নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ অক্টোবৰৰ পৰা ঢকুৱাখনাৰ হার্হি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী মহোৎসৱ

নিয়মীয়া বার্তা, ১৮ অক্টোবৰ : ঢকুৱাখনা সমজিলাৰ বৃহত্তৰ হাৰ্হি অঞ্চলৰ শিক্ষানুৰাগী ৰাইজৰ ঐকান্তিক প্রচেষ্টাত ইতিহাসপ্রসিদ্ধ হার্হি অঞ্চলৰ গোবিন্দপুৰত ১৯৯৮ চনতে প্রতিষ্ঠা হৈছিল লখিমপুৰ জিলাৰেই অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান হার্হি মহাবিদ্যালয়। বিগত ২৫ বছৰীয়া গৌৰৱোজ্জ্বল বর্ণিল বিদ্যায়তনিক পৰিক্ৰমাত বৌদ্ধিক আৰু শৈক্ষিক উত্তৰণেৰে উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। বিগত ২৫ বছৰীয়া যাত্ৰাৰ গৌৰৱোজ্জ্বল ক্ষণটি স্মৰণীয়, সজীৱ আৰু সমৃদ্ধ কৰাৰ মানসেৰে অহা ৩০ অক্টোবৰৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হ’ব গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী মহোৎসৱ। ইতিমধ্যে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক সভাপতি, ক্ষীৰোদ শইকীয়াক কাৰ্যকৰী সভাপতি আৰু ড° মানসজ্যোতি নেওগক
সম্পাদক হিচাপে লৈ গঠন কৰা উদযাপন সমিতিৰ নেতৃত্বত ২৫খনৰো অধিক উপ-সমিতিয়ে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ ব্যাপক প্রস্তুতি অব্যাহত ৰাখিছে। কাৰ্যসূচী অনুসৰি, ৩০ অক্টোবৰৰ পুৱা ৯ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিব হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানসজ্যোতি নেওগে, ৰূপালী জয়ন্তীৰ মূল পতাকা উত্তোলন কৰিব ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ক্ষীৰোদ শইকীয়াই। পুৱা ১০.৩০ বজাত নৱনিৰ্মিত মুখ্য তোৰণ উদ্বোধন কৰিব ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেই। দুপৰীয়া ১২.৩০ বজাত মঞ্চ উদ্বোধন কৰিব ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ নাথ বৰুৱাই। দুপৰীয়া ১ বজাত ৰূপালী জয়ন্তী মহোৎসৱৰ স্মৃতিগ্ৰন্থ ‘স্বপ্নদ্ৰষ্টা হার্হি’ উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্রজিত শৰ্মাই। দুপৰীয়া ১.৩০ বজাৰ পৰা ‘নতুন শিক্ষানীতি-২০২০ আৰু সংস্থাপনৰ সম্ভাৱনীয়তা’ শীৰ্ষক আলোচনা সত্ৰ। লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° মুকুন্দ ৰাজবংশীৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া আলোচনা সত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° নীতা কলিতা, এল টি কে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুবুল শইকীয়া আৰু চন্দ্ৰকান্ত বেজবৰুৱা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° দীপক শৰ্মাই আলোচক হিচাপে অংশগ্ৰহণ কৰিব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰু তথ্যচিত্ৰ উন্মোচন। ৩১ অক্টোবৰৰ পুৱা ৯ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। দুপৰীয়া ১২ বজাত প্ৰয়াত অম্বেশ্বৰ দত্তবৰা আৰু প্ৰয়াত দেৱেন দত্ত স্মাৰক বক্তৃতানুষ্ঠান। ইয়াৰ পিছতে মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন বিষয়ববীয়াসকলক সম্বৰ্ধনা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠান। সন্ধিয়ালৈ প্ৰয়াত বিজয় কোচৰ সোঁৱৰণত মহাবিদ্যালয়ৰ প্ৰাক্তন আৰু অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান। ১ নৱেম্বৰৰ পুৱা ৯ বজাত ৰূপালী জয়ন্তী স্মাৰক বক্তৃতানুষ্ঠান। অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিব ৰাজনৈতিক সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° অখিল ৰঞ্জন দত্তই। দুপৰীয়া ১১.৩০ বজাৰ পৰা উদযাপন সমিতিৰ সভাপতি ডাঃ ৰণোজ পেগুৰ পৌৰোহিত্যত অনুষ্ঠিত হ’ব মুকলি সভা। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱাই উদ্বোধন কৰিবলগীয়া মুকলি সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা, উচ্চ শিক্ষাৰ সঞ্চালক পমী বৰুৱা, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উপাধ্যক্ষ ড° ৰুক্ম গোহাঞিবৰুৱাৰ লগতে বহুকেইগৰাকী শিক্ষাবিদ, সমাজসেৱক, ৰাজনীতিবিদে অংশগ্ৰহণ কৰিব।

প্ৰেৰক পুলকজ্য়োতি বৰা

You might also like