নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভকতিদুৱাৰ তিনিআলিত বিপজ্জনকভাৱে ওলমিছে বিদ্যুতৰ তাঁৰ

🔹 বিভাগক  জনোৱাৰ পিছতো গুৰুত্ব নাই বিষয়াৰ : দুৰ্ঘটনাৰ আশংকা
নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ : স্মাৰ্ট মিটাৰেৰে ৰাইজক মাধমাৰ দিয়া বিদ্যুৎ বিভাগে ৰাইজৰ সেৱাৰ বাবে কি কৰিছে, সেয়া আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন ?  মাজুলীৰ বহু স্থানত আজিও নাই উপযুক্ত বিদ্যুতৰ খুঁটা, যাৰ বাবে ৰাজপথসমূহত বিপজ্জনকভাৱে ওলমি থাকে বিদ্যুৎ পৰিবাহী তাঁৰ ৷  বিদ্যুৎ বিভাগক অৱগত কৰাৰ পিছতো মাজুলীৰ বিদ্যুৎ বিভাগৰ গুৰুত্বহীন মনোভাবৰ বাবে বহু ঠাইত সঘনে অঘটন হৈ আহিছে৷ উল্লেখ্য যে ভকতিদুৱাৰ তিনিআলিৰ ওপৰেৰে গোসাঁইবাৰীৰ দিশে ৪৪০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ বিপজ্জনকভাৱে ওলমি থকাৰ বিষয়ে ফোনযোগে বহুবাৰ বিভাগীয় বিষয়াক আজি প্ৰায় ১০ দিনে অৱগত কৰি অহাৰ পিছতো বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে আজি পৰ্যন্ত গুৰুত্ব প্ৰদান নকৰিলে ৷ এই গুৰুত্বপূৰ্ণ তিনিআলিটোৰে বিভিন্ন সময়ত পাৰ হৈ যোৱা চিমেণ্টভৰ্তি গাড়ীসমূহে প্ৰায়ে এই বিদ্যুৎ পৰিবাহী তাঁৰসমূহ দাঙি পাৰ হ’ব লগা হৈ আহিছে ৷ আজি কেইদিনমান পূৰ্বে নিশাৰ ভাগত পাৰ হৈ যোৱা এখন পাঞ্জাববডী ট্ৰাকৰ বডীত এই বিদ্যুৎ পৰিবাহী তাঁৰ স্পৰ্শ হৈ এক বিধ্বংসী অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে ৷ এই দুৰ্ঘটনাটোৰ পিছতেই এই প্ৰতিবেদকে নিজেই বিদ্যুৎ বিভাগৰ বিষয়াৰ সৈতে যোগাযোগ কৰি বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ অনুৰোধ জনাইছিল যদিও বিদ্যুৎ বিভাগে আজি পৰ্যন্ত কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷ ভকতিদুৱাৰ তিনিআলিৰ ওপৰেৰে বিপজ্জনকভাৱে থকা এই বিদ্যুতৰ খুঁটাকেইটা এটা নিৰ্দিষ্ট পাৰে সংযোগ কৰিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে ৷ 
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড 
You might also like