কেৱল মহিলা কর্মীক লৈ বিমান চলাচল
নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ প্রতিবছৰৰ দৰে দেশৰ উৰণ সংস্থা এয়াৰ ইণ্ডিয়াই এইবাৰো আন্তর্জাতিক নাৰী দিৱসত কেৱল মহিলা কর্মীৰ দ্বাৰা কেইবাখনো বিমান উৰুৱাইছে৷ একমাত্র মহিলা কর্মীৰ জৰিয়তে দেওবাৰে কেইবাখনো আন্তর্জাতিক তথা দেশৰ অভ্যন্তৰত চলাচল কৰা বিমানৰ সেৱা আগবঢ়োৱা হৈছে৷ লক্ষণীয়ভাৱে আন্তর্জাতিক নাৰী দিৱসত পূর্বৰে পৰা দেশৰ এই উৰণ সংস্থাটো মহিলা কর্মীসকলৰ জৰিয়তে বিমান চলাই আহিছে৷ স্মর্তব্য যে এয়াৰ ইণ্ডিয়া হৈছে প্রথমটো এনে উৰণ সংস্থা য’ত দেশীয় আৰু আন্তর্জাতিক ক্ষেত্রত পুৰুষ কর্মীসকলক সহযোগিতা আগবঢ়াই আহিছে৷ সংস্থাটোত নাৰী আৰু পুৰুষক সমান অধিকাৰ প্রদান কৰাৰ লক্ষ্যৰে বিমান চালনাৰ ক্ষেত্রতো মহিলাসকলক সুযোগ দিয়া হৈছে৷ আন্তর্জাতিক আৰু দেশীয় আকাশী পথৰ লগতে দিল্লীৰ পৰা ছানফ্রান্সিছকোৰ মাজত চলোৱা হয় এখন দীর্ঘ দূৰত্বৰ বিমান৷ সংস্থাটোৰ এনে কার্যক আদৰণি জনাইছে বিভিন্ন নাৰী সংগঠন তথা বিশিষ্ট ব্যক্তিসকলে৷