নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱ সাংবাদিক অৰ্ণৱ কুমাৰ ৰায়ৰ গুৱাহাটীত অকাল মৃত্যু

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ বঙাইগাঁও জিলাৰ সৃজনগ্ৰামৰ প্ৰতিভাৱান যুৱ সাংবাদিক অৰ্ণৱ কুমাৰ ৰায়ে কালি গুৱাহাটীৰ ভাৰাঘৰত অকালতে মৃত্যুক সাবতি লয়৷ চক্ৰভৌম পঞ্চায়তৰ বটগুৰী নিবাসী অজয় ৰায় আৰু অনিমা ৰায়ৰ পুত্ৰ অৰ্ণৱৰ মৃত্যুই মৰ্মাহত কৰিছে সৃজনগ্ৰামবাসীক৷ উদীয়মান যুৱ সাংবাদিকগৰাকীৰ মৃত্যুৰ লগে লগে সৃজনগ্ৰামৰ পৰা চিৰদিনৰ বাবে হেৰাই গল এপদ সম্পদ৷ সন্দেহ মতে প্ৰেমজনিত কাৰণত আত্মহনন কৰে অৰ্ণৱে৷ কালি হাতীগাঁৱৰ ভাৰাঘৰত অৰ্ণৱৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সতীৰ্থ, আত্মীয়-স্বজন আৰু শুভাকাংক্ষীসকল শোকত ম্ৰিয়মাণ হৈ পৰে৷ ইপিন মৰ্মান্তিক খবৰটোৱে বটগুৰীৰ বাসগৃহত বৰ্ণনাতীত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে৷ পুত্ৰশোকত ভাগি পৰা পিতৃ-মাতৃৰ লগতে একমাত্ৰ ভগ্নী আৰু আইতাকক সান্ত্বনা দিয়াৰ ভাষা বিচাৰি নাপাই ক্ৰন্দনত ভাগি পৰে আত্মীয়-স্বজনৰ লগতে অনেক শুভাকাংক্ষী লোকে৷ জানিব পৰা মতে মেধাসম্পন্ন অৰ্ণৱে সৃজনগ্ৰাম আৰু অভয়াপুৰীৰ লগতে পাঠশালাত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পাছত গুৱাহাটীৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত বিচিএ পাঠ্যক্ৰম অধ্যয়ন কৰে। তাৰ পাছত অৰ্ণৱে এক ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি পূৰ্ণকালীন সাংবাদিকতাৰ সৈতে জড়িত হৈ পৰে। ছেটেলাইট নিউজ চেনেল NKTV+ৰ মুখ্য কাৰ্যালয়ত কিছুদিন কাম কৰাৰ পাছত শেহতীয়াকৈ নিউজ১৮ অসম নৰ্থ-ইষ্ট চেনেলত যোগদান কৰি যুৱ সংবাদকৰ্মীগৰাকীয়ে মৃত্যুৰ দিনটোলৈকে চেনেলটোৰ বাবে নিষ্ঠাৰে সেৱা আগবঢ়াই থৈ যায়। তদুপৰি দূৰদৰ্শনৰ সৈতেও তেওঁ অংশকালীনভাৱে জড়িত হৈ আছিল। সৃষ্টিশীল কৰ্মৰ প্ৰতি অনুৰাগী অৰ্ণৱ আছিল এগৰাকী ভাল আবৃত্তিকাৰ। তেওঁৰ আবৃত্তিত বহুকেইটা কবিতাই ছ’চিয়েল মিডিয়াত জনপ্ৰিয়তা অৰ্জন কৰিছিল। বঙাইগাঁৱৰ ছৌতাকীত আয়োজিত গল্ডেল লেংগুৰ ফেষ্টিভেলৰ শীৰ্ষ গীতটিও লিখিছিল উদীয়মান যুৱকগৰাকীয়ে। এগৰাকী সফল এংকৰ হোৱাৰ সপোন পুহি ৰখা অৰ্ণৱৰ মৃত্যুৰ লগে লগে সেই সপোনো চিৰদিনৰ বাবে মাৰ গ’ল। অৰ্ণৱৰ অকাল মৃত্যুত বৃহত্তৰ সৃজনগ্ৰামত গভীৰ শোকৰ ছাঁ পৰে৷ আজি সন্ধিয়া অৰ্ণৱৰ মৃতদেহ নিজ গৃহলৈ অনাৰ পাছতে শেষশ্ৰদ্ধা জনাই সৎকাৰৰ ব্যৱস্থা কৰা হয়৷ মৃতকৰ আত্মাৰ সদ্‌গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰে অভয়াপুৰী প্ৰেছ ক্লাৱ, সৃজনগ্ৰামৰ সংবাদ কৰ্মী, কোচৰাজবংশী সংগ্ৰাম সমিতি, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কোচ ৰাজবংশী ছাত্ৰ সন্থা, অগপৰ চক্ৰভৌম আঞ্চলিক সমিতি, বিজেপিৰ অভয়াপুৰী মণ্ডল সমিতি আৰু ইয়ং সৃজনগ্ৰামে৷
প্ৰেৰক অপূৰ্ব কুমাৰ দাস
You might also like