নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ৰঞ্জী দলত ছিপাঝাৰৰ দৰ্শন ৰাজবংশী

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ : অসম ক্ৰিকেট সন্থাই ঘোষণা কৰা তৃতীয়খন ৰঞ্জী ট্ৰফী খেলৰ বাবে দলত ছিপাঝাৰৰ দৰ্শন ৰাজবংশী অন্তৰ্ভূক্ত হোৱাত জিলাখনৰ ক্ৰীড়াপ্ৰেমী উৎফুল্লিত হৈ পৰাৰ লগতে যুৱ খেলুৱৈগৰাকীক জ্ঞাপন কৰিছে অভিনন্দন। উল্লেখযোগ্য যে বৰমপুৰৰ যুৱ খেলুৱৈগৰাকীয়ে ইতিমধ্যে ৰাজ্যিক দলৰ হৈ চি কে নাইডু ট‌্ৰফীকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ মেচত খেলাৰ সূযোগ লাভ কৰাৰ লগতে ৰাজস্হান, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, চণ্ডীগড়, মহাৰাষ্ট্ৰ, ত্ৰিপুৰা আদিতো খেলি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল। উল্লেখযোগ্য যে প্ৰথমতে দৰং জিলা দলৰ হৈ খেলি ক্ৰিকেটাৰ গৰাকীয়ে বৰ্তমান গুৱাহাটী বাড ক্ৰিকেট ক্লাবৰ হৈ খেলি আছে। ২৬ অক্টোবৰত দিল্লীৰ বিপক্ষে অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগীয়া ৰঞ্জি ট্ৰফী মেচখনৰ বাবে নিৰ্বাচিত হৈছে দৰ্শন ৰাজবংশী।
প্ৰেৰক ৰণজিত নাথ
You might also like