নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলা : ভাৰতীয় দল ঘোষণা

🔹 দলত স্থান নাপালে ছামি–অক্ষৰে

নিউজ ডেস্ক, ২৬ অক্টোবৰ : বহু প্রতীক্ষিত ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলাৰ বাবে ভাৰতৰ ১৮ জনীয়া দলটো ঘোষণা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভৰ পৰা বঞ্চিত হয় তাৰকা পেচ বলাৰ মহম্মদ ছামি আৰু অলৰাউণ্ডাৰ অক্ষৰ পেটেলে৷ আঘাতৰ পৰা সম্পূর্ণ সুস্থ হৈ নুঠাৰ বাবে ছামিক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰা হোৱা নাই৷ ইফালে, ঘোষিত দলটোত স্থান লাভ কৰিছে অভিমন্যু ঈশ্বৰণ, হর্ষিত ৰাণা আৰু নীতিশ ৰাণাই৷ শৃংখলাটোৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটো হ’ল- ৰোহিত শর্মা, যশপ্রীত বুমৰাহ, যশস্বী জয়ছোৱাল, অভিমন্যু ঈশ্বৰণ, শুভমন গিল, বিৰাট কোহলি, লোকেশ ৰাহুল, ঋষভ পণ্ট, ছৰফৰাজ খান, ধ্রুৱ জুৰেল, ৰবিচন্দ্রন অশ্বিন, ৰবীন্দ্র জাদেজা, মহম্মদ চিৰাজ, আকাশদীপ, প্রসিদ্ধ কৃষ্ণ, হর্ষিত ৰাণা, নীতিশ কুমাৰ ৰেড্ডী আৰু ৱাশ্বিংটন সুন্দৰ৷ ৰিজার্ভ খেলুৱৈ হিচাপে আছে মুকেশ কুমাৰ, নৱদীপ ছাইনী আৰু খলিল আহমেদ৷

You might also like