নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত সৌৰশক্তিৰে বিজুলী যোগান আঁচনিৰ ৩০টা বেটাৰী চুৰি

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ ধুবুৰীৰ পাৰ্শ্বৱৰ্তী মাজেৰচৰৰ সৌৰশক্তিৰে বিজুলী যোগান ধৰাৰ চৰকাৰী আঁচনিৰ কেইবাটাও বেটাৰী চুৰি কৰাৰ এক চাঞ্চল্যকৰ অভিযোগ উঠিছে এগৰাকী প্ৰাক্তন পঞ্চায়ত সভাপতিকে ধৰি ৬গৰাকী লোকৰ বিৰূদ্ধে। এই মৰ্মে যোৱা নিশা ধুবুৰী সদৰ থানাত গাওঁখনৰ একাংশ লোকে এখন এজাহাৰো দাখিল কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, যোৱাকালি মাজ নিশা ধুবুৰী সদৰ আৰক্ষী থানাত উপস্থিত হয় মাঝেৰচৰ চলাকুৰা পঞ্চায়তৰ অৰ্ধ শতাধিক লোক। উত্তেজিত সোই লোকসকলে মাজেৰচৰৰ স্থাপন কৰা সৌৰশক্তিৰে বিজুলী যোগান ধৰাৰ চৰকাৰী আঁচনি এখনৰ বেটাৰী চুৰি হোৱাৰ পিছৰ পৰাই নিশা হলেই গাওঁখন অন্ধকাৰত বুৰ যায় বুলি তীব্ৰ বিষাদগাৰ কৰে। দৰাচলতে, প্ৰায় সাত বছৰমান পূৰ্বে চৰকাৰে সৌৰশক্তি জৰিয়তে মাঝেৰচৰ গাওঁত বিদুৎ যোগান ধৰাৰ এটা প্ৰকল্প স্থাপন কৰি দুখীয়া লোকসকলৰ ঘৰত বিজুলী যোগান ধৰাৰ ব্যৱস্থা কৰিছিল। মাঝেৰচৰ গাঁওৰ জমিৰ উদ্দিন নামৰ এজন লোকৰ ঘৰৰ চৌহদত স্থাপন কৰা হৈছিল সৌৰশক্তিৰ সেই প্ৰকল্পটো। কিন্তু দুদিন পূৰ্বে প্ৰকল্পটোত থকা প্ৰায় ৩০টাকৈ বেটাৰী চুৰি কৰি নিয়ে আৰু তাৰ পিছৰ পৰাই নিশা অন্ধকাৰত বুৰ যায় গাওঁখন। গাওঁখনৰ প্ৰায় অৰ্ধাশতাধিক যোৱানিশা ধুবুৰী সদৰ থানাত উপস্থিত হয় আৰু মাঝেৰচৰ চলাকুৰাৰ প্ৰাক্তন পঞ্চায়ত সভাপতি কেতাব আলী, জমিৰ উদ্দিনকে ধৰি মুঠ ৬গৰাকী লোকৰ বিৰুদ্ধে নিশাই দাখিল কৰে এজাহাৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like