নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূৰ্বৰ পৰাই মিত্ৰতা আছিল কংগ্ৰেছ-এআইইউডিএফৰঃ দিলীপ শইকীয়া

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ ‘কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা পূৰ্বৰ পৰাই আছিল । তৰুণ গগৈয়ে এআইইউডিএফৰ লগত প্ৰেম হৈছে বুলি কোৱা কথাৰ পৰাই এইটো স্পষ্ট । পূৰ্বৰ নিৰ্বাচন সমূহতো তেওঁলোকৰ মাজত গোপন বুজাবুজি আছিল যাৰ বাবে বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ গৌৰৱ গগৈকে ধৰি আন আন প্ৰাৰ্থীসকলক জয়ী কৰাব বিচাৰিছিল এআইইউডিএফে । গতিকে এই স্পষ্ট যে দুয়োটা দলেই এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ।’ – মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি নেতা দিলীপ শইকীয়াই কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত এইদৰেই সংবাদমাধ্যমৰ আগত উল্লেখ কৰে ।

সাংসদগৰাকীয়ে আগন্তুক ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । ডেৰশবছৰীয়া এটা দলে এআইইউডিএফৰ লগতে মিত্ৰতা কৰা বিষয়টো এতিয়া স্পষ্ট হৈ পৰিল বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে । খিলঞ্জীয়াক প্ৰতিনিধিত্ব নকৰা অথচ অসমলৈ অহা সন্দেহযুক্ত নাগৰিকক প্ৰতিনিধিত্ব কৰা এআইইউডিএফৰ সৈতে ৰাজ্যসভাৰ মাত্ৰ এখন আসনৰ বাবে কংগ্ৰেছে মিত্ৰতা কৰা বিষয়টো ষড়যন্ত্ৰ আছে বুলি কয় দিলীপ শইকীয়াই ।

You might also like