নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ অতি দৰিদ্র ২৪.৪০ কোটি লোকৰ বাসভূমি ভাৰত

🔹 ৰাষ্ট্রসংঘ–অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্রতিবেদনত চাঞ্চল্যকৰ তথ্য

🔹 ভয়াৱহ দৰিদ্রতাৰ গ্রাসত ১১০ কোটি মানুহ

নিউজ ডেস্ক, ২১ অক্টোবৰ : বিশ্বজুৰি দাৰিদ্র্যৰ ভয়াৱহ ছবি তুলি ধৰিছে ৰাষ্ট্রসংঘই৷ ৰাষ্ট্রসংঘৰ পৰিসংখ্যাত ভাৰতৰ পৰিস্থিতি যে আশংকাজনক, সেই ছবিও স্পষ্ট হৈ পৰিছে৷ বিশ্বৰ সর্বোচ্চ সংস্থাটোৱে প্রকাশ কৰা দাৰিদ্র্যসূচক অনুসৰি পৃথিৱীজুৰি থকা ১১০ কোটি অতি দৰিদ্র লোকৰ ভিতৰত ২৪.৪০ কোটিৰ বাসভূমি হৈছে ভাৰত৷ এই অতি দৰিদ্রতাৰ অন্ধকাৰত থকা ১১০ কোটি মানুহৰ আধাসংখ্যকেই হৈছে ৫খন দেশৰ বাসিন্দা৷ ইয়াৰ ভিতৰত সকলোতকৈ শীর্ষত আছে ভাৰত৷ ভাৰতত থকা অতি দৰিদ্র লোকৰ সংখ্যা ২৪.৪০ কোটি, পাকিস্তানত ৯.৩০ কোটি, ইথিঅ’পিয়াত ৮.৬০ কোটি, নাইজেৰিয়াত ৭.৪০ কোটি আৰু কংগোত ৬.৬০ কোটি৷ মুঠ দৰিদ্র লোকৰ প্রায় আধাসংখ্যক (৫৮.৪০ কোটি) শিশু৷ অৱশ্যে আফগানিস্তানত সেই হাৰ ৫৯ শতাংশ৷ লক্ষণীয়ভাৱে সংঘর্ষজর্জৰিত আৰু দুখীয়া দেশসমূহত দাৰিদ্র্যৰ হাৰ বৃদ্ধি পাই আছে৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ উদ্যোগত এই প্রতিবেদন প্রস্তুত কৰিছে ৰাষ্ট্রসংঘৰ উন্নয়ন কার্যসূচী (ইউএনডিপি) আৰু অক্সফ’ৰ্ড প্রভার্টী এণ্ড হিউমেন ডেভেলপমেণ্ট ইনিচিয়েটিভে৷ বিশ্বজুৰি দৰিদ্র লোকসকলৰ ৮৩ শতাংশৰেই বাসভূমি হৈছে গ্রামাঞ্চল৷ সর্বাধিক দৰিদ্র লোক আছে দক্ষিণ এছিয়া আৰু আফ্রিকা মহাদেশৰ ছাহাৰা মৰুভূমি দক্ষিণৰ দেশবোৰত৷ ৰাষ্ট্রসংঘ আৰু অক্সফ’র্ডে এই বহুমাত্রিক দাৰিদ্র্যসূচক প্রকাশ কৰি আহিছে ২০১০ চনৰ পৰা৷ স্বাস্থ্য, শিক্ষা, জীৱনযাত্রাৰ মানসহ ১০টা মাপকাঠীৰ নিৰিখত এই প্রতিবেদন প্রস্তুত কৰা হয়৷ এই বছৰ ১১২খন দেশৰ ৬৩০ কোটি মানুহক লৈ সমীক্ষা চলোৱা হৈছে৷ তাৰ ভিত্তিত প্রস্তুত কৰা হৈছে এই দাৰিদ্র্যসূচক৷ দুয়োটা প্রতিষ্ঠানে সদৰী কৰা অনুসৰি, এই প্রতিবেদনত সংঘর্ষপূর্ণ অঞ্চলৰ দৰিদ্রতাক লৈ সমীক্ষাৰ ওপৰত বেছি গুৰুত্ব প্রদান কৰা হৈছে৷ কাৰণ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ২০২৩ চনত বিশ্বজুৰি সামৰিক সংঘর্ষ হৈছে আটাইতকৈ বেছি৷ সংঘর্ষ, বিপর্যয় আৰু অন্যান্য কেইবাটাও কাৰণত ১১.৭০ কোটি লোক গৃহহীন হ’বলগীয়া হৈছে৷ ইউএনডিপিৰ সঞ্চালক পেড্র’ কনছেইছাৱে উল্লেখ কৰা অনুসৰি, সামৰিক সংঘর্ষৰ নিৰিখত প্রথমবাৰলৈ এনে সূচক প্রস্তুত কৰা হৈছে৷ এই সমীক্ষাই স্পষ্ট কৰিছে সংঘর্ষৰ সৈতে দৰিদ্রতাও অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ৪৫.৫০ কোটি বহুমাত্রিকভাৱে দৰিদ্র মানুহ সংঘর্ষপূর্ণ অঞ্চলত বাস কৰে বুলি পেড্র’ৱে উল্লেখ কৰিছে৷

You might also like