নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ফিছফেডত মীন সমবায় সমিতিৰ সমূহীয়া সেৱা কেন্দ্ৰ উদ্বোধন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ অক্টোবৰঃ আজি ৰূপনগৰস্থিত ফিছফেডৰ সদৰ কাৰ্যালয় প্ৰাঙ্গণত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ সৌজন্যত লোকনিৰ্মাণ বিভাগে ফিছফেডৰ বাবে নিৰ্মাণ কৰি উলিওৱা সমবায় সমিতিসমূহৰ সমূহীয়া সেৱা কেন্দ্ৰটি মীনমন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। ফিছফেডৰ পৰিচালন সঞ্চালক ড০ ধ্ৰুৱজ্যোতি শৰ্মাই সামগ্ৰিক আঁত ধৰা অনুষ্ঠানটিৰ প্ৰাৰম্ভত মন্ত্ৰীগৰাকীয়ে ফলক উন্মোচন আৰু দ্বাৰ উদঘাটন কৰি ৰূপনগৰস্থিত ফিছফেডৰ মীনপামত মীন বিভাগৰ আমৰাঙ্গাৰ আঞ্চলিক মীন প্ৰশিক্ষন প্ৰতিষ্ঠানত উৎপাদিত থলুৱা মাগুৰ মাছৰ পোনা মেলে। স্মতৰ্ব্য যে মহকুমা মীন বিষয়া ৰবেন দাসৰ নেতৃত্বত এই প্ৰতিষ্ঠানখনত দেশৰ ভিতৰতে প্ৰথমবাৰলৈ মতা মাছটো আপোচ নকৰাকৈ মাগুৰ মাছৰ পোনা উৎপাদন কৰি থকা হৈছে। উদ্বোধনী সমাৰোহত মন্ত্ৰীগৰাকীয়ে ফিছফেডৰ উন্নয়নৰ যাত্ৰাক প্ৰশংসা কৰে আৰু ফিছফেডে সন্মুখীন হৈ থকা বিভিন্ন সমস্যা অনাগত দিনত সমাধান কৰাৰ নিমিত্তে বিভিন্ন দিহা-পৰামৰ্শ আৰু নিদান-প্ৰদান কৰে। তেওঁ ফিছফেডৰ জৰিয়তে মীন সমবায় সমিতিসমূহৰ উন্নয়নৰো পোষকতা কৰি চিন্তাকৰ্ষক বক্তব্য আগবঢ়ায়। সমবায় সমিতিসমূহে প্ৰস্তুত কৰা বিভিন্ন মান সংযোজিত আৰু ৰুচিব্যঞ্জক খাদ্যসম্ভাৰো তেওঁ পৰ্য্যবেক্ষণ কৰি এই নতুন সম্ভাৱনীয়তাক ন ৰূপত আগবঢ়াই কৰ্মসংস্থাপন সূচনা কৰিব সংশ্লিষ্ট সকলোকে আহব্বান জনায়। অনুষ্ঠানত ফিছফেডৰ পৰিচালন সঞ্চালক ড০ ধ্ৰুৱজ্যোতি শৰ্মাই ফিছফেডৰ কৰ্ত্তৃত্ব মীন বিভাগে গ্ৰহন কৰাৰ পৰা আজিকোপতি আহ্লাদিত উন্নয়নলানি অৱগত কৰি মন্ত্ৰীগৰাকীৰ মাৰ্গদৰ্শনত ফিছফেডে নতুন দিনৰ সূচনা কৰিব সক্ষম হব বুলি আশা প্ৰকাশ কৰে। মীন বিভাগৰ সচিব তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কাব্যশ্ৰী মহন্ত আৰু মীন সঞ্চালক তথা অসম অসামৰিক সেৱাৰ বিষয়া গৌৰীশংকৰ দাসে ফিছফেডৰ উন্নয়নাৰ্থে বিভিন্ন কৰ্মসূচী অৱগত কৰি সকলোকে মাৰ বান্ধি লক্ষ্য প্ৰাপ্তিৰ পথত আগবাঢ়ি যাব উদগনিমূলক বক্তব্য ডাঙি ধৰে। ফিছফেডৰ অধ্যক্ষ সুশীলা হাজৰিকাই ফিছফেডৰ বিভিন্ন কৰ্মলানি আৰু সমস্যালানি অৱগত কৰি মন্ত্ৰীগৰাকীৰ উদ্যোগত এই প্ৰতিবন্ধকতাখিনি প্ৰত্যাহ্বান হিচাবে গ্ৰহন কৰি সম্ভাৱনীয়তালৈ ৰূপান্তৰ কৰিব সফলকাম হব বুলি আশা প্ৰকাশ কৰে। সমাৰোহত সঞ্চালক মণ্ডলীৰ সদস্য গণেশ দাস আৰু অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্যয়ো মীন উৎপাদন বৃদ্ধিৰ প্ৰসঙ্গত বিভিন্ন দিশ অৱতাৰণা কৰে আৰু ফিছফেডৰ যাত্ৰাপথৰ পথিক হিচাবে অভিজ্ঞতা বাখ্যা কৰে। অনুষ্ঠানত ৰহাস্থিত মীন মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড০ প্ৰদীপ ভূঞা, অধ্যাপক ড০ কমলেশ্বৰ কলিতা, ফিছফেডৰ উপাধ্যক্ষ দিল্লু শৰ্মা, জাৰ্মান আৰ্ন্তজাতিক সহযোগিতৰ উত্তৰ-পূব শাখাৰ মুৰব্বী ডঃ জেহিৰল ইছলাম, ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদৰ উত্তৰ-পূব শাখাৰ মুৰব্বী ড০ অসীম বৰা, অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিৰ মীন সমন্বয়ক ড০ সঞ্জয় শৰ্মা আৰু মীন বিভাগ তথা ফিছফেডৰ উদ্ধতন বিষয়াবৰ্গ, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমবায় সমিতিসমূহৰ সদস্য, প্ৰগতিশীল মীনপালক আৰু ভালেসংখ্যক শিক্ষিত নিৱনুৱা যুৱক-যুৱতীয়ে অংশগ্ৰহন কৰে। পৰৱৰ্ত্তী সময়ত অনুষ্ঠিত কাৰিকৰী অধিৱেশনত উপ মীন সঞ্চালক ড০ প্ৰতুল বৰ্মনৰ সঞ্চালনাত আধুনিক প্ৰযুক্তিৰ আলমত মীন উৎপাদন বৃদ্ধি শীৰ্ষক কৰ্মশালাত ড০ প্ৰতুল বৰ্মণ, সহকাৰী মীন তথ্য বিষয়া ৰাতুল শৰ্মা, আঞ্চলিক মীন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ মহকুমা মীন উন্নয়ন বিষয়া ৰবেন দাস, জাৰ্মান আন্তৰ্জাতিক সহযোগিতা প্ৰতিষ্ঠানৰ আঞ্চলিক মূৰব্বী জেহিৰুল ইছলাম, ফিছফেডৰ মীন উন্নয়ন বিষয়া অৰুপজ্যোতি পাটগিৰি আদিয়ে সমল ব্যক্তি হিচাবে অংশগ্ৰহন কৰে। কৰ্মশালাত অংশগ্ৰহনকাৰী মীন সমবায় সমিতিসমূহৰ সদস্য, প্ৰগতিশীল মীন পালক, মীন পালনৰ প্ৰতি ইচ্ছুক ব্যক্তি আদিয়ে বিভিন্ন খুদুৱণি সমল ব্যক্তিসকলৰ পৰা আদায় কৰি উপকৃত হয়। মীন সমবায় সমিতিৰ সমূহৰ দক্ষতা আৰু সক্ষমতা বৃদ্ধিৰ বাবে নিৰ্মাণ কৰি এই সেৱা কেন্দ্ৰটিয়ে ৰাজ্যৰ মীনখণ্ডত এক নব্য সংযোজনৰে মীন উৎপাদন বৃদ্ধিত অৰিহণা যোগাব সক্ষম হব সংশ্লিষ্ট মহলে আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে ৰূপনগৰস্থিত ফিছফেডৰ অত্যাধুনিক শীত-তাপ নিয়ন্ত্ৰিত মৎস্য বিপণন কেন্দ্ৰটিওঁ পৰিদৰ্শণ কৰি সন্তোষ প্ৰকাশ কৰে।

You might also like