্ষ্মী পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হোমযজ্ঞত অংশ লয়।

You might also like