নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰোবালৈ ফোন লগালে হঠাৎ কিয় আপোনাৰ ফোনটোয়ে কাহি উঠে ?

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ আপুনি লক্ষ্য কৰিছেনে যোৱা দুই-এদিনৰ পৰা আপুনি কাৰোবালৈ ফোন কৰিবলৈ ল’লে ক’লাৰটিউনৰ বিপৰীতে হঠাৎ কোনোবাই কাহি উঠা শুনিবলৈ পোৱা যায় । লগতে ক’ৰোনা ভাইৰাছৰ পৰা হাত সাৰিবলৈ এক বাৰ্তাও দিয়া হয় ।

এয়া আন একো নহয় বৰঞ্চ সমগ্ৰ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ বাবে টেলিকম কোম্পানীসমূহৰ পৰা চলোৱা এক ফ্ৰি-কল সজাগতা অভিযান । যাতে জনসাধাৰণৰ মাজত বিশ্বব্যাপী আতংকৰ সৃষ্টিকাৰী ক’ৰোনাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰিব পাৰি ।

উল্লেখ্য যে ভাৰতত এতিয়ালৈকে ৪৩ জন লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে । যাৰ বেছিসংখ্যকেই বিদেশী পৰ্যটক অথবা বিদেশ ভ্ৰমণ কৰি স্বভূমিলৈ উভতি অহা লোক বুলি জানিব পৰা গৈছে । চীনৰ পৰা উৎপত্তি হোৱা ক’ৰোনা এতিয়া বিশ্বৰ ৯৮ খন দেশলৈ বিয়পিছে । বৰ্তমানলৈকে বিশ্বত ৩৪৫৬ গৰাকী লোকৰ মৃত্যু হৈছে ক’ৰোনা ভাইৰাছত । চীন , ইৰান, ইটালী আৰু দক্ষিণ কোৰিয়াত বিশ্বৰ ভিতৰতে আক্ৰান্ত হৈছে সৰ্বাধিক লোক ।

You might also like