নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহপুৰৰ কৃতী শিক্ষক, খেলুৱৈ, অভিনেতা তাৰাপ্ৰসন্ন মেধিৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ নলবাৰী জিলাৰ কৃতি শিক্ষক বঁটা প্ৰাপক জ্ঞানপীঠ হাইস্কুলৰ অৱসৰী সহকাৰী প্ৰধান শিক্ষক, পূব নলবাৰী  জেষ্ঠ নাগৰিক সন্মিলনীৰ সভাপতি, অসম সাহিত্য সভাৰ আজীৱন সভ্য, সুদক্ষ খেলুৱৈ অভিনেতা পূব নলবাৰী সাহপুৰ গাওঁ নিবাসী তাৰা প্ৰসন্ন মেধিয়ে আজি ৰাতিপুৱা প্ৰায় ১০ বজাত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৭৯ বছৰ। তাৰা প্ৰসন্ন মেধিয়ে কেইবাখনো নাটক, কাব্য গ্ৰন্থৰ উপৰিও বিবিধ সাহিত্য সম্ভাৰ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভড়াঁল চহকী কৰিবলৈ সক্ষম হৈছিল। বিগত কেইবামাহ ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল যদিও আজি নিজৰ ঘৰতে বিশিষ্ট সমাজকৰ্মী গৰাকীৰ মৃত্যু হয়। উল্লেখ্য যে- খাতা মৌজাৰ অন্তৰ্গত সাহপুৰ গাওঁত ১৯৪৬ চনৰ ১২ নৱেম্বৰত কৃতি শিক্ষক, খেলুৱৈ, অভিনেতা তাৰা প্ৰসন্ন মেধিৰ জন্ম হৈছিল। ১৯৫৮ চনত সাহপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা শেষ কৰি ১৯৬৫ চনত নলবাৰীৰ দেৱীৰাম পাঠশালাৰ হাইস্কুলৰ পৰা মেট্ৰিক পাছ, ১৯৬৬ চনত কটন কলেজৰ পৰা প্ৰাক বিশ্ববিদ্যালয়ৰ উৰ্ত্তীণ হৈ আৰ্থিক অৱস্থাৰ বাবে ১৯৭৪ চনত নাগ্ৰিজুলি বগৰিখুটী মিলন এম ই স্কুলত প্ৰধান শিক্ষক হিচাপে যোগদান কৰে। ১৯৮৩ চনত নলবাৰীৰ জ্ঞানপীঠ এম ই স্কুলত প্ৰধান শিক্ষক হিচাপে দক্ষতাৰে শিক্ষকতা কৰি ২০০৭ চনৰ ২৮ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰে। তাৰ মাজতে ১৯৮৫ চনত শিক্ষক হৈ থাকিও প্ৰাইভেট কৰি স্নাতক ডিগ্ৰী লাভ কৰে। তাৰা প্ৰসন্ন মেধি আছিল একেধাৰে এগৰাকী সুদক্ষ ফুটবল, ভলীৱল খেলুৱৈ আৰু এজন দক্ষ অভিনেতা। মেধিয়ে কবিতা, প্ৰৱন্ধ, একাংকিকা নাটক কেইবাখনো ৰচনা কৰি থৈ যায়। বিভিন্ন স্মৃতিগ্ৰন্থত প্ৰৱন্ধ লিখি তেওঁ অসমীয়া সাহিত্যৰ ভড়াঁল চহকী কৰিবলৈ সক্ষম হয়। আনহাতে ২০২২ চনৰ ২০ ডিচেম্বৰত ক্ৰীড়া সংগঠক দীপক কুমাৰ দাসক সভাপতি, মুখ্য সম্পাদক সুভাষ বৰ্মন, সম্পাদক কবি প্ৰণৱ কুমাৰ বৰ্মন আৰু সহঃ সম্পাদক ত্ৰিদীপ ৰঞ্জন মেধিৰ সম্পাদনাত প্ৰকাশিত হয় তাৰা প্ৰসন্ন মেধি অভিনন্দন গ্ৰন্থ “মাটিৰ তৰা”। সদ্য প্ৰয়াত মেধিৰ মৃত্যু খৱৰ লাভ কৰি পূব নলবাৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁক শেষ শ্ৰদ্ধা নিবেদন কৰিবলৈ মেধিৰ গৃহত উপস্থিত হয়। বসন্ত নাৰায়ণ কোঁৱৰে আঁতধৰা তথা সদ্য প্ৰয়াত তাৰা প্ৰসন্ন মেধিৰ মৃতদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সাহপুৰ মেধি চুবুৰীৰ নামঘৰ সমিতি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহপুৰ প্ৰাথমিক শাখাৰ পানী নাৰায়ণ কোঁৱৰ আৰু ভবেন্দ্ৰ নাথ মেধি,পূব নলবাৰী মিলন আঞ্চলিক সমিতিৰ সভাপতি মহেশ্বৰ বৰ্মন, পূব নলবাৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি ৰমেশ মেধি আৰু সম্পাদক নগেন দাস, পূব নলবাৰী জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সম্পাদক কুমুদ তালুকদাৰ, নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ উপ সভাপতি  দক্ষৰাম বৰ্মন আৰু সদস্য ক্ষিতীন দাস, বড়িগোগ বনভাগ জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সহঃ সম্পাদক উমেশ বৈশ্য, মহাপুৰুষীয়া সত্ৰ সমাজৰ হৈ মনহৰি ৰাজবংশী, নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি বীৰেন কলিতা, অৰুণোদয় শাখা সাহিত্য সভা, পূৱ নলবাৰী কোচিং চেন্টাৰৰ দীপক কুমাৰ দাস, বিশিষ্ট ক্ৰীড়া সংগঠক ৰাতুল গোস্বামী, ৰমেন দত্ত, জ্ঞানপীঠ হাইস্কুল শিক্ষক কৰ্মচাৰী, দিব্যজ্যোতি এম ই স্কুল আদি। বিশিষ্ট সমাজকৰ্মী তাৰা প্ৰসন্ন মেধিয়ে মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে নলবাৰী সমষ্টিৰ বিধায়ক‌‌‌ তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলা ক্ৰীড়া সংস্থাৰ সম্পাদক বুবুল তালুকদাৰ, বিশিষ্ট ব্যাৱসায়ী নৃপেন্দ্ৰ দাসকে ধৰি পূব নলবাৰী অঞ্চলৰ সচেতন ৰাইজে। মৃত্যুৰ সময়ত মেধিয়ে পত্নী বীণা দাস মেধি,একমাত্ৰ পুত্ৰ গৌতম মেধি,বোৱাৰী, তিনি গৰাকী জীয়ৰী- জোঁৱাই,নাতি-নাতিনী, ভতিজা কথা শিল্পী ত্ৰিদীপ ৰঞ্জন মেধিকে ধৰি অনেক গুণমুগ্ধক এৰি থৈ যায়।
প্ৰেৰক বীৰেন কলিতা
You might also like