নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত অসম বিধানসভাৰ ৰাজহুৱা গাণনিক সমিতিৰ দল

নিয়মীয়া বাৰ্তা,  ২৩ অক্টোবৰ : বিধায়ক নুৰুল হুদাৰ নেতৃত্বত ধুবুৰীত উপস্থিত হোৱা অসম বিধানসভাৰ ৰাজহুৱা গাণনিক সমিতিৰ ৫ জনীয়া এটি দলে কালি জিলাখনত বিভিন্ন চৰকাৰী বিভাগে ৰূপায়ণ কৰি থকা চৰকাৰী আঁচনীবোৰৰ চৰজমিন তদন্ত কৰে। অসম বিধানসভাৰ ৰাজহুৱা গাণনিক সমিতিৰ অধ্যক্ষ নুৰুল হুদা, বিধায়ক কৰিম উদ্দিন বৰভূঞা, বিধায়ক হাফিজ আহমেদ কাছিমী, বিধায়ক উৎপল বৰা আৰু বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীৰে গঠিত ৫জনীয়া দলটোৱে কালি বিয়লি ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত জিলা আয়ুক্ত দিবাগত নাথ প্ৰমুখ্যে জিলাখনৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু অসম বিধানসভাৰ অতিৰিক্ত সচিব মুনীন্দ্ৰ শৰ্মাৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজক লৈ তেওঁলোক ৯০ শতাংশই সন্তুষ্ট বুলি দাবী কৰে দলটোৰ অধ্যক্ষ নুৰুল হুদাই। কিন্তু দলটোৰ আন এগৰাকী সদস্য তথা বিধায়ক কৰিম উদ্দিন বৰভূঞাই ধুবুৰী জিলাৰ গড়কাপ্টানী বিভাগৰ গৃহ সংমণ্ডল, খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু এপিডিচিএল- এই তিনিটা বিভাগৰ কাম-কাজ সন্তোষজনক নহয় বুলিহে মন্তব্য কৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like