নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেঙাত ভাগি পৰিল নিৰ্মীয়মাণ পকী দলং

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ৩নং বাঘমাৰাচৰত আজি নিৰ্মীয়মাণ পকী দলং খহি পৰাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত। জানিব পৰা মতে, বাঘমাৰাচৰৰ ফুলনৈ চৰত সংঘটিত হৈছে এই ঘটনা। স্থানীয় লোকে ব্যক্ত কৰা মতে, বাঘমাৰাচৰৰ পৰা ফুলনৈ চৰলৈ যোৱা পথত এখন পকী দলংৰ নিৰ্মাণকাৰ্য লাভ কৰে ঠিকাদাৰ ৰাজীৱ আহমেদে। বৰপেটা লোকনিৰ্মাণ সংমণ্ডলৰ অধীনত উক্ত পকী দলংখনৰ নিৰ্মাণকাৰ্য প্ৰায় পাঁচ বছৰ পূৰ্বে আৰম্ভ কৰি আজিও সম্পূৰ্ণ কৰিব নোৱাৰাত উক্ত পথটোৰে সম্প্ৰতি যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। ৰাইজৰ অভিযোগৰ ভিত্তিত শেহতীয়াকৈ ঠিকাদাৰে পকী দলংখনৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিলেও অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে। অতি নিম্নমানৰ কাম কৰাৰ বাবে বিষয়টো স্থানীয় একাংশ লোকে ঠিকাদাৰক বাৰম্বাৰ আপত্তি দৰ্শালেও ৰাইজৰ এনে আপত্তিক গুৰুত্বাৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। কোটি টকীয়া পকী দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ বাবেই দলংখন মাজ ভাগৰ পৰা ভাঙি খহি পৰিছে। স্থানীয় লোকে অভিযোগ কৰা মতে, নিৰ্মাণকাৰ্যৰ চোৱা চিতাৰ দায়িত্বত থকা কণিষ্ঠ অভিযন্তা তাইজুদ্দিন আহমেদৰ দায়িত্বহীনতাৰ উপৰি কনিষ্ঠ অভিযন্তা গৰাকীৰ দুৰ্নীতিপৰায়ণ মনোভাৱৰ বাবেই ৰাজীৱ আহমেদে পকী দলং নিৰ্মাণকাৰ্যত ব্যাপকভাৱে দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ সাহস পাইছে। কনিষ্ঠ অভিযন্তা তাইজুদ্দিন আহমেদৰ ঠিকাদাৰ প্ৰীতিৰ বাবেই চেঙাৰ চৰাঞ্চলৰ প্ৰতিটো পকী পথ, দলং নিৰ্মাণত ঠিকাদাৰ সকলে নিম্নমানৰ কাম কৰাৰ পাছতো সুকলমে কোটি কোটি টকাৰ বিল আদায় কৰিব পাৰিছে বুলি ক্ষোভ ব্যক্ত কৰিছে স্থানীয় একাংশ লোকে। সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত সাপেক্ষে দোষী ঠিকাদাৰ ৰাজীৱ আহমেদৰ লগতে কণিষ্ঠ অভিযন্তা তাইজুদ্দিন আহমেদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাক দাবী জনাইছে ৰাইজে।
প্ৰেৰক ৰবিউল হুছেইন
You might also like