নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ দল হুচিয়াৰ হওক, হাৰিয়ানাৰ পুনৰাবৃত্তি নকৰিব

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : “এইখন চৰকাৰে আমাৰ মুছলমানৰ কবৰস্থান লৈ লব বিচাৰিছে; মুছলমানৰ ঈদগাহ লৈ লব বিচাৰিছে; মছজিদৰ মাটি লৈ লব বিচাৰিছে, ভাঙি দিব বিচাৰিছে। যেতিয়া তেওঁলোকৰ হাতলৈ দখল গুচি যাব তেতিয়া নতুন হিচাবত মছজিদ নাথাকিব, কবৰস্থান নাথাকিব, মুছলমানক কবৰস্থানত কবৰ দিবলৈ জাগা নাথাকিব; মৃতদেহ লৈ ঘূৰি ফুৰিব। সমগ্ৰ মুছলমানৰ ৱাক্ফৰ মাটি হজম কৰিব বিচাৰিছে।” এই ভাষ্য ধুবুৰীৰ প্ৰাক্তন সাংসদ তথা এআইউইডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলৰ। আজি ধুবুৰীত কেন্দ্ৰীয় চৰকাৰে আনিবলগীয়া ৱাক্ফ এমেণ্ডমেন্ট আইন, ২০২৪ৰ ওপৰত মন্তব্য বিচাৰি কৰা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এই বিষ্ফোৰক মন্তব্য কৰে আজমলে। আনহাতে, সম্প্ৰতি দেশৰ সংসদ ভৱনৰ মাটি ৱাক্ফ বোৰ্ডৰ বুলি কৰা মন্তব্যৰ ওপৰত টিপ্পনি বিচাৰি কৰা এক প্ৰশ্ন সেই ইচ্যুৰ ৬ দিন পূৰ্বেই সমাপ্তি ঘটা বুলি কৈ বিষয়টো এৰাই যাবলৈ চেষ্টা কৰে তেওঁ। সাংবাদিকৰ প্ৰশ্নত সম্প্ৰতি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নাগৰিকৰ ভিত্তিবৰ্ষ ওপৰত কৰা ৰায়দানক আদৰণি জনায়য় আজমলে। আনহাতে, আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছলৈ সাৱধানবাণী তেওঁৰ, “কংগ্ৰেছ দল হুচিয়াৰ হওক, হাৰিয়ানাৰ পুনৰাবৃত্তি নকৰিব।” আনহাতে, ৰাজ্যৰ ৫টা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনত চামগুৰিত তেওঁলোকে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলিও জনায় এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like