নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘৰ দ্বিবাৰ্ষিক অধিৱেশন

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ অসমত বৈদিক বৈষ্ণৱ ধৰ্মৰ প্ৰথমগৰাকী প্ৰচাৰক মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ গুৰুজনাই বিলাই যোৱা বাণীক সাৰোগত কৰি গুৰুজনাৰ সেৱকসকলক একত্ৰিত কৰি অহা অন্যতম অনুষ্ঠান উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘৰ ৪৮সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনখন এইবেলি বজালী জিলাত অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে৷ বজালী জিলাৰ উজান উলুৱাস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীভোগেশ্বৰ মন্দিৰৰ বাকৰিত অনুষ্ঠিতব্য এই অধিৱেশন সন্দৰ্ভত আজি এখন সভা অনুষ্ঠিত কৰি উদযাপন সমিতিখন গঠন কৰা হয়৷ ২০২৫ বৰ্ষৰ ২১, ২২ আৰু ২৩ মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সংঘৰ ৪৮সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰাৰ সিদ্ধন্ত গ্ৰহণ কৰি এখন ৩১জনীয়া পূৰ্ণাংগ উদযাপন সমিতি গঠন কৰা হয়৷ বিভিন্ন প্ৰান্তৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সৰ্ব সন্মতিক্ৰমে গঠন কৰা সমিতিখনত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক মুখ্য পৃষ্ঠপোষক, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফনীভূষন চৌধুৰী, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰ, বিশিষ্ট উদ্যোগপতি অনুপম শর্মা আৰু নিপন তালুকদাৰ, অকয়া সত্ৰৰ সত্ৰাধিকাৰ বিৰেন নাৰায়ন সিংহ আৰু অর্জুন দেউৰীক পৃষ্ঠপোষক, সমাজকৰ্মী নগেন চৌধুৰীক সভাপতি, সুভাষ চৌধুৰীক কাৰ্যকৰী সভাপতি, অমূল্য তামুলী, ধনজিৎ দাস, ভূপেন চৌধুৰী, নিৰঞ্জন কলিতা, পবিত্ৰ কলিতা আৰু সতীশ কলিতাক উপ-সভাপতি, ৰবীন ডেকাক প্ৰধান সম্পাদক, দ্বীপন কলিতা, নিকুঞ্জ শর্মা, কমল বৰ্মন আৰু কিশোৰী বৰ্মনক সম্পাদক, খগেন দাস আৰু হিমাংশু কলিতাক সহঃ সম্পাদক তথা উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘৰ সভাপতি পুলিন চন্দ্ৰ গোস্বামীক মুখ্য উপদেষ্টা আৰু ক্ৰমে মুনীন্দ্র নাৰায়ন গোস্বামী, কৰুণা কান্ত তালুকদাৰ, পৰাগ তালুকদাৰ, মন্মথ ডেকা আৰু সঞ্জীৱ তালুকদাৰক উপদেষ্টা হিচাপে লৈ উদযাপন সমিতিখন গঠন কৰি অধিৱেশনখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা সন্দৰ্ভত আলোচনা কৰা হয়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like