নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ ৰানত পতন ৮টাকৈ উইকেট : ক্রিকেট ইতিহাসত বিৰল ঘটনা

মেলব’ৰ্ন, ২৬ অক্টোবৰ : মাত্র ১ ৰানত ৮টা উইকেটৰ পতন৷ উক্ত ১ ৰানটোও অতিৰিক্ত হিচাপে আহিছিল৷ স্ক’ৰ ব’ৰ্ডত অন্তিম সাতজন বেটাৰৰ নামৰ কাষত শূন্য লিখা আছিল৷ অষ্ট্রেলিয়াৰ ঘৰুৱা ক্রিকেটৰ ৫০ অভাৰৰ মেচত এই ঘটনাটো সংঘটিত হয়৷ খেলখন ২৮.৪ অভাৰত সমাপ্ত হয়৷ পশ্চিম অষ্ট্রেলিয়া আৰু টাছমেনিয়াৰ মাজত মেচখন অনুষ্ঠিত হৈছিল৷ খেলপথাৰত জাতীয় দলৰ হৈ কেইবাগৰাকীও তাৰকা ক্রিকেটাৰে খেলিছিল৷ পশ্চিম অষ্ট্রেলিয়াই প্রথমে বেটিং কৰে৷ এটা সময়ত তেওঁলোকে ১৫.৩ অভাৰত ২ উইকেটত ৫২ ৰান কৰিছিল৷ ১৬ অভাৰৰ চতুর্থ বলত কেমেৰন বেনক্রফট (১৪) আউট হয়৷ ইয়াৰ পিছত পশ্চিম অষ্ট্রেলিয়াৰ ইনিংছ তাচপাতৰ ঘৰৰ দৰে ভাঙি পৰিল৷ জ’ছ ইংলিছ, এষ্টন টার্নাৰ, কুপাৰ কনলি, হিল্টন কার্টৱেইট, এষ্টন আগৰ, জে ৰিচার্ডছন, জোৱেল পেৰিছ আৰু লেন্স মৰিছ ইজনৰ পিছত সিজনকৈ ড্রেছিং ৰুমলৈ উভতি আহিল৷ মাত্র এজন খেলুৱৈয়েহে ১ ৰান সংগ্রহ কৰে৷ কোনো ৰান নকৰাকৈ অপৰাজিত হৈ থাকে মৰিছ৷ বাকী বেটাৰসকল শূন্য ৰানত পেভিলিয়নমুখী হয়৷ ২০.১ অভাৰত তেওঁলোকৰ ইনিংছ সমাপ্ত হয়৷ টাছমেনিয়াৰ দুজন বলাৰ বিড ৱেবষ্টাৰ আৰু বিলি ষ্টেনলেকৰ বলৰ সন্মুখত পশ্চিম অষ্ট্রেলিয়াৰ বেটাৰে ক্রিজত অধিক সময় তিষ্ঠি থাকিব নোৱাৰিলে৷ ৱেবষ্টাৰে ১৭ ৰানত ৬টা উইকেট দখল কৰে৷ ষ্টেনলেকে ১২ ৰানত ৩টা উইকেট লাভ কৰে৷ অ’পেনাৰ ডি আর্চিশ্বর্টে পশ্চিম অষ্ট্রেলিয়াৰ হৈ সর্বাধিক ২২ ৰান কৰে৷ আন এজন অ’পেনাৰ এৰ’ন হার্ডিয়ে ৭ ৰান সংগ্রহ কৰে৷ প্রত্যুত্তৰত টাছমেনিয়াই ৮.৩ অভাৰত ৩ উইকেটত ৫৫ ৰান সংগ্রহ কৰে৷

You might also like