নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্ত সংলগ্ন অঞ্চলত সেনাৰ টহল হ্রাস কৰিব ভাৰত–চীনে

🔹 ব্রিকছ সন্মিলনত মোদী–ঝিনপিঙৰ বৈঠকৰ পূর্বে চুক্তি

নিউজ ডেস্ক, ২২ অক্টোবৰ : ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া ব্রিকছ সন্মিলনৰ পূর্বে লাডাখৰ পূব প্রান্তৰ এলএচিত শান্তি ওভতাই অনাৰ সহমতত উপনীত ভাৰত আৰু চীন৷ ৰাছিয়াত ব্রিকছ সন্মিলনত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু চীনৰ ৰাষ্ট্রপতি জি ঝিনপিং মিলিত হোৱাৰ পূর্বে দুয়ো দেশৰ মাজত লাডাখৰ এলএচিত চলি থকা উত্তেজনা শাম কটোৱাৰ বাবে সহমতত উপনীত হোৱা বিষয়টোৱে কূটনৈতিক ক্ষেত্রখনত ব্যাপক চর্চা লাভ কৰিছে৷ ২২ আৰু ২৩ অক্টোবৰত ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া ব্রিকছ সন্মিলনৰ পূর্বে লাডাখৰ এলএচিত দুয়ো দেশে শান্তি ওভতাই অনাৰ বাবে সেনাৰ টহল হ্রাস কৰাৰ সুদূৰপ্রসাৰী সিদ্ধান্তত উপনীত হৈছে৷ ভাৰতৰ বৈদেশিক সচিব বিক্রম মিশ্রীয়ে কালি ভাৰত আৰু চীনৰ মাজত লাডাখৰ এলএচি সংলগ্ণ অঞ্চলত শান্তি ঘূৰাই অনাৰ বাবে দুয়ো দেশে সেনাৰ টহল হ্রাস কৰাৰ সিদ্ধান্ত লোৱা বুলি প্রকাশ কৰিছে৷ দশক দশক ধৰি চলি থকা দুয়ো দেশৰ বিবদমান লাডাখৰ এলএচি সংলগ্ণ অঞ্চলত ২০২০ চনত চীনৰ সেনাই আগ্রাসন কৰিবলৈ বিচাৰোঁতে ভাৰতীয় সেনাৰ সৈতে প্রত্যক্ষ সংঘাতত লিপ্ত হৈছিল৷ দুয়ো দেশৰ মাজত সংঘটিত হোৱা বৃহত্তম সংঘাত হিচাপে চর্চিত এই সংঘর্ষৰ পিছতেই সীমান্তত উত্তেজনা অব্যাহত আছে৷ সামৰিক বাহিনীৰ কমাণ্ডাৰ পর্যায়ত দুই দেশৰ সংঘাত আঁতৰোৱাৰ চেষ্টা চলাৰ সমান্তৰালকৈ কূটনৈতিকভাৱেও সীমান্তত শান্তি আৰু সুস্থিৰতা ঘূৰাই অনাৰ বাবে আলোচনা চলিছিল যদিও ই ফলপ্রসূ হৈ উঠা নাছিল৷ বিগত কেইবাসপ্তাহ ধৰি দুয়োখন দেশৰ মাজত সীমান্তত বিশেষকৈ লাডাখৰ এলএচি সংলগ্ণ অঞ্চলত সেনাৰ টহল হ্রাস কৰাৰ বাবে চলা আলোচনাই অৱশেষত চুক্তিলৈ ৰূপান্তৰিত হয়৷ সহমতত উপনীত হোৱা দুয়ো দেশে চুক্তি অনুসৰি উক্ত সংঘর্ষজনিত অঞ্চলত সেনাৰ টহল হ্রাস কৰিব৷ চুক্তি অনুসৰি ডেচপাং আৰু ডেমচক অঞ্চলত সেনাৰ টহলৰ ক্ষেত্রত দুয়ো দেশে বুজাবুজিত উপনীত হৈছে৷ দুয়ো দেশৰ বৈদেশিক সচিবে যুটীয়া প্রেছ বিবৃতিযোগে লাডাখৰ পূব প্রান্তত শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে সেনাৰ টহল হ্রাসেৰে চুক্তি সম্পন্ন হোৱা বুলি আনুষ্ঠানিকভাৱে প্রকাশ কৰে৷ ইয়াৰ পিছতেই ৰাষ্ট্রীয় মাধ্যমৰ সৈতে হোৱা কথোপকথনত বৈদেশিক মন্ত্রী এছ জয়শংকৰেও ভাৰত আৰু চীনৰ মাজত সহমতত উপনীত হোৱা বিষয়টো সদৰী কৰে৷ বৈদেশিক মন্ত্রীগৰাকীয়ে কয় যে দুয়ো দেশৰ মাজত হোৱা চুক্তি অনুসৰি লাডাখৰ উক্ত অঞ্চলত ২০২০ চনৰ স্থিতি উভতি আহিব৷ অর্থাৎ উক্ত অঞ্চলসমূহত ভাৰতীয় সেনা বাহিনীয়ে টহল দিব পাৰিব৷ ডেপচাং আৰু ডেমচক অঞ্চলত ভাৰতীয় সেনাই ২০২০ চনৰ লেখীয়াই টহল দিব পাৰিব৷ ব্রিকছ সন্মিলনত চীনৰ ৰাষ্ট্রপতি জি ঝিনপিঙৰ সৈতে প্রধানমন্ত্রী মোদী মিলিত হ’ব যদিও দুয়োগৰাকী নেতাই পৃথকভাৱে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব নে নহ’ব, সেই সন্দর্ভত এতিয়াও আনুষ্ঠানিকভাৱে প্রকাশ পোৱা নাই৷ দুয়ো নেতাই ব্রিকছ সন্মিলনৰ বৈঠকত মুখামুখি হ’লেও পৃথকভাৱে মিলিত হয় নে নহয়, তাৰ ওপৰত এতিয়াও বৈদেশিক মন্ত্রালয়ে কোনো মন্তব্য কৰা নাই৷ উল্লেখ্য যে বিগত সপ্তাহত বৈদেশিক মন্ত্রী জয়শংকৰে লাডাখৰ পূব প্রান্তৰ ডেপচাং আৰু ডেমচক অঞ্চলত চীনৰ সেনাৰ সৈতে হোৱা সংঘাতৰ পাছৰ স্থিতি পূর্বৰ পৰিস্থিতিলৈ উভতি যাব বুলি ইংগিত দিছিল৷ মন্ত্রীগৰাকীয়ে আনকি বিবদমান সমস্যাটো সমাধানৰ ক্ষেত্রত ৭৫ শতাংশ মীমাংসা হোৱা বুলিও মন্তব্য কৰিছিল৷ মন্ত্রীগৰাকীৰ এনে মন্তব্যৰ কিছুদিন পিছতে দুয়ো দেশে সীমান্তত সেনাৰ টহলৰ বুজাবুজিত উপনীত হোৱাটো তাৎপর্যপূর্ণ৷

You might also like