নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্ঘটনাত পতিত কেৰেলাৰ মুখ্যমন্ত্ৰী পিনৰাই বিজয়নৰ কনভয়

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ অক্টোবৰঃ কালি সন্ধিয়া তিৰুৱনন্তপুৰমত এজন দুচকীয়া বাহন চালকক বচাবলৈ পাইলট গাড়ীখন হঠাতে ৰৈ যোৱাৰ ফলত কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ কনভয়ৰ অংশ হিচাপে থকা কেইবাখনো বাহনৰ মাজত সংঘৰ্ষ হয়। মুখ্যমন্ত্ৰীগৰাকীৰ বাহনখনৰ সামান্য ক্ষতি হৈছিল যদিও দুৰ্ঘটনাত তেওঁ আহত হোৱা নাই। দুৰ্ঘটনাৰ ফুটেজত মহিলা চালকগৰাকীয়ে সোঁফালে যোৱা দেখা গৈছে যাৰ ফলত তেওঁৰ পিছফালে এখন বগা ৰঙৰ এছ ইউ ভি ৰৈ যায়। ইয়াৰ পিছতে এছ ইউ ভিখনৰ পিছফালে থকা এম্বুলেন্সকে ধৰি ছখন এস্কৰ্ট বাহনে ইখনে সিখনৰ লগত খুন্দা মাৰে। ঘটনাস্থলীৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত কোট্টায়ম ভ্ৰমণ কৰি ৰাজ্যখনৰ ৰাজধানীলৈ উভতি যোৱাৰ পথত থিৰুৱনন্তপুৰমৰ বামানপুৰমত মুখ্যমন্ত্ৰীৰ কনভয়ৰ এই দুৰ্ঘটনাটো সংঘটিত হয়। পৰিস্থিতিৰ বুজ ল’বলৈ আৰু মুখ্যমন্ত্ৰীৰ খবৰ ল’বলৈ নিৰাপত্তাৰক্ষীয়ে গাড়ীসমূহৰ পৰা নামি আহে। বহু চিকিৎসা কৰ্মীও এম্বুলেন্সৰ পৰা লৰালৰিকৈ ওলাই আহে। এগৰাকী বিষয়াই জনোৱা মতে, মহিলা দুচকীয়া বাহন চালকজনৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক জানিবলৈ তদন্ত আৰম্ভ কৰিছে।

You might also like