নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছেল ভাইপাৰ মুখত লৈ হাস্পতালৰ শাৰীত এজন ব্যক্তি

🔹 বিশ্বৰ সবাতোকৈ বিষাক্ত সাপৰ অন্যতম

নিউজ ডেস্ক, ১৮ অক্টোবৰ : বিহাৰৰ ভাগলপুৰত এজন ব্যক্তিক সাপে খোঁটাৰ পিছত ব্যক্তিজনে সংঘটিত কৰা কাণ্ডক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বিশ্বৰ সবাতোকৈ বিষাক্ত সাপৰ অন্যতম ৰাছেল ভাইপাৰে  খোঁটাৰ পিছত ব্যক্তিজনে সেই সাপডাল ধৰি মুখত ভৰাই লৈ হাস্পতাললৈ যায়৷ হাস্পতালত জৰুৰীকালীন সেৱাত শাৰী পাতি থিয় হৈ থাকোঁতে ওচৰত থকা লোকসকলে ভয়ত বিতত হৈ পৰে৷ পৰৱর্তী সময়ত শাৰী পাতি থকা ব্যক্তিজনক চিকিৎসাধীন কৰা হয়৷ বিষাক্ত সাপ ৰাছেল ভাইপাৰে খোঁটাৰ পিছতো কিদৰে ব্যক্তিজনে সেই সাপডাল মুখেৰে কামুৰি চিকিৎসালয়লৈ গৈছে, তাক লৈ এতিয়া চর্চা চলিছে৷ বিহাৰৰ ভাগলপুৰৰ প্রকাশ মণ্ডল নামৰ লোকজনে গেঞ্জী আৰু ধুতী পিন্ধি ৰাছেল ভাইপাৰ মুখত লৈ চিকিৎসালয়ত শাৰী পাতি থকা ভিডিঅ’ই এতিয়া সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে৷

You might also like