নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভক্তৰ সমাগমেৰে লোকাৰণ্য খুমটাইৰ বৰগুৰি সমন্বয় ক্ষেত্ৰ

📌অঁকামলুৱাৰ বৰগুৰি সমন্বয় ক্ষেত্ৰত পৰম্পৰা অনুসৰি ডাঙৰীয়া ভোগ দিয়া পৰ্ব

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰ : খুমটাই সমষ্টিৰ অঁকামলুৱা গাঁৱৰ ঐতিহাসিক বৰগুৰি সমন্বয় ক্ষেত্ৰত পৰম্পৰা অনুসৰি আজি ডাঙৰীয়া ভোগ দিয়া কাৰ্যসূচী সম্পন্ন হয় ৷ ডাঙৰীয়া ভোগ দিয়া পৰ্ব উপলক্ষে আজি পুৱতিনিশাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে এই আধ্যাত্মিক বাতাবৰণৰ সৃষ্টি কৰিলে। উল্লেখ যে অঁকামলুৱা গাঁৱত এজোপা কেইবাশ বছৰ পুৰণি বৰগছৰ তলত প্ৰায় দুশ বছৰ ধৰি এই ভোগ দিয়া পৰম্পৰা চলি আহিছে। প্ৰথমে গৰখীয়া ল’ৰাই এই ভোগ দিয়া পৰম্পৰা আৰম্ভ কৰিছিল। তাৰ পিছত পূৰ্বপুৰুষ অনুসৰি অঁকামলুৱা গাঁৱৰ ৰাইজে ভোগ দিয়া আৰম্ভ কৰিলে৷ আৰু কালক্ৰমত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম হ’বলৈ ধৰিছে বৰতলত৷ প্ৰতিবছৰে কাতি মাহৰ কোনোবা এটা দেওবাৰে বৰগছজোপাৰ তলত চাকি বন্তি জ্বলাই ডাঙৰীয়া ভোগৰ বাবে হাঁহ আৰু কোমোৰাৰে ভোগ আগবঢ়ালে মনৰ কামনা পূৰ্ণ হয় বুলি প্ৰবাদ আছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক আহি এই দিনটোত গোলাঘাট জিলাৰ খুমটাইৰ অকাঁমলুৱাৰ বৰগুৰি সমন্বয় ক্ষেত্ৰত গৰখীয়া ভোগ আগবঢ়াই৷ আজি পুৱাৰে পৰা ভোগ আগবঢ়াবলৈ প্ৰতিগৰাকী ভক্তই হাতত লৈ আহিছে হাহঁ, কোমোৰা সহ নৈবদ্য লৈ উপস্থিত হ’ল বৰগুৰি সমন্বয় ক্ষেত্ৰত৷ উল্লেখ্য যে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰো ভক্তও উপস্থিত হৈ আগবঢ়ালে ভোগ। হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে বৰগছৰ তলত চাকি বন্তি জ্বলাই মনোকামনা পূৰ্ণ হ’বলৈ প্ৰাৰ্থনা জনাইছে ৷ উল্লেখ যে ভোগ দিয়া কাৰ্যসূচীত দুপৰীয়া সময়ত উপস্থিত হ’লহি অসমৰ কৃষিমন্ত্ৰী অতুল বৰা,খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া,প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ৷ প্ৰতিবছৰ দৰে কৃষিমন্ত্ৰী ৰাকীয়ে এইবাৰো বন্তি জ্বলাই প্ৰাৰ্থনা কৰাৰ লগতে সকলোৰে মংগল কামনা কৰি হাঁহ-কোমোৰাৰে ভোগ আগবঢ়াই। আনহাতে হাজাৰ হাজাৰ ভক্তই আগবঢ়োৱা হাজাৰ হাজাৰ হাঁহ আৰু কোমোৰাৰে ভোগ প্ৰস্তুত কৰি গ্ৰহণ কৰিবলৈ দিয়া হয় প্ৰতিজন ভক্তক৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত সকলে আহি মনোকামনা সিদ্ধিৰ অৰ্থে ভোগ আগবঢ়াই আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰিলে৷ উল্লেখ যে প্ৰায় দহ হাজাৰ হাঁহ আৰু দহ হাজাৰ কোমোৰা ভোগ হিচাপে আগবঢ়ালে ভক্তই৷ আনহাতে অঁকামলুৱা গাৱঁৰ প্ৰায় শতাধিক দেউৰীয়ে চল্লিশটা চৌকাত পুৱাৰে পৰা অহৰ্নিশে ৰন্ধাত ব্যস্ত হ’ল ভোগ৷ আনহাতে পৰম্পৰাগত ভোগ দিয়া পৰ্বৰ বাবে লোকে লোকাৰণ্য হৈ পৰিল বৰগুৰি সমন্বয় ক্ষেত্ৰ ৷ উদ্যোক্তাই জানিবলৈ দিয়া অনুসৰি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় পঞ্চাশ হাজাৰ ভক্তৰ সমাগত হ’ল বৰগুৰি সমন্বয় ক্ষেত্ৰত৷ উল্লেখ যে ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ বাবে স্থানীয় বিধায়ক মৃনাল শইকীয়াৰ প্ৰচেষ্টাত দূৰ দুৰণিৰ পৰা প্ৰতিজন ভক্তক বিনামূলীয়া খোৱাপানী প্ৰদান কৰিলে৷ আনহাতে অসম গণ পৰিষদৰ খুমটাই সমষ্টিৰ সমিতিয়েও ভক্তক বিশুদ্ধ খোৱাপানী যোগান ধৰে। অঁকামলুৱাৰ ঐতিহাসিক বৰগুৰি সমন্বয় ক্ষেত্ৰত ভোগ আগবঢ়াবলৈ অহা প্ৰতিজন ভক্তক ধন্যবাদ জনালে গাঁওবাসীয়ে।

প্ৰেৰক নবীন গোহাঁই

You might also like