নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰকিবুল হুছেইনৰ নেতৃত্বতেই কাজিৰঙাত হৈছিল অবাধ গঁড় হত্যা

📌 চামগুৰিৰ গব্বৰক এইবাৰ খেদিব দীপ্লুৰঞ্জনে : জিতু গোস্বামী

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ : “ৰকিবুল হুছেইন এগৰাকী প্ৰৱল প্ৰতাপী আৰু অহংকাৰী মন্ত্ৰী আছিল ৷ বনমন্ত্ৰী হৈ থাকোতে অসমৰ কাজিৰঙাত গঁড় হত্যা হৈছিল৷ কংগ্ৰেছে কেৱল ভয় ভাবুকিৰে ৰাইজৰ ভোট ল’ব জানে, কিন্তু ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰে ৷এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ৷ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ভগামুৰ অঞ্চলত আজি অনুষ্ঠিত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি মন্ত্ৰী পীয়ুষ হাজৰিকাই ভাষন প্ৰসংগত কয় যে চামগুৰিৰ উন্নয়নৰ বাবে আপোনালোকে দীপ্লুৰঞ্জন শৰ্মাক ভোট দি জয়যুক্ত কৰিব লাগিব৷ কাৰন কেন্দ্ৰটো বিজেপি চৰকাৰ অসমতো বিজেপি চৰকাৰ ৷ বৰ্তমানে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ যিহেতু আছে গতিকে চামগুৰিত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা জয় হলেহে চামগুৰি উন্নয়ন হব৷ দিপ্লুৰঞ্জন শৰ্মা বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক৷ গতিকে দীপ্লুৰঞ্জন শৰ্মাই ফোন কৰিলে মুখ্যমন্ত্ৰীয়ে এক মিনিটত কাম কৰি দিয়ে আৰু মই আধা মিনিটতে কাম কৰি দিওঁ ৷ অসমৰ সকলো মন্ত্ৰীয়ে দীপ্লুৰঞ্জন শৰ্মাৰ কথা শুনে ৷ গতিকে চামগুৰি ৰাইজৰ কাম হ’বই হ’ব চামগুৰিৰ উন্নয়ন হবৈ হব বুলি মন্ত্ৰী গৰাকীয়ে ভাষন প্ৰসংগত উল্লেখ কৰে৷ চামগুৰিৰ উপ নিৰ্বাচনলৈ মাজত কেইটামানদিন থকাৰ অৱস্থাত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাৰহৈ আজি চামগুৰিৰ ভগামুৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিল মন্ত্ৰী পীয়ুষ হাজৰিকাই কংগ্ৰেছ দলৰ লগতে চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনক কঠোৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হয় ৷ ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলা সমিতিৰ উপ সভাপতি প্ৰাৰ্থীপ্ৰতিম হাজৰিকাই আতঁ ধৰা নিৰ্বাচনী সভা খনত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ভাষন প্ৰসংগত ৰকিবুল হুছেইনক কটাক্ষ কৰি কয় যে ৰকিবুল হুছেইনে চামগুৰিৰৰ ৰাইজৰ আগত নিজকে গব্বৰ বুলি চিনাকি দিছে৷ কিন্ত গব্বৰক শ্বোলে চিনেমাত ঠাকুৰে দৌৰাই দৌৰাই খেদি পঠিওৱাৰ দৰে এইবাৰ দীপ্লুৰঞ্জন শৰ্মাই খেদি পঠিয়াব চামগুৰিৰ পৰা৷” কংগ্ৰেছে হিংসাৰ পৰিৱেশ সৃষ্টি কাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰাই ধিক্কাৰ দিয়ে বিধায়ক জিতু গোস্বামীয়ে৷ আনহাতে বিজেপিৰ মনোনীত প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাই নিজৰ ভাষনত খেদ প্ৰকাশ কৰি কয় যে চামগুৰিৰ উপ নিৰ্বাচনত তাঞ্জিল হুছেইনৰ লগত নহয় ৰকিবুল হুছেইনৰ লগত হে মই প্ৰতিদণ্ডিতা কৰিছো বুলি অনুভৱ হৈছে ৷ কাৰণ কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীত কৈ ৰকিবুল হুছেইনেহে সভা সমিতি সমুহত তৎপৰতা আৰম্ভ কৰা দেখা গৈছে৷ এই উপ নিৰ্বাচনত ৰকিবুল হুছেইনৰ লগতে পৰিয়ালক চামগুৰি সমষ্টিৰ ৰাইজে বাই বাই দিব৷ আপোনালোকে মোক যি বিশ্বাস দিছে ,সেয়া মই এশ এক শতাংশ পূৰণ কৰিম বুলি ভাষন প্ৰসংগত উল্লেখ কৰে ৷ আনহাতে ৰকিবুল হুছেইনে দীপ্লুৰঞ্জন শৰ্মাক চুটিচাপৰ বুলি ইতিকিং কৰা বিষয়ক কেন্দ্ৰ কৰি অত্যন্ত ক্ষোভ প্ৰকাশ কৰি নিজৰ ভাষন প্ৰসঙ্গত কয় যে চামগুৰিত এইবাৰ ৰকিবুল হুছেইনৰ নিস্তাৰ নাই ৷ এই চুটিচাপৰ মানুহজনে চৌব্বিশ বছৰ বিধায়ক হৈ থকা ৰকিবুল হুছেইনক ঘটিয়ে ঘটিয়ে পানী খোৱাম বুলি মন্তব্য কৰাৰ লগতে চামগুৰিৰ উন্নয়ন, চামগুৰিৰ অতীত আৰু ভৱিষ্যতৰ কথা সোঁৱৰি কংগ্ৰেছ প্ৰাৰ্থী তথা ৰকিবুল হুছেইনৰ তনয় তাঞ্জিল হুছেইনক মুকলি বিতৰ্কৰ বাবে দীপ্লুৰঞ্জন শৰ্মাই আহ্বান জনোৱাৰ লগতে কংগ্ৰেছৰ দিনত তেওঁলোকে একো কৰিব নোৱাৰিলে, কেৱল সমষ্টিবাসীৰ ঘৰৰ টিংপাত, দম কলহে উঠাই নিব জানে বুলি মন্তব্য কৰে৷ আজি ভগামুখত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাখনৰ আগমুহূৰ্ত্তত চামগুৰি তিনিআলিৰ পৰা মন্ত্ৰী পীয়ুষ হাজৰিকা, নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, চামগুৰি উপ নিৰ্বাচনৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ, কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা পুৰনিগুদাম মণ্ডল বিজেপিৰ সভাপতি মিন্টু শৰ্মাকে প্ৰমুখে বহু নেতা-পালি নেতাসহ কেইবাশ বিজেপি কৰ্মীয়ে নিৰ্বাচনী সভাস্থলীলৈ পদযাত্ৰা কৰে৷

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like