নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূব নাগশংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন 

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ : বিশ্বনাথ জিলাৰ চতিয়াৰ উত্তৰ পাৰৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়স্থলী পূব নাগশংকৰ । বৃহত্তৰ পূব নাগশংকৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ননকে চেঙামাৰীত ২০ অক্টোবৰত পূব নাগশংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন কৰে । সমিতিয়ে অহা ২১, ২২ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে আড়ম্বৰপূৰ্ণভাৱে ৩০সংখ্যক ৰাস মহোৎসৱভাগি উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰাসস্থলীত অঞ্চলৰ স্থানীয় শিল্পীসকলে মৃণ্ময় মূৰ্তিৰ লগতে নিজ হাতে বহুতো বস্তু বনাই প্ৰদৰ্শন কৰিবলৈ প্ৰস্তুতি চলাইছে । অসমৰ অভিনেত্ৰী ৰিছা ভৰদ্বাজে এই ৩০ সংখ্যক পূব নাগশংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱত ৰাধাৰ ভাওত নৃত্য প্ৰদৰ্শন কৰিব । অঞ্চলৰ গণ্যমান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত লাইখুঁটা স্থাপন কাৰ্যসূচীৰ সফল ৰূপায়ণ হয় বুলি পূব নাগশংকৰ কেন্দ্ৰীয় ৰাস উদযাপন সমিতিৰ সভাপতি অৱনী বৰুৱা আৰু যুটীয়া সম্পাদক সৰ্বানন্দ মহন্ত আৰু অভিজিৎ শ‌ইকীয়াই জানিবলৈ দিয়ে । উদ্যোক্তা সমিতিয়ে ৰাস উপভোগ কৰিবলৈ অসমৰ ৰাসপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে ।
প্ৰেৰক শিবু মজুমদাৰ
You might also like