নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত প্ৰাৰ্থী দীপ্তিময়ী : ৰাজনীতিলৈ অনাকাংক্ষিতভাৱে আহিবলগীয়া হ’ল

বিশেষ বাৰ্তা, ২১ অক্টোবৰ : জল্পনা কল্পনাৰ অন্ত পেলাই আগন্তুক বঙাইগাঁও উপ নিৰ্বাচনৰ কাৰণে অগপ প্ৰাৰ্থী হিচাপে দীপ্তিময়ী চৌধুৰীৰ নাম ঘোষণা কৰিছে। দলীয় প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰাৰ পিছতে জিলা কাৰ্যালয়ত দীপ্তিময়ী চৌধুৰীক আদৰণি জনোৱা হয়৷ কৰ্মী-সমৰ্থকসকলে প্ৰাৰ্থীগৰাকীক গামোছা পিন্ধাই, শ্লোগান দি কাৰ্যালয়লৈ আদৰণি জনায়৷ বঙাইগাঁও সমষ্টিৰ উপ নিৰ্বাচন বিজেপি অগপ ইউপিপিএল মিত্রজোঁটৰ প্রার্থী হিচাপে বঙাইগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে নিজৰ পত্নী দীপ্তিময়ী চৌধুৰীৰ নাম অগপ দলে ঘোষণা কৰাৰ পিছত প্রথমবাৰৰ বাবে মুখ খুলিছে দীপ্তিময়ী চৌধুৰীয়ে৷ অনাকাংক্ষিতভাৱে ৰাজনীতি লৈ অহা বুলি তেঁও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। প্রার্থী দীপ্তিময়ী চৌধুৰীয়ে কয় যে বঙাইগাঁও অগপ আৰু মিত্রজোঁটৰ সমুহ শুভাকাংক্ষীসকল লগতে সাংবাদিক বন্ধুসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ এই মুহুর্তত অনাংক্ষিতভাৱে ৰাজনীতিৰ পথাৰত খোঁজ পেলাবলগীয়া হ’ল৷ আচলতে দলীয় নেতা-কৰ্মীসকলৰ অনুৰোধমৰ্মে ৰাজনীতিৰ পথাৰত নামিবলগীয়া হ’ল৷ এতিয়া সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ৷ ৰাইজে যদি মোক বিবেচনা কৰে,যোগ্য বুলি ভাৱে তেন্তে ৰাইজে সহায় সহযোগিতা কামনা কৰিছোঁ ৷ সাংবাদিকসকলেও যাতে বন্ধুত্ব সুলভভাৱে, তাৰ বাবে আশা কৰাৰ কথা ব্যক্ত কৰে৷ ইপিনে সাংবাদিক প্রশ্নৰ উত্তৰত মিত্রজোঁটৰ প্রার্থী দীপ্তিময়ী চৌধুৰীয়ে কয়, উপনির্বাচনী যুঁজত মিত্রজোঁটৰ প্রার্থী হিচাপে আমিয়েই নির্বাচিত হম ৷ তদুপৰি প্ৰাৰ্থিত্বক লৈ বাদ বিসম্বাদ আৰু দলীয় নেতা-কৰ্মীৰ দল ত্যাগ সম্পর্কত দীপ্তিময়ী চৌধুৰীয়ে কয় ‘আমাৰ মাজত আলাপ আলোচনা আৰু ভাবি চিন্তি কাম কৰা হ’লে এনে অৱস্থা নহ’লহেতেন ৷ ইপিনে বঙাইগাঁও সমষ্টিত অগপৰ তৃণমূল পর্যায়ৰ দলীয় কর্মীসকলৰ মতামতক সন্মান জনাই দলে প্রার্থী ঘোষণা কৰিছে আৰু মিত্রজোঁটৰ প্রার্থীগৰাকী বিজয়ী হ’ব বুলি সমষ্টিটোৰ প্রাক্তন বিধায়ক তথা সাংসদ ফণীভূষণ চৌধুৰীয়ে৷ সাংবাদিকৰ প্রশ্নৰ উত্তৰ সাংসদ চৌধুৰীয়ে কয়৷ বঙাইগাঁও সমষ্টিত প্রার্থী বিজয়ীৰ ধাৰা বেলেগ ধৰণৰ, ইয়াত প্রার্থীৰ নাম, জ্ঞান, চৰিত্র এইবিলাক খুব কমসংখ্যক ৰাইজে বিবেচনা কৰে ৷ ইয়াত মূলযুঁজ হ’ব প্রতীক চিহ্ন ‘হাতী আৰু হাত’ৰ ওপৰত ৷ কিন্তু এতিয়া হাতীৰ লগত কোন কোন আছে নতুবা হাতৰ স’তে কোন কোন আছে; এই বিলাক বিবেচিত হ’ব ৷”
প্ৰেৰক উপানন্দ শৰ্মা
You might also like