নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তপ্ত চামগুৰিৰ শান্তিবজাৰ : উপ-নিৰ্বাচনক লৈ ‘ৰকিগিৰি’

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ চামগুৰিত উপ-নিৰ্বাচনত সমুখসমৰত কংগ্ৰেছ বিজেপি।অভিযোগ-প্ৰতিঅভিযোগত চামগুৰি উপ-নিৰ্বাচনৰ গৰম বতাহ৷ ঠায়ে ঠায়ে কংগ্ৰেছ-বিজেপিৰ নিৰ্বাচনী হিংসা৷ চামগুৰি সমষ্টিৰ শান্তিবজাৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ৰকিবুল হুছেইনক গুণ্ডা আখ্যা দিলে বিজেপিৰ কৰ্মীসকলে৷ বিজেপি কৰ্মীসকলক খেদি যোৱাৰ অভিযোগ ৰকিবুল হুছেইনৰ বিৰুদ্ধে৷ ৰকিবুল হুছেইন গ’ বেক, বিজেপি জিন্দাবাদ ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে বিজেপি কৰ্মীসকলে৷ আনফালে বিজেপি কৰ্মীসকলে হাতত বিজেপি ফ্লেগ লৈ কংগ্ৰেছৰ সভাত কিয় আহিল তাক লৈ প্ৰশ্ন কৰিলে ৰকিবুল হুছেইনে৷ বিজেপিৰ ফ্লেগ লগোৱাৰ নামত হাতত বাঁহ লৈ একাংশ গুণ্ডা প্ৰকৃতিৰ লোক কংগ্ৰেছৰ সভাৰ ওচৰত ৰখি থকাৰ অভিযোগ৷ আলফাক ভয় নকৰা ৰকিবুলে ছালফাক কিয় ভয় কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
প্ৰেৰক জহিৰুল ইছলাম
You might also like