নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাৰ ত্ৰিপৰ্ণা সাফল্য : লণ্ডনৰ বিশ্ববিদ্যালয়ৰ পৰা স্কলাৰশ্বিপ লাভ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ বিদেশত উচ্চ শিক্ষা লাভৰ বাবে যে মাধ্যম অন্তৰায় নহয় সেইকথা ব্যৱহাৰিকভাৱে প্ৰমাণ কৰি দেখুৱাই সমগ্ৰ বজালীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে পাঠশালাৰ মেধাবী ছাত্ৰী ত্ৰিপৰ্ণা কলিতাই৷ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা বজালী সন্তান ত্ৰিপৰ্ণা কলিতাই নিজৰ মেধাৰ বলত লণ্ডনৰ ঐতিহ্যমণ্ডিত City University of Londonত সম্পুৰ্ণ স্কলাৰশ্বিপসহ পি এইছ ডিৰ বাবে নিৰ্বাচিত হোৱা খবৰে আনন্দ কঢ়িয়াই আনিছে৷ উল্লেখ্য যে কলিয়াবৰ শিশু নিকেতনত অসমীয়া মাধ্যমত শিক্ষা জীৱনৰ শুভাৰম্ভ কৰা ত্ৰিপৰ্ণা কলিতাই উচ্চতৰ মাধ্যমিকলৈকে অসমীয়া মাধ্যমতে পঢ়াশুনা কৰিছিল৷ প্ৰাথমিক শিক্ষা সমাপ্ত নৌ হওতেই পিতৃ-মাতৃ চাকৰীৰ বদলিসুত্ৰে ডিব্ৰুগড় জিলাৰ মৰাণলৈ স্থানান্তৰিত হোৱাত মৰাণৰ পিয়লি নগৰ প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাৰ কিছুদিন পিছতে মৰাণ জাতীয় বিদ্যালয়ত নামভৰ্তি কৰে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচনসহ উত্তীৰ্ণ হয় ৷ ইয়াৰ পিছত পুনৰ পিতৃ-মাতৃৰ বদলিসুত্ৰে পিতৃভুমি বজালীলৈ আহিবলগীয়া হোৱাত পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ কলা শাখাত একাদশ শ্ৰেণীত নামভৰ্তি কৰি সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উৰ্তীৰ্ণ হয় আৰু গুৱাহাটীৰ সন্দিকৈ মহিলা মহাবিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত স্নাতক তথা গুৱাহাটী আই আই টিৰ পৰা সুখ্যাতিৰে স্নাতকোত্তৰ দিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়৷ এক শৈক্ষিক পৰিৱেশত প্ৰতিপালিত হোৱা ত্ৰিপৰ্ণাই উচ্চ শিক্ষাৰ প্ৰতি ঘৰখনৰ পৰা সদায় উৎসাহ উদ্দিপনা পাই থকাৰ ফলস্বৰূপে City University of Londonত Phdৰ বাবে আবেদন কৰি City University of London আৰু Imperial War Museum ৰ সহযোগত AHRC fully funded scholarship ত International Phd কৰাৰ যোগ্যতা অৰ্জন কৰিছে৷ বজালীৰ সুসন্তান পাঠশালা নিৱাসী বিশিষ্ট লেখক, সমাজকৰ্মী তথা অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বিষয়া মৃণাল চন্দ্ৰ কলিতা আৰু একেটা বিভাগৰে বিষয়া ছায়া কলিতাৰ সুযোগ্য সন্তান ত্ৰিপৰ্ণা ইতিমধ্যে চাৰিদিন পূৰ্বে লণ্ডনলৈ ৰাওনা হৈছে৷ উল্লেখ্য যে বজালী তথা অসমীয়া মাধ্যমত অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে উৎসাহজনক আৰু আশাৰ বাৰ্তা কঢ়িয়াই অনা ত্ৰিপৰ্ণাই স্নাতক দ্বিতীয় সান্মাসিকত অধ্যয়নৰত অৱস্থাত Emotionery নামৰ এখন তিনিশ ষাঠি পৃষ্ঠাৰ গুৰুত্বপূৰ্ণ গ্ৰন্থও লিখি উলিয়াইছিল, যিখন গ্ৰন্থ সচেতন পঢ়ুৱৈৰ মাজত সমাদৃতও হৈছিল৷ মনকৰিবলগীয়া যে এহাল সুযোগ্য পুত্ৰ-কন্যাৰ পিতৃ-মাতৃ কলিতা দম্পত্তিৰ পুত্ৰ বিতোপন কলিতায়ো আই আই টিত অধ্যয়ন কৰি সম্প্ৰতি বাংগালুৰুত Microsoft companyত চাকৰি কৰি আছে৷

প্ৰেৰকঃ কল্যাণ কলিতা৷

You might also like