নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিক ভোট দিয়া মানে ফিক্সড ডিপজিট

বিশেষ বাৰ্তা, ২২ অক্টোবৰঃ অসম সন্মিলিত মঞ্চই বিহালী সমষ্টিৰ বাবে প্ৰাৰ্থীকেন্দ্ৰিক বিবাদত ব্যস্ত হৈ থকাৰ সময়তে শাসক দল বিজেপিয়ে বিহালী সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে তুংগত কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। আজি সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই বিহালী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ খৰাশিমলু পঞ্চায়তৰ বিভিন্ন বুথত নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়। এই নিৰ্বাচনী প্ৰচাৰ অভিযান কালতে সাংসদ ৰঞ্জিত দত্তই সাংবাদিকৰ আগত কয় যে বিহালী সমষ্টিত বিৰোধী দলৰ প্ৰাৰ্থী যি জনেই নহওক কিয় আমি নিৰ্বাচম খেলিবলৈ আহিছো, আমি খেলিম আৰু আমাৰ জয় নিশ্চিত। আনহাতে বিহালী বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰে কাইলৈ নিৰ্বাচনী বিষয়াক নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে। আনহাতে তাৎপৰ্য্য পূৰ্ণ কথা হ’ল যি সময়ত বিহালী বিধানসভা সমষ্টিত শাসক দলটোৱে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীক উপ নিৰ্বাচনত জয় কৰাবলৈ জোৰদাৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। তেনে সময়তে বিৰোধী দলসমূহে আজিৰ দিনটোলৈকে বিহালী  সমষ্টিত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাততে ব্যস্ত হৈ থকা বিষয়টোয়ে কিন্তু সহজ ভাবে লব পৰা নাই সাধাৰণ ভোটাৰ ৰাইজে। আনহাতে নিৰ্বাচনী প্ৰচাৰ সভাতে বিধায়ক দিগন্ত কলিতাই ভাষণ প্ৰসংগত কয় যে আজি পৰ্যন্ত যি দলে নিজৰ প্ৰাৰ্থী ঠিক কৰিব পৰা নাই,প্ৰাৰ্থী কোন হ’ব নিশ্চিত কৰিব পৰা নাই,সেই দলে প্ৰথমে নিজৰ ঘৰখন ঠিক কৰি লওক, সেই দলে কি ৰাইজৰ সমস্যা সমাধান কৰিব বুলি প্ৰশ্ন উত্থাপন কৰি কয় যে কংগ্ৰেছ, চিপিআই(এম এল)ক ভোট দিলে সেই ভোট দাষ্টবিন অথবা নদীত পেলাই দিয়া হ’ব। বিজেপিক ভোট দিলে ফিক্সড ডিপজিট কৰা হ’ব বুলি মন্তব্য কৰে। ইফালে বিজেপি দলৰ ত্যাগৰ উদাহৰণ দি বিধায়কগৰাকীয়ে কয় যে বিহালী সমষ্টিত উপ নিৰ্বাচনত সাংসদ ৰঞ্জিত দত্তই ইচ্ছা কৰিলে নিজৰ পুত্ৰক দলীয় টিকট দিব পাৰিলে হয়। কিন্তু সেয়া নকৰি সমষ্টিটোত সাংসদ গৰাকীয়ে এজন আদিবাসী সম্প্ৰদায়ৰ লোকক দলীয় প্ৰাৰ্থিত্ব দিছে। এয়াই হ’ল বিজেপিৰ মানুহৰ ত্যাগ বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।

প্ৰেৰক জয়ন্ত বৰা

You might also like