নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত ৬-৯ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪সংখ্যক অধিৱেশন

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ যোৰহাট নগৰৰ পশ্চিমে ১৩ কিলোমিটাৰ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ সমীপৰ এৰালতলি পথাৰৰ ১২০০ বিঘা ভূমিত মাত্ৰ তিনিটা মাহৰ পাছতে অনুষ্ঠিত হব এক উৎসব মুখৰ পৰিবেশ। ২০২৫ৰ ফেব্ৰুৱাৰী মাহৰ ৬ তাৰিখৰ পৰা ৯ তাৰিখলৈ চাৰিদিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্নয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ সঙ্ঘৰ ৯৪সংখ্যক বাৰ্ষিক অধিবেশন।এই উদ্দেশ্যৰে আজি যোৰহাট জিলা  শাখাৰ নামঘৰত এখন সংবাদ মেল আয়োজন কৰি আদৰণি সমিতিয়ে অধিবেশনৰ বিতং অৱগত কৰে। আদৰণি সমিতিৰ সভাপতি ড০ নবীন চন্দ্ৰ বৰা আৰু জিলা শাখাৰ সভাপতি খগেন ফুকনে  শংকৰ সঙ্ঘৰ অধিবেশন উদযাপন সন্দভত  বৃষ্টিত ভাবে অৱগত কৰি কয় যে  যোৰহাটত অনুষ্ঠিত হব লগা ফেব্ৰুৱাৰী মাহৰ এই অধিবেশন খন সাফল্য মন্দিত কৰি তুলিবলৈ যোৰহাট , গোলাঘাট , বোকাখাট, তিতাবৰ , মাজুলী ,ধনশিৰি, সকলো ভক্ত প্ৰাণ বৈষ্ণৱ সকল আৰু জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো দল সংগঠনে সহায় সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। কৃষক সকলে ধান কটাৰ পাছতে জিলা কেইখনৰ সকলো আই মাতৃ ভকত সকল আৰু যুৱক যুৱতী, দল সংগঠনৰ লোকসকলে এৰালতলি পথাৰখন জাকতজিলিকা কৰি সংস্কৃতিক নগৰী যোৰহাটৰ গৌৰৱ অক্ষুন্ন ৰখাৰ চেষ্টা চলাব বুলি অৱগত কৰে। এই ক্ষেত্ৰত  আদৰণি সমিতিৰ কাৰ্যকৰী সভানেত্ৰী অজন্তা নেওগ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী বিধায়কে সহায় সহযোগ আগবঢ়াব বুলি কয়। ইতিমধ্যে  মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জিলা প্ৰশাসনেও এক গুৰুতপূৰ্ণ দায়িত্ব প্ৰদান কৰিছে বুলি জানিবলৈ দিছে ।শ্ৰীমন্ত শংকৰদেৱৰ সঙ্ঘৰ অসমৰ লগতে দিল্লী, পুৰি আৰু নাগালেণ্ডত থকা মুঠ ৫৪খন শাখায়ো ৯৪সংখ্যক শংকৰ সঙ্ঘৰ অধিবেশন খন সাফল্য মন্দিত কৰি তোলাত উঠি পৰি লাগিছে। যোৰহাট জিলাৰ পৰা সঙ্ঘৰ ন হাজাৰ পৰিয়ালৰ পৰা ৩০০০ কৈ টকা সংগ্ৰহ কৰি তিনি কোটি  পঞ্চাশ লাখ টকাৰ অধিবেশন খন উদযাপনৰ বাবে  এক বৃহৎ পুঁজিৰ অনুমোদন জনাইছে সংঘই। ১৫ হাজাৰ ভকত বৈষ্ণব একেলগে খাব পৰাকৈ ২০০ ৰান্ধনী চৌকা, ২০০টা প্ৰতিনিধি শিবিৰ, আৰু ৮০০ বিভিন্ন বিপনীৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে ২৫০টা গ্ৰন্থ বিপনিৰ বাবে বিভিন্ন ঠাইৰ পৰা বুক কৰা হৈছে খালি থকা ৫৫০ ত বিপনী কোনো লোকে লব বিছাৰিলে যোগাযোগ কৰাৰ বাবেও অনুৰোধ জনাইছে আদৰণি সমিতিয়ে। অধিৱেশন খন উদযাপনৰ বাবে ৩২খন বিভিন্ন উপসমিতি গঠন কৰি ৫০০০ সেৱা বাহিনী নিয়োগ কৰা হৈছে। ১৯৯৮ চনৰ টিয়ক অঞ্চলৰ চটাইত শঙ্কৰদেৱ সঙ্ঘৰ অধিবেশন অনুষ্ঠিত হোৱাৰ পাছত পুনৰ ২৭ বছৰ পাছত যোৰহাটত অনুষ্ঠিত হব লগা শংকৰ সঙ্ঘৰ ৯৪ সংখ্যক অধিবেশন খন সফল ভাবে ৰূপায়ন কৰি যোৰহাট জিলাৰ ঐতিহ্য আৰু গৌৰৱ অক্ষুন্ন ৰখাৰ অহোপুৰুষাথ চেষ্টা চলাইছে জিলা সমিতি আৰু আদৰণি সমিতিয়ে। অহা ১৭ নবেম্বৰত অধিবেশনৰ লাই খুটা স্থাপন কৰিব শ্ৰীমন্ত শংকৰদেৱৰ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই। এই উপলক্ষে পূৱা ৬ বজাত জিলা সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণ, ৭ বজাত এৰালতলি পথাৰৰ নামঘৰত নাম প্ৰসংগ, ১০ বজাত লাই খুটা স্থাপন, ১১ বজাৰ পৰা এখন মুকলি সভা অনুষ্ঠিত হব। পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভা উদ্ধোধন কৰিব সঙ্ঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই,। সভাত  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে, আৰু ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন পদাধিকাৰ কমলা কান্ত গগৈ, আৰু ৰজনী কান্ত দত্ত  সন্মানীয় অতিথি হিচাপে লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত থাকিব বুলি আজিৰ সংবাদ মেলত জানিবলৈ দিছে। কেইবাগৰাকী বিধায়ক, বিধায়িকা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বুলি অৱগত কৰিছে। লাই খুটা অনুষ্ঠানত যোৰহাটৰ লগতে বিভিন্ন ঠাইৰ ১৫ হাজাৰ ভকত বৈষ্ণৱ সমবেত হব বুলি আজি সংবাদ মেলত আদৰণি সমিতিৰ সভাপতি যে জানিবলৈ দিছে।  সংবাদ মেল খনত আদৰণি সমিতিৰ সভাপতি লগতে জিলা শাখাৰ সভাপতি খগেন ফুকন, সম্পাদক বিশ্ব জ্যোতি গগৈ, আদৰণি সমিতিৰ সম্পাদক ধীৰেন চন্দ্ৰ ডেকা , উপ সভাপতি প্ৰবীণ বৰা।  সহকাৰী সম্পাদক মুকুল গগৈ, বিত্ত বিভাগৰ সম্পাদক যতীন চন্দ্ৰ দৰৱধৰা, সহকাৰী সম্পাদক তৰুণ বৰা, গ্ৰন্থ বিপনীৰ সভাপতি মন্দিপ বৰুৱা, সম্পাদক নবজ্যতি বৰা ,খাদ্য উপসমিতিৰ সভাপতি ৰাজেশ্বৰ শইকীয়া, নক্সা, পৰিকল্পনা সম্পাদক ৰমেশ বৰদলৈ, সহকাৰী সম্পাদক বিপিন বৰা, সেৱা বাহিনীৰ উপ অধিনায়ক শংকৰ জ্যোতি বৰা, সম্পাদক, নিৰঞ্জন বৰা, হিচাপ ৰক্ষক বেণুধৰ বৰা আৰু জিলা শাখাৰ উপদেষ্টা ৰূপেশ্বৰ নেওগ উপস্থিত থাকি লাইখুটা স্থাপন অনুষ্ঠানত সকলো ৰাইজক উপস্থিত থাকিবলৈ আহ্বান জনায়।
প্ৰেৰক সঞ্জীৱ হাজৰিকা
You might also like