নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰাজয়ৰ পিছত ভাৰতীয় দলত পৰিৱর্তন

🔹 পৰৱর্তী টেষ্টৰ বাবে কোনজন খেলুৱৈক কৰিলে দলভুক্ত

নিউজ ডেস্ক, ২১ অক্টোবৰ : নিউজিলেণ্ডৰ বিৰুদ্ধে বেংগালুৰুত পৰাজয়ৰ পিছতে ভাৰতীয় দলত পৰিৱর্তন ঘটোৱা হৈছে৷ দলভুক্ত কৰা হৈছে ৱাশ্বিংটন সুন্দৰক৷ অন্তিম দুখন টেষ্টৰ বাবে তেওঁক দলত লোৱা হৈছে৷ নিউজিলেণ্ড শৃংখলাৰ অন্তিম দুখন টেষ্ট পুনে আৰু মুম্বাইত অনুষ্ঠিত হ’ব৷ সেই দুখন টেষ্টৰ বাবে ১৬জনীয়া দলটো ঘোষণা কৰিছে ভাৰতে৷ প্রথম টেষ্টত দলত আছিল ১৫জন খেলুৱৈ৷ ইয়াৰ লগত যুক্ত কৰা হৈছে ৱাশ্বিংটনক৷ তেওঁ ইয়াৰ আগতে চাৰিখন টেষ্ট খেলিছে৷ দখল কৰিছে ৬টা উইকেট৷ লগতে সংগ্রহ কৰিছে ২৬৫ ৰান৷ সোঁহতীয়া অফস্পিনাৰ হিচাপে খেলোৱা হ’ব পাৰে তেওঁক৷ ঘোষণা কৰা ভাৰতীয় দলটো– ৰোহিত শর্মা (অধিনায়ক), যশপ্রীত বুমৰাহ (সহঃঅধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গিল, বিৰাট কোহলি, লোকেশ ৰাহুল, ছৰফৰাজ খান, ঋষভ পণ্ট (উইকেটৰক্ষক), ধ্রুৱ জুৱেল (উইকেটৰক্ষক), ৰবিচন্দ্রন অশ্বিন, ৰবীন্দ্র জাদেজা, অক্ষৰ পেটেল, কুলদ্বীপ যাদৱ, মহম্মদ ছিৰাজ, আকাশদ্বীপ আৰু ৱাশ্বিংটন সুন্দৰ৷ উল্লেখ্য যে ভাৰতীয় দলত আছে তিনিজন অলৰাউণ্ডাৰ৷ অশ্বিন, জাদেজা আৰু অক্ষৰে বেট, বলত ভৰসা দিব পাৰে দলক৷ তেওঁলোকৰ সৈতে ৱাশ্বিংটনে যোগ দিয়াত এজন সোঁহতীয়া স্পিনাৰ বৃদ্ধি পালে৷ অশ্বিনৰ সৈতে ভাৰতে আৰু এজন সোঁহতীয়া স্পিনাৰ অলৰাউণ্ডাৰক লাভ কৰিলে৷

You might also like