নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপৰ কৃষিপাম-পুখুৰী পৰিদৰ্শন বিজেপি কৃষক মৰ্চাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ অক্টোবৰঃ আজি বিজেপি কৃষক মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সমিতিৰ এটি সঁজাতী দলে কামৰূপ জিলাৰ অন্তৰ্গত বিভিন্ন কৃষিপাম আৰু পুখুৰী তথা কৃষক ৰাইজসমূহৰ অভাৱ অভিযোগবোৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সতে পৰিদৰ্শন কৰে তথা কৃষক ৰাইজৰ সৈতে মত বিনিময় কৰে। কামৰূপ জিলাৰ অন্তৰ্গত বনমজা, আঠিয়াবৈ, মলং ৰাইজৰ কৃষিজীৱী অসুবিধাসমূহ বুজ লোৱাৰ লগতে জৈৱিক প্ৰক্ৰিয়াৰে কৰা কৃষি আৰু কেঁচু সাৰসমূহ পৰিদৰ্শন কৰে। জৈৱিক কৃষি কৰিবলৈ হ’লে জৈৱিক সাৰৰ প্ৰয়োগ আৰু প্ৰয়োজন আছে ইয়াৰ অন্তৰালত কৃষক মৰ্চা অসম প্ৰদেশৰ কৰ্মৰাজিক শলাগ ল’বলগীয়া বুলি মত পোষণ কৰে কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই। মীন পালন, পশুপালন তথা জৈৱিক কৃষিৰ পদ্ধতিৰ লগতে নৱ প্ৰযুক্তিৰ কৃষি পদ্ধতি ব্যৱহাৰ কৰি আমাৰ নৱ প্ৰজন্ম তথা কৃষক ৰাইজ উপকৃত হ’ব লাগিব তাৰ বাবে কৃষক মৰ্চা অসম প্ৰদেশৰ সদায়ে চেষ্টা চলাই আহিছে। উপায়ুক্তৰ লগতে কৃষি বিভাগ, মীন বিভাগৰ বিভাগীয় কৰ্তৃপক্ষ উপস্থিত থকা আজিৰ পৰিদৰ্শন কালত নেতৃত্ব দিয়ে কৃষক মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই। উক্ত পৰিদৰ্শন কালত সঞ্জীৱ বড়া হৃষিকেশ কলিতা, প্ৰকাশ দাস, ইপ্সিতা বৰুৱা, মীন বিভাগৰ অধ্যক্ষ গৌৰীশংকৰ দাস, স্থানীয় কৃষক ৰাইজ উপস্থিত থাকে।

You might also like