নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্ণৌৱে মুকলি কৰি দিলে লোকেশ ৰাহুলক

🔹 ধৰি ৰাখিব ৫ খেলুৱৈক : নেতৃত্ব দিব পুৰানক

নিউজ ডেস্ক, ২৯ অক্টোবৰ : যোৱা আইপিএলত আটাইতকৈ ডাঙৰ বিতর্ক সংঘটিত হৈছিল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছত৷ খেলপথাৰৰ ভিতৰতে দলৰ অধিনায়ক লোকেশ ৰাহুলক দলটোৰ মালিক সঞ্জীৱ গোৱেংকাই তিৰস্কাৰ কৰে৷ উক্ত দিনটোৰ পিছতে ৰাহুলে লক্ষ্ণৌত থাকিব নে নাথাকিব, তাক লৈ চলিছিল নানা জল্পনা–কল্পনা৷ আগন্তুক আইপিএলৰ নিলামৰ পূর্বে ৰিটেনচন লিষ্ট জমা দিয়াৰ দিনটো ওচৰ চাপি আহিছে৷ আগন্তুক ছিজনত লক্ষ্ণৌৱে ৰাহুলক এৰি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ জানিব পৰা মতে, লক্ষ্ণৌৱে মুঠ পাঁচজন ক্রিকেটাৰক ধৰি ৰাখিব বিচাৰিছে৷ ৰিটেনচন লিষ্টত থকা প্রথম নামটো হ’ল নিকোলাছ পুৰান৷ বিগত ছিজনত সহঃ অধিনায়ক আছিল পুৰান৷ গতিকে, লক্ষ্ণৌৱে পৰৱর্তী ছিজনত ৰাহুলৰ সলনি পুৰানক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে৷ পুৰানৰ বাহিৰেও লক্ষ্ণৌৱে মায়ংক যাদৱ আৰু লেগস্পিনাৰ ৰবি বিষোহকো ধৰি ৰাখিব৷ এই তিনিওজনেই কেপিং খেলুৱৈৰ তালিকাত থাকিব৷ ইয়াৰ উপৰি বিগত তিনিটা ছিজনত ভাল প্রদর্শন কৰা বলাৰ মহছিন খান আৰু বেটছমেন আয়ুস বদোনীক আনকেপ কৰি ৰাখিব পৰা যাব৷ ৰাহুলক ধৰি নাৰাখিলেও আৰটিএমৰ জৰিয়তে লক্ষ্ণৌৱে তেওঁক দললৈ ঘূৰাই অনাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে বৃহস্পতিবাৰে সকলো ফ্রেনচাইজীয়ে ৰিটেনচন লিষ্ট প্রকাশ কৰিব৷

You might also like